--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জিম্বাবুৱেৰ বিৰুদ্ধে সহজ বিজয়েৰে টি২০ বিশ্বকাপৰ চেমিফাইনেললৈ প্ৰস্তুতি চলালে ভাৰতে। মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা গ্ৰুপ২ৰ মেচখনত ভাৰতে ৭১ ৰাণৰ বৃহৎ বিজয় সাব্যষ্ট কৰিছে।

ভাৰতৰ শক্তিশালী বলিং লাইন আপৰ সমুখত জিম্বাবুৱে ধৰাসায়ী হৈ পৰে। প্ৰথম ইনিংছত ভাৰতে বান্ধি দিয়া ১৮৭ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ জিম্বাবুৱেই ১৬টা বল বাকী থকা অৱস্থাত আটাইকেওটা হেৰুৱাই ১১৫ ৰাণহে কৰিবলৈ সক্ষম হয়।

জিম্বাবুৱেৰ হৈ চিকন্দৰ ৰাজা (৩৪) আৰু ৰিয়ান বাৰ্লছৰ (৩৫)ৰ বাদে আন কোনো বেটাৰে ভাৰতীয় বলিং লাইন আপৰ আগত তিষ্ঠি থাকিব নোৱাৰিলে। ভাৰতৰ হৈ আৰ অশ্বীনে তিনিটা, মহম্মদ ছামী আৰু হাৰ্দিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে ভাৰতে টছত জয়ী হৈ বেটিং কৰি ২০ অভাৰত ১৮৬ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ সবল স্থিতিৰ মূলতে আছিল ফৰ্মৰ তুংগত থকা সূৰ্যকুমাৰ যাদৱ আৰু কে এল ৰাহুলৰ অৰ্ধশতক।

সূৰ্যকুমাৰে মাত্ৰ ২৫ টা বলতে ৪টা ছয় আৰু ৬টা চাৰিৰে ৬১ ৰাণত অপৰাজীত হৈ থাকে। কে এল ৰাহুলে ৩৫ টা কৰে ৫১ ৰাণ। জিম্বাবুৱেৰ হৈ ছীন উইলিয়ামছে দুটা উইকেট দখল কৰে।

এই বিজয়ৰ দ্বাৰা ভাৰতে গ্ৰুপ২ৰ শিখৰত অৱস্থান কৰিছে। পৰৱৰ্তী মেচ তথা বিশ্বকাপৰ চেমি ফাইনেলত ভাৰতে ইংলেণ্ডৰে মুখামুখি হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু