--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা কোতৱালি থানাৰ পৰা পোহৰলৈ আহিছে এক অদ্ভুত ঘটনা। থানাৰ ষ্ট’ৰৰুমত ৰখা জব্দ কৰি থোৱা ৬০টা সুৰাৰ বটল খালী কৰে নিগনিয়ে। চিন্তিত আৰক্ষীয়ে মালখানাত নিগনিৰ ধৰিবলৈ পিঞ্জৰা স্থাপন কৰিছে। কিছুমান নিগনিও ধৰা পৰিছে। এতিয়া এই বিষয়টোক লৈ চৰ্চা চলি আছে। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।

কোতৱালি থানাৰ উমেশ গোলহানীয়ে কয় যে জব্দ কৰা মদৰ বটলসমূহ গুদামত জমা কৰা হয়। যেতিয়া কোনোবাই আদালতত হাজিৰ হ’বলগীয়া হয়, তেতিয়া জব্দ কৰা সুৰাখিনি আদালতত প্ৰমাণ হিচাপে দাখিল কৰিব লগা হয়।

কিন্তু, ষ্ট’ৰৰুমত গৈ দেখা পাই যে সুৰাৰ বটলবোৰ নিগনিয়ে খালী কৰিছিল। থানাৰ ষ্ট’ৰৰুমত ৰখা সুৰাৰ কাৰ্টনবোৰ নিগনিয়ে কাটি পেলাইছিল। তাত ৰখা ৬০-৬৫টা সৰু সৰু প্লাষ্টিকৰ সুৰাৰ বটল ফুটা কৰি দিছিল নিগনিয়ে। ইয়াৰ বাবে বটলত ৰখা সুৰা লিক হৈ কাৰ্টন খালী হৈ পৰে। এই ঘটনাক লৈ এতিয়া বিমোৰত পৰিছে আৰক্ষী।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু