--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জিম্বাবুৱেৰ বিৰুদ্ধে সহজ বিজয়েৰে টি২০ বিশ্বকাপৰ চেমিফাইনেললৈ প্ৰস্তুতি চলালে ভাৰতে। মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা গ্ৰুপ২ৰ মেচখনত ভাৰতে ৭১ ৰাণৰ বৃহৎ বিজয় সাব্যষ্ট কৰিছে।

ভাৰতৰ শক্তিশালী বলিং লাইন আপৰ সমুখত জিম্বাবুৱে ধৰাসায়ী হৈ পৰে। প্ৰথম ইনিংছত ভাৰতে বান্ধি দিয়া ১৮৭ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ জিম্বাবুৱেই ১৬টা বল বাকী থকা অৱস্থাত আটাইকেওটা হেৰুৱাই ১১৫ ৰাণহে কৰিবলৈ সক্ষম হয়।

জিম্বাবুৱেৰ হৈ চিকন্দৰ ৰাজা (৩৪) আৰু ৰিয়ান বাৰ্লছৰ (৩৫)ৰ বাদে আন কোনো বেটাৰে ভাৰতীয় বলিং লাইন আপৰ আগত তিষ্ঠি থাকিব নোৱাৰিলে। ভাৰতৰ হৈ আৰ অশ্বীনে তিনিটা, মহম্মদ ছামী আৰু হাৰ্দিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে ভাৰতে টছত জয়ী হৈ বেটিং কৰি ২০ অভাৰত ১৮৬ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ সবল স্থিতিৰ মূলতে আছিল ফৰ্মৰ তুংগত থকা সূৰ্যকুমাৰ যাদৱ আৰু কে এল ৰাহুলৰ অৰ্ধশতক।

সূৰ্যকুমাৰে মাত্ৰ ২৫ টা বলতে ৪টা ছয় আৰু ৬টা চাৰিৰে ৬১ ৰাণত অপৰাজীত হৈ থাকে। কে এল ৰাহুলে ৩৫ টা কৰে ৫১ ৰাণ। জিম্বাবুৱেৰ হৈ ছীন উইলিয়ামছে দুটা উইকেট দখল কৰে।

এই বিজয়ৰ দ্বাৰা ভাৰতে গ্ৰুপ২ৰ শিখৰত অৱস্থান কৰিছে। পৰৱৰ্তী মেচ তথা বিশ্বকাপৰ চেমি ফাইনেলত ভাৰতে ইংলেণ্ডৰে মুখামুখি হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক