--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিম কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যু হয়। ঘটনাটো সংঘটিত হৈছে বেংগালুৰুত। শনিবাৰে ৰাতিপুৱা জিমলৈ যাওঁতে এগৰাকী ৩৫ বছৰীয়া মহিলাগৰাকী হঠাতে অসুস্থ হৈ পৰে। বিনায়া বিট্টাল নামৰ মহিলাগৰাকীক জিমত থকা আন লোকসকলে এখন এম্বুলেন্স মাতি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও বাটতে তেওঁৰ মৃত্যু হয়। বিনায়াই পুৱা প্ৰায় ৮ বজাত বেংগালুৰুৰ এটা জিমত ব্যায়াম কৰি আছিল। চিচিটিভি ফুটেজত দেখা পোৱা গৈছে যে বিনায়া হঠাতে অসুস্থ হৈ পৰিছিল। জিমত থকা লোকসকলে তেওঁক প্ৰাথমিক চিকিৎসাও প্ৰদান কৰিছিল। বহুজাতিক তথ্য প্ৰযুক্তি কোম্পানীৰ কৰ্মচাৰী বিনায়া এটা ভাড়াৰ ফ্লেটত অকলে বাস কৰিছিল। শুক্ৰবাৰে তেওঁ সম্পূৰ্ণ স্বাস্থ্যকৰ অৱস্থাত কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি আহিছিল। শনিবাৰে, তেওঁ জিমলৈ যাওঁতে, তেওঁৰ কোনো অস্বাভাৱিকতাও লক্ষ্য কৰা নাছিল। অত্যাধিক ব্যায়ামৰ ফলত হৃদযন্ত্ৰৰ আক্ৰমণ হৈছিল নেকি? চিকিৎসা বিজ্ঞানৰ মতে, যদি অনিয়মীয়া জীৱনশৈলী হয়, ওজন অধিক হয় বা হৃদৰোগৰ পাৰিবাৰিক ইতিহাস থাকে তেনেহ'লে এনে হ'ব পাৰে। মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছিল যে কাৰ্ডিওমায়োপেথি (হৃদযন্ত্ৰৰ বেৰ ডাঠ হোৱা) তেওঁৰ মৃত্যুৰ কাৰণ আছিল, যিটো আগতে তেওঁ কেতিয়াও জনা নাছিল। সেয়েহে চিকিৎসকে বুকুৰ বাওঁফালে বিষ, হঠাতে দুৰ্বলতা, ডিঙি, মুৰ, পিঠিৰ বিষ, উশাহ চুটি হোৱাৰ দৰে ঘটনাৰ ক্ষেত্ৰত, লগে লগে চিকিৎসকৰ পৰামৰ্শ লবলৈ কৈছে। চিকিৎসকে এইটোও সন্দেহ প্ৰকাশ কৰিছে কৰে যে ওজন বঢ়াবৰ বাবে 'ফিটনেছ ৰেজিমেন' অনুসৰণ নকৰিলেও এনে হোৱাটো অস্বাভাৱিক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়