--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ৰাষ্ট্ৰীয় দলৰ সৈতে থকা শ্ৰীলংকাৰ ক্ৰিকেটাৰ ডানুষ্কা গুণাথিলাকা যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

জানিব পৰা মতে, ৩১ বছৰীয়া গুণাথিলাকাক দেওবাৰে পুৱা ছিডনী চহৰৰ আৰক্ষী থানালৈ লৈ যোৱা হয়।

ইফালে ইংলেণ্ডৰ হাতত পৰাস্ত হৈ শ্ৰীলংকাৰ দলটোৱে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়।

বাওঁহাতৰ বেটছমেনগৰাকীয়ে চলি থকা টি-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ মেচত নামিবিয়াৰ বিৰুদ্ধে খেলিছিল।

পাছত দলটোৱে ছুপাৰ ১২ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰাৰ সময়তো আঘাতৰ বাবে তেওঁ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়। গ্ৰুপ ১ত চতুৰ্থ স্থান দখল কৰে শ্ৰীলংকাৰ দলটোৱে।

নিউ চাউথ ৱেলছ আৰক্ষীয়ে নিজৰ ৱেবছাইটত শ্ৰীলংকাৰ এজন নাম প্ৰকাশ নকৰা এজন নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ কথাও উল্লেখ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে, ‘যোৱা সপ্তাহত ছিডনীৰ পূব অঞ্চলত এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগৰ তদন্তৰ পিছত চেক্স ক্ৰাইমছ স্কোয়াডৰ গোচৰীয়াই শ্ৰীলংকাৰ এজন নাগৰিকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

ৱেছবাইটৰ সবিশেষ অনুসৰি চলিত সপ্তাহৰ আৰম্ভণিতে ৰোজ বে’ৰ এটা বাসগৃহত এগৰাকী ২৯ বছৰীয়া মহিলাক যৌন নিৰ্যাতন চলোৱা হৈছিল।

প্রতিবেদন অনুসৰি গুণাথিলাকাই কিছুদিন অনলাইন ডেটিং এপৰ ​​জৰিয়তে এগৰাকী মহিলাৰ সৈতে কথা পাতি আছিল৷ কিন্তু তেওঁ ২ নৱেম্বৰৰ সন্ধিয়া মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

দেওবাৰে পুৱা ছিডনীৰ ছাচেক্স ষ্ট্ৰীটৰ এখন হোটেলত ক্ৰিকেটাৰগৰাকীক গ্ৰেপ্তাৰ কৰি ছিডনী চহৰৰ আৰক্ষী থানালৈ লৈ যোৱা হয় আৰু চাৰিটা গোচৰৰ অভিযোগ উত্থাপন হয়। ইতিমধ্যে তেওঁক জামিনৰ পৰা বঞ্চিত কৰা হয় ।

এই সন্দৰ্ভত এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই শ্ৰীলংকা ক্ৰিকেটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক