--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যেন একোৱেই ৰোধ কৰিব নোৱাৰে সূৰ্যকুমাৰ যাদৱক! টি২০ বিশ্বকাপত দূৰ্দান্ত ফৰ্মত আছে টীম ইণ্ডিয়াৰ নতুন তাৰকাগৰাকী। আজি জিম্বাবুৱেৰ বিৰুদ্ধেও উজ্বলি উঠে সূৰ্যকুমাৰ। মাত্ৰ ২৫টা বলত ৬১ ৰাণৰ এটা মাৰমুখী ইনিংছ উপহাৰ দিয়ে বেটাৰগৰাকীয়ে।

মাৰমুখী ইনিংছটোৰে সূৰ্যকুমাৰে কেইবাটাও অভিলেখৰ গৰাকী হৈছে। ইনিংছটো খেলি থাকোতেই তেওঁ এটা বৰ্ষৰ ছিজনত আন্তৰ্জাতিক টি২০ ক্ৰিকেটত ১০০০ ৰাণ কৰিবলৈ সক্ষম হোৱা দ্বিতীয়জন বেটাৰ হিচাপে পৰিগণতি হয়। মুঠ ২৮ খন মেচ খেলি তেওঁ এই অভিলেখৰ গৰাকী হৈছে।

এইক্ষেত্ৰত সূৰ্যকুমাৰ পাকিস্তানৰ মহম্মদ ৰিঝৱানতকৈ আগত আছে। চলিত বৰ্ষত ৰিঝৱানে ২৩খন টি২০ মেচ খেলি ৯২৪ ৰাণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ২৩ বলত ৬১ কৰি দ্ৰুততম টি২০ অৰ্ধশতক কৰা চতুৰ্থজন ভাৰতীয় হিচাপে বিবেচিত হয় সূৰ্যকুমাৰ।

আনহাতে এটা বৰ্ষত ১০০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী বেটাৰ আছিল পাকিস্তানৰ মহ্ম্মদ ৰিঝৱান। টি২০ বিশ্বকাপত ব্যৰ্থ হ’লেও ইয়াৰ আগলৈকে দূৰ্দান্ত ফৰ্মত আছিল উইকেটকীপাৰ বেটাৰগৰাকী।

উল্লেখ্য যে চলিত বিশ্বকাপত সূৰ্যকুমাৰে বৰ্তমানলৈকে ৫খন মেচ খেলি ২২৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ৩টাকৈ অৰ্ধশতক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু