--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত যোৱা নিশা  ৫৩ সংখ্যক জি এছ টি পৰিষদৰ বৈঠক অনুষ্ঠিত হয়।  বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইমৰ্মে প্ৰতিটো ছ’লাৰ কুকাৰত ১২ শতাংশ জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। একেদৰে ভুৱা চালান ৰোধ কৰিবলৈ বায়’মেট্ৰিক প্ৰমাণীকৰণ পৰ্যায়ক্ৰমে দেশজুৰি কাৰ্যকৰী কৰা হ’ব বুলি সীতাৰমণে প্ৰকাশ কৰে। জি এছ টি পঞ্জীয়নৰ বাবে পৰিষদে সমগ্ৰ দেশতে সকলো নতুন পঞ্জীয়নৰ বাবে আধাৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ বাধ্যতামূলক কৰাৰ পৰামৰ্শ দিয়ে।

জি এছ টি পৰিষদৰ বৈঠকৰ পাছত বিত্তমন্ত্রীয়ে কৰা মূল ঘোষণাসমূহ এনেধৰণৰ-'সৰ্বভাৰতীয় ভিত্তিত বায়'মেট্ৰিক ভিত্তিক আধাৰ প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। ইয়াৰ দ্বাৰা  ভুৱা চালানৰ জৰিয়তে কৰা প্ৰৱঞ্চনাৰ বিৰুদ্ধে  ই যুঁজ দিয়াত সহায়ক হ'ব।'


আজিৰ বৈঠকত পৰিষদে সকলো গাখীৰৰ কেনত ১২ শতাংশ একে হাৰ নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। সকলো কাৰ্টন বাকচ আৰু কেছত ১২ শতাংশ একেধৰণৰ জিএছটি হাৰ নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে।  ইয়াৰ দ্বাৰা হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ আপেল খেতিয়কসকলক বিশেষভাৱে উপকৃত  হ’ব।

ভাৰতীয় ৰে'লৱেই সাধাৰণ মানুহক প্ৰদান কৰা সেৱা, প্লেটফৰ্মৰ টিকট বিক্ৰী, জিৰণি কোঠা আৰু অপেক্ষা কক্ষৰ সুবিধা, বেটাৰী চালিত গাড়ী সেৱাক জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে। সিসকল  ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে  তেওঁলোকৰ  শিক্ষানুষ্ঠানৰ বাহিৰত থকা ছাত্ৰাবাস বা ছাত্ৰী নিবাসত আছিল  তেওঁলোক জিএছটি  ৰেহাই দিয়া হোৱা নাছিল। এতিয়া শিক্ষানুষ্ঠানৰ লগতে বা বাহিৰত থকা ছাত্ৰাবাস বা ছাত্ৰী নিবাসতো জিএছটি ৰেহাই দিয়া হ’ব।   

ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোকসকলক   প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে ২০ হাজাৰ টকা পৰ্যন্ত সেৱাৰ যোগানৰ ক্ষেত্ৰত জিএছটি ৰেহাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে ।  কিন্তু এইক্ষেত্ৰত চৰ্ত হ'ল যিবোৰ সেৱা প্ৰদান কৰা হয় এই সেৱাসমূহ নূন্যতম অবিৰত ভাবে  ৯০ দিনলৈ যোগান ধৰা হ’ব লাগিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন