--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ৰাষ্ট্ৰীয় দলৰ সৈতে থকা শ্ৰীলংকাৰ ক্ৰিকেটাৰ ডানুষ্কা গুণাথিলাকা যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

জানিব পৰা মতে, ৩১ বছৰীয়া গুণাথিলাকাক দেওবাৰে পুৱা ছিডনী চহৰৰ আৰক্ষী থানালৈ লৈ যোৱা হয়।

ইফালে ইংলেণ্ডৰ হাতত পৰাস্ত হৈ শ্ৰীলংকাৰ দলটোৱে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়।

বাওঁহাতৰ বেটছমেনগৰাকীয়ে চলি থকা টি-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ মেচত নামিবিয়াৰ বিৰুদ্ধে খেলিছিল।

পাছত দলটোৱে ছুপাৰ ১২ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰাৰ সময়তো আঘাতৰ বাবে তেওঁ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়। গ্ৰুপ ১ত চতুৰ্থ স্থান দখল কৰে শ্ৰীলংকাৰ দলটোৱে।

নিউ চাউথ ৱেলছ আৰক্ষীয়ে নিজৰ ৱেবছাইটত শ্ৰীলংকাৰ এজন নাম প্ৰকাশ নকৰা এজন নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে, ‘যোৱা সপ্তাহত ছিডনীৰ পূব অঞ্চলত এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগৰ তদন্তৰ পিছত চেক্স ক্ৰাইমছ স্কোয়াডৰ গোচৰীয়াই শ্ৰীলংকাৰ এজন নাগৰিকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

ৱেছবাইটৰ সবিশেষ অনুসৰি চলিত সপ্তাহৰ আৰম্ভণিতে ৰোজ বে’ৰ এটা বাসগৃহত এগৰাকী ২৯ বছৰীয়া মহিলাক যৌন নিৰ্যাতন চলোৱা হৈছিল।

প্রতিবেদন অনুসৰি গুণাথিলাকাই কিছুদিন অনলাইন ডেটিং এপৰ ​​জৰিয়তে এগৰাকী মহিলাৰ সৈতে কথা পাতি আছিল৷ কিন্তু তেওঁ ২ নৱেম্বৰৰ সন্ধিয়া মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

দেওবাৰে পুৱা ছিডনীৰ ছাচেক্স ষ্ট্ৰীটৰ এখন হোটেলত ক্ৰিকেটাৰগৰাকীক গ্ৰেপ্তাৰ কৰি ছিডনী চহৰৰ আৰক্ষী থানালৈ লৈ যোৱা হয় আৰু চাৰিটা গোচৰৰ অভিযোগ উত্থাপন হয়। ইতিমধ্যে তেওঁক জামিনৰ পৰা বঞ্চিত কৰা হয় ।

এই সন্দৰ্ভত এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই শ্ৰীলংকা ক্ৰিকেটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু