--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ডিজিটেল ডেস্ক : প্ৰচণ্ড মাৰপিট, প্ৰচণ্ড ঘোচা। দবৰা-দবৰি। ইজনে-সিজনক কৰিছে টনা-আঁজোৰা। যেন কোনো সমৰক্ষেত্ৰৰহে দৃশ্য এয়া। চলিত ভাষাত ক’বলৈ হ’লে যেন কোনো বজাৰৰ মাজত হোৱা মাৰপিটৰ দৃশ্যহে এয়া। পিছে নহয়, বজাৰ-বা সমৰক্ষেত্ৰ নহয়। এয়া বিধানসভা। বিধানসভাৰ মজিয়াতে প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছে নিৰ্বাচিত জনপ্ৰতিনিধি। কোনোবাই যদি ডিঙিত ধৰি টানিছে, কোনোবাই শোধাইছে প্ৰচণ্ড ঘোচা। কাৰোবাৰ নাক ফাটি ওলাইছে তেজ, কাৰোবাৰ ফালিলে চোলা। কোনোবাই প্ৰতিশোধৰ বাবে আন এজনলৈ চোঁচা লৈছে। এনে এক অবাঞ্চিত আৰু লজ্জাজনক ঘটনাৰে সাক্ষী হ’ল পশ্চিমবংগ বিধানসভা। সদৰ সকলো গৰিমা তথা মান-মৰ্যাদা লাঘৱ কৰি মাৰপিটত নামি পৰিল শাসক-বিৰোধীৰ বিধায়ক। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ বিধানসভাত ভাষণ দি থকাৰ সময়তে এই মাৰপিটৰ সূত্ৰপাত ঘটে। মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়তে বিৰোধী বিজেপি দলৰ বিধায়কসকলে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু পৰিস্থিতি নিমিষতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। বংগৰ বীৰভূমত হোৱা নৃশংস হত্যাকাণ্ডৰ প্ৰসংগক লৈয়েই এই সংঘাতৰ সূত্ৰপাত ঘটে। বীৰভূম কাণ্ডক লৈ বিগত দীঘলীয়া সময় ধৰি শাসক-বিৰোধীৰ মাজত যুঁযুধান ৰূপ দেখিবলৈ পোৱা গৈছে। দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ বাবে শাসকীয় তৃণমূল কংগ্ৰেছক জগৰীয়া কৰি বিজেপিয়ে এই পৰিস্থিতি উত্তাল কৰি ৰাখিছে। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ আইন-শৃংখলাক লৈ বিধানসভাত ভাষণ দি থকাৰ সময়তে অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে এই ঘটনাৰ চিবিআই তদন্ত চলি আছে যদিও ইয়াক লৈ ৰাজনীতিৰ অৱসান হোৱা দেখিবলৈ পোৱা হোৱা নাই। ইফালে, আজি বিধানসভাত হোৱা সংঘাতৰ ভিডিঅ’ একাধিক বিজেপি নেতাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যইও এই ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। শাসকীয় তৃণমূলৰ বিৰুদ্ধে তেওঁ তীব্ৰ সমালোচনা কৰা দেখা গৈছে। ইফালে, এই সংঘাতৰ ফলত তৃণমূল সাংসদ অসিত মজুমদাৰে নাকত আঘাত পোৱা বুলি জানিব পৰা গৈছে। তেওঁক ততালিকে হাস্পতালত ভৰ্তি কৰোঁৱা হয়। তৃণমূলে অভিযোগ কৰা মতে বিৰোধী দলপতি তথা বিজেপি বিধায়ক শুভেন্দু অধিকাৰীয়ে তেওঁৰ ওপৰত আক্ৰমণ চলাইছিল। এই ঘটনাৰ পাছতে শুভেন্দু অধিকাৰীসহ পাঁচজন বিজেপি বিধায়কক সদনৰ পৰা বহিষ্কাৰ কৰে অধ্যক্ষই। ইফালে, শুভেন্দু অধিকাৰীয়ে অভিযোগ কৰিছে যে, বিৰোধীয়ে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ আলোচনা অনুষ্ঠিত কৰাৰ দাবী জনাইছিল। কিন্তু শাসকীয় দলে সাধাৰণ পোছাকত বিধানসভালৈ আৰক্ষীক মতাই আনি তেওঁলোকৰ লগত সংঘৰ্ষৰ সূত্ৰপাত ঘটায়। তেওঁ লগতে অভিযোগ কৰে যে, এতিয়া বিধানসভাৰ মজিয়াতো বিধায়কসকল সুৰক্ষিত নহয়। টিএমচিৰ বিধায়কে আমাৰ দলৰ প্ৰায় ৮-১০জন বিধায়কক মাৰধৰ কৰিছে। ইফালে, তৃণমূলে বিজেপিৰ ওপৰতে সকলো দোষ জাপিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ