--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ডিজিটেল ডেস্ক : প্ৰচণ্ড মাৰপিট, প্ৰচণ্ড ঘোচা। দবৰা-দবৰি। ইজনে-সিজনক কৰিছে টনা-আঁজোৰা। যেন কোনো সমৰক্ষেত্ৰৰহে দৃশ্য এয়া। চলিত ভাষাত ক’বলৈ হ’লে যেন কোনো বজাৰৰ মাজত হোৱা মাৰপিটৰ দৃশ্যহে এয়া। পিছে নহয়, বজাৰ-বা সমৰক্ষেত্ৰ নহয়। এয়া বিধানসভা। বিধানসভাৰ মজিয়াতে প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছে নিৰ্বাচিত জনপ্ৰতিনিধি। কোনোবাই যদি ডিঙিত ধৰি টানিছে, কোনোবাই শোধাইছে প্ৰচণ্ড ঘোচা। কাৰোবাৰ নাক ফাটি ওলাইছে তেজ, কাৰোবাৰ ফালিলে চোলা। কোনোবাই প্ৰতিশোধৰ বাবে আন এজনলৈ চোঁচা লৈছে। এনে এক অবাঞ্চিত আৰু লজ্জাজনক ঘটনাৰে সাক্ষী হ’ল পশ্চিমবংগ বিধানসভা। সদৰ সকলো গৰিমা তথা মান-মৰ্যাদা লাঘৱ কৰি মাৰপিটত নামি পৰিল শাসক-বিৰোধীৰ বিধায়ক। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ বিধানসভাত ভাষণ দি থকাৰ সময়তে এই মাৰপিটৰ সূত্ৰপাত ঘটে। মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়তে বিৰোধী বিজেপি দলৰ বিধায়কসকলে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু পৰিস্থিতি নিমিষতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। বংগৰ বীৰভূমত হোৱা নৃশংস হত্যাকাণ্ডৰ প্ৰসংগক লৈয়েই এই সংঘাতৰ সূত্ৰপাত ঘটে। বীৰভূম কাণ্ডক লৈ বিগত দীঘলীয়া সময় ধৰি শাসক-বিৰোধীৰ মাজত যুঁযুধান ৰূপ দেখিবলৈ পোৱা গৈছে। দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ বাবে শাসকীয় তৃণমূল কংগ্ৰেছক জগৰীয়া কৰি বিজেপিয়ে এই পৰিস্থিতি উত্তাল কৰি ৰাখিছে। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ আইন-শৃংখলাক লৈ বিধানসভাত ভাষণ দি থকাৰ সময়তে অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে এই ঘটনাৰ চিবিআই তদন্ত চলি আছে যদিও ইয়াক লৈ ৰাজনীতিৰ অৱসান হোৱা দেখিবলৈ পোৱা হোৱা নাই। ইফালে, আজি বিধানসভাত হোৱা সংঘাতৰ ভিডিঅ’ একাধিক বিজেপি নেতাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যইও এই ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। শাসকীয় তৃণমূলৰ বিৰুদ্ধে তেওঁ তীব্ৰ সমালোচনা কৰা দেখা গৈছে। ইফালে, এই সংঘাতৰ ফলত তৃণমূল সাংসদ অসিত মজুমদাৰে নাকত আঘাত পোৱা বুলি জানিব পৰা গৈছে। তেওঁক ততালিকে হাস্পতালত ভৰ্তি কৰোঁৱা হয়। তৃণমূলে অভিযোগ কৰা মতে বিৰোধী দলপতি তথা বিজেপি বিধায়ক শুভেন্দু অধিকাৰীয়ে তেওঁৰ ওপৰত আক্ৰমণ চলাইছিল। এই ঘটনাৰ পাছতে শুভেন্দু অধিকাৰীসহ পাঁচজন বিজেপি বিধায়কক সদনৰ পৰা বহিষ্কাৰ কৰে অধ্যক্ষই। ইফালে, শুভেন্দু অধিকাৰীয়ে অভিযোগ কৰিছে যে, বিৰোধীয়ে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ আলোচনা অনুষ্ঠিত কৰাৰ দাবী জনাইছিল। কিন্তু শাসকীয় দলে সাধাৰণ পোছাকত বিধানসভালৈ আৰক্ষীক মতাই আনি তেওঁলোকৰ লগত সংঘৰ্ষৰ সূত্ৰপাত ঘটায়। তেওঁ লগতে অভিযোগ কৰে যে, এতিয়া বিধানসভাৰ মজিয়াতো বিধায়কসকল সুৰক্ষিত নহয়। টিএমচিৰ বিধায়কে আমাৰ দলৰ প্ৰায় ৮-১০জন বিধায়কক মাৰধৰ কৰিছে। ইফালে, তৃণমূলে বিজেপিৰ ওপৰতে সকলো দোষ জাপিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ