--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্ক : আমি যেতিয়া অসুস্থ হৈ বিশেষজ্ঞৰ কাষ চাপো তেতিয়াই চিকিৎসকে প্ৰথমে জিভা পৰীক্ষা কৰা দেখিবলৈ পাওঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে জিভাত এনে কি আছে যে ডাক্তৰে ৰোগ ধৰাত পেলাব পাৰে। দৰাচলতে মানুহ অসুস্থ হোৱাৰ লগে লগে জিভাত প্ৰথমে ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। প্ৰভাৱৰ ফলত হোৱা পৰিৱৰ্তনবোৰ দেখি চিকিৎসকে ৰোগৰ বিষয়ে অনুমান কৰিব পাৰে। ইয়াৰ পাছত পৰীক্ষাৰ জৰিয়তে ৰোগৰ সম্পৰ্কে নিশ্চিত হোৱাৰ পাছতহে চিকিৎসা আৰম্ভ কৰা দেখা যায়। যাৰ জৰিয়তে চিকিৎসকে যিকোনো ব্যক্তিৰ ৰোগ ধৰাত পেলাব পাৰে। এই বিষয়ে জানো আহক।

* ক’লা ৰঙৰ জিভাঃ-স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি জিভাৰ ৰং ক’লা দেখা যায়, তেন্তে আইৰণৰ দৰব খোৱাৰ বাবেও হ’ব পাৰে বা বহু সময়ত ভেঁকুৰৰ সংক্ৰমণ বা বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবেও জিভাত ক’লা দাগ হোৱা দেখা যায়। চিকিৎসকে জিভাত এনে চিন দেখা মাত্ৰকে সেই অনুসৰি চিকিৎসা আৰম্ভ কৰে।

* ৰঙা জিভা:-যদি কোনো ব্যক্তিৰ জ্বৰ বা সংক্ৰমণত আক্ৰান্ত হয়, তেন্তে তেওঁৰ জিভাৰ ৰং ৰঙা হৈ পৰে। শৰীৰত ভিটামিন বি-১২ৰ অভাৱৰ বাবেও জিভাৰ ৰং ৰঙালৈ সলনি হয়। জিভাত এই চিনটো দেখি চিকিৎসকে ৰোগৰ বিষয়ে অনুমান কৰি সেই অনুসৰি চিকিৎসা আৰম্ভ কৰে।

* বগা জিভাঃ-যদি জিভাত বগা দাগ দেখা দিয়ে বা ইয়াৰ ৰং সম্পূৰ্ণ বগা হয়, তেন্তে ই শৰীৰত ৰক্তহীনতাৰ লক্ষণ হ’ব পাৰে। ধঁপাত সেৱন কৰা লোকসকলৰ জিভাও বগা হয়। ভাইৰাছৰ সংক্ৰমণৰ বাবেও জিভাৰ ৰং বগা হৈ পৰে। এনে পৰিস্থিতিত জিভাৰ ৰঙৰ ভিত্তিত চিকিৎসকে ৰোগ অনুমান কৰি সেই অনুসৰি চিকিৎসা আৰম্ভ কৰিব পাৰে।





আৰু পঢ়ক : নাছিল মাতৃৰ চিকিৎসাৰ বাবে ধন,কৰিছিল দিন হাজিৰা; এতিয়া সেইজন ব্যক্তি এজন সফল ইউটিউবাৰ



















FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু