--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যেন একোৱেই ৰোধ কৰিব নোৱাৰে সূৰ্যকুমাৰ যাদৱক! টি২০ বিশ্বকাপত দূৰ্দান্ত ফৰ্মত আছে টীম ইণ্ডিয়াৰ নতুন তাৰকাগৰাকী। আজি জিম্বাবুৱেৰ বিৰুদ্ধেও উজ্বলি উঠে সূৰ্যকুমাৰ। মাত্ৰ ২৫টা বলত ৬১ ৰাণৰ এটা মাৰমুখী ইনিংছ উপহাৰ দিয়ে বেটাৰগৰাকীয়ে।

মাৰমুখী ইনিংছটোৰে সূৰ্যকুমাৰে কেইবাটাও অভিলেখৰ গৰাকী হৈছে। ইনিংছটো খেলি থাকোতেই তেওঁ এটা বৰ্ষৰ ছিজনত আন্তৰ্জাতিক টি২০ ক্ৰিকেটত ১০০০ ৰাণ কৰিবলৈ সক্ষম হোৱা দ্বিতীয়জন বেটাৰ হিচাপে পৰিগণতি হয়। মুঠ ২৮ খন মেচ খেলি তেওঁ এই অভিলেখৰ গৰাকী হৈছে।

এইক্ষেত্ৰত সূৰ্যকুমাৰ পাকিস্তানৰ মহম্মদ ৰিঝৱানতকৈ আগত আছে। চলিত বৰ্ষত ৰিঝৱানে ২৩খন টি২০ মেচ খেলি ৯২৪ ৰাণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ২৩ বলত ৬১ কৰি দ্ৰুততম টি২০ অৰ্ধশতক কৰা চতুৰ্থজন ভাৰতীয় হিচাপে বিবেচিত হয় সূৰ্যকুমাৰ।

আনহাতে এটা বৰ্ষত ১০০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী বেটাৰ আছিল পাকিস্তানৰ মহ্ম্মদ ৰিঝৱান। টি২০ বিশ্বকাপত ব্যৰ্থ হ’লেও ইয়াৰ আগলৈকে দূৰ্দান্ত ফৰ্মত আছিল উইকেটকীপাৰ বেটাৰগৰাকী।

উল্লেখ্য যে চলিত বিশ্বকাপত সূৰ্যকুমাৰে বৰ্তমানলৈকে ৫খন মেচ খেলি ২২৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ৩টাকৈ অৰ্ধশতক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক