--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিম কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যু হয়। ঘটনাটো সংঘটিত হৈছে বেংগালুৰুত। শনিবাৰে ৰাতিপুৱা জিমলৈ যাওঁতে এগৰাকী ৩৫ বছৰীয়া মহিলাগৰাকী হঠাতে অসুস্থ হৈ পৰে। বিনায়া বিট্টাল নামৰ মহিলাগৰাকীক জিমত থকা আন লোকসকলে এখন এম্বুলেন্স মাতি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও বাটতে তেওঁৰ মৃত্যু হয়। বিনায়াই পুৱা প্ৰায় ৮ বজাত বেংগালুৰুৰ এটা জিমত ব্যায়াম কৰি আছিল। চিচিটিভি ফুটেজত দেখা পোৱা গৈছে যে বিনায়া হঠাতে অসুস্থ হৈ পৰিছিল। জিমত থকা লোকসকলে তেওঁক প্ৰাথমিক চিকিৎসাও প্ৰদান কৰিছিল। বহুজাতিক তথ্য প্ৰযুক্তি কোম্পানীৰ কৰ্মচাৰী বিনায়া এটা ভাড়াৰ ফ্লেটত অকলে বাস কৰিছিল। শুক্ৰবাৰে তেওঁ সম্পূৰ্ণ স্বাস্থ্যকৰ অৱস্থাত কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি আহিছিল। শনিবাৰে, তেওঁ জিমলৈ যাওঁতে, তেওঁৰ কোনো অস্বাভাৱিকতাও লক্ষ্য কৰা নাছিল। অত্যাধিক ব্যায়ামৰ ফলত হৃদযন্ত্ৰৰ আক্ৰমণ হৈছিল নেকি? চিকিৎসা বিজ্ঞানৰ মতে, যদি অনিয়মীয়া জীৱনশৈলী হয়, ওজন অধিক হয় বা হৃদৰোগৰ পাৰিবাৰিক ইতিহাস থাকে তেনেহ'লে এনে হ'ব পাৰে। মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছিল যে কাৰ্ডিওমায়োপেথি (হৃদযন্ত্ৰৰ বেৰ ডাঠ হোৱা) তেওঁৰ মৃত্যুৰ কাৰণ আছিল, যিটো আগতে তেওঁ কেতিয়াও জনা নাছিল। সেয়েহে চিকিৎসকে বুকুৰ বাওঁফালে বিষ, হঠাতে দুৰ্বলতা, ডিঙি, মুৰ, পিঠিৰ বিষ, উশাহ চুটি হোৱাৰ দৰে ঘটনাৰ ক্ষেত্ৰত, লগে লগে চিকিৎসকৰ পৰামৰ্শ লবলৈ কৈছে। চিকিৎসকে এইটোও সন্দেহ প্ৰকাশ কৰিছে কৰে যে ওজন বঢ়াবৰ বাবে 'ফিটনেছ ৰেজিমেন' অনুসৰণ নকৰিলেও এনে হোৱাটো অস্বাভাৱিক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন