--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত যোৱা নিশা  ৫৩ সংখ্যক জি এছ টি পৰিষদৰ বৈঠক অনুষ্ঠিত হয়।  বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইমৰ্মে প্ৰতিটো ছ’লাৰ কুকাৰত ১২ শতাংশ জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। একেদৰে ভুৱা চালান ৰোধ কৰিবলৈ বায়’মেট্ৰিক প্ৰমাণীকৰণ পৰ্যায়ক্ৰমে দেশজুৰি কাৰ্যকৰী কৰা হ’ব বুলি সীতাৰমণে প্ৰকাশ কৰে। জি এছ টি পঞ্জীয়নৰ বাবে পৰিষদে সমগ্ৰ দেশতে সকলো নতুন পঞ্জীয়নৰ বাবে আধাৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ বাধ্যতামূলক কৰাৰ পৰামৰ্শ দিয়ে।

জি এছ টি পৰিষদৰ বৈঠকৰ পাছত বিত্তমন্ত্রীয়ে কৰা মূল ঘোষণাসমূহ এনেধৰণৰ-'সৰ্বভাৰতীয় ভিত্তিত বায়'মেট্ৰিক ভিত্তিক আধাৰ প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। ইয়াৰ দ্বাৰা  ভুৱা চালানৰ জৰিয়তে কৰা প্ৰৱঞ্চনাৰ বিৰুদ্ধে  ই যুঁজ দিয়াত সহায়ক হ'ব।'


আজিৰ বৈঠকত পৰিষদে সকলো গাখীৰৰ কেনত ১২ শতাংশ একে হাৰ নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। সকলো কাৰ্টন বাকচ আৰু কেছত ১২ শতাংশ একেধৰণৰ জিএছটি হাৰ নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে।  ইয়াৰ দ্বাৰা হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ আপেল খেতিয়কসকলক বিশেষভাৱে উপকৃত  হ’ব।

ভাৰতীয় ৰে'লৱেই সাধাৰণ মানুহক প্ৰদান কৰা সেৱা, প্লেটফৰ্মৰ টিকট বিক্ৰী, জিৰণি কোঠা আৰু অপেক্ষা কক্ষৰ সুবিধা, বেটাৰী চালিত গাড়ী সেৱাক জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে। সিসকল  ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে  তেওঁলোকৰ  শিক্ষানুষ্ঠানৰ বাহিৰত থকা ছাত্ৰাবাস বা ছাত্ৰী নিবাসত আছিল  তেওঁলোক জিএছটি  ৰেহাই দিয়া হোৱা নাছিল। এতিয়া শিক্ষানুষ্ঠানৰ লগতে বা বাহিৰত থকা ছাত্ৰাবাস বা ছাত্ৰী নিবাসতো জিএছটি ৰেহাই দিয়া হ’ব।   

ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোকসকলক   প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে ২০ হাজাৰ টকা পৰ্যন্ত সেৱাৰ যোগানৰ ক্ষেত্ৰত জিএছটি ৰেহাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে ।  কিন্তু এইক্ষেত্ৰত চৰ্ত হ'ল যিবোৰ সেৱা প্ৰদান কৰা হয় এই সেৱাসমূহ নূন্যতম অবিৰত ভাবে  ৯০ দিনলৈ যোগান ধৰা হ’ব লাগিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ