--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় বাৰে বাৰে নাকত আঙুলি সোমোৱা মানুহ দেখিছে। এই অভ্যাস অতি বদ অভ্যাস। এয়া দেখাত বৰ দৃষ্টিকটু। অতি কম সংখ্যক লোকেহে জানিব যে বাৰে বাৰে নাকত আঙুলি সোমোৱাৰ অভ্যাস থকা মানুহৰ এলঝেইমাৰ আৰু ডিমেনচিয়াৰ বলি হ’ব পাৰে। আচলতে নাক বাৰে বাৰে খোঁচ মাৰি থাকিলে নাকৰ ভিতৰৰ আৱৰণৰ ক্ষতি হয়, যাৰ ফলত বেক্টেৰিয়া তেজৰ লগত মিহলি হৈ মগজুলৈ যোৱাৰ সহজ উপায় বিচাৰি পায়।

এই অধ্যয়নত গৱেষকসকলে নাকক মগজুৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা স্নায়ুৰ চাইনাছ বাগৰ সংস্পৰ্শলৈ অহাৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি আছিল। এন্দুৰৰ ওপৰত কৰা এই অধ্যয়নত ৭২ ঘণ্টাৰ ভিতৰত মগজুত সেই বেক্টেৰিয়াৰ উপস্থিতি পৰ্যবেক্ষণ কৰা হৈছিল। লগতে এমাহৰ ভিতৰতে এন্দুৰত প্ৰটিন প্লেক গঠন হ’বলৈ ধৰিলে, যিবোৰ এলঝেইমাৰৰ সৈতে জড়িত।

অষ্ট্ৰেলিয়াৰ গ্ৰীফিন বিশ্ববিদ্যালয়ৰ গৱেষকৰ মতে, প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছে যে ক্ল’মাইডিয়া নিউমোনিয়া বাগ নাকেৰে পোনপটীয়াকৈ মগজুলৈ যাব পাৰে। যদিও ক্ল’মাইডিয়া নিউমোনিয়া নামৰ এটা সাধাৰণ বেক্টেৰিয়াই ডিঙি, কাণ, চাইন’ইডৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি কৰে। যেতিয়া এই বেক্টেৰিয়া হাওঁফাওঁৰ মাজেৰে শৰীৰত প্ৰৱেশ কৰে তেতিয়া শৰীৰৰ সুৰক্ষামূলক ঢাকনিয়ে ইয়াক মগজুলৈ যাবলৈ বাধা দিয়ে। কিন্তু নাকৰ ভিতৰৰ স্তৰৰ মাজেৰে ই পোনপটীয়াকৈ মগজুৰ সৈতে সংযোগ স্থাপন কৰে। গতিকে মানুহে বাৰে বাৰে নাকত আঙুলি সোমোৱা বন্ধ কৰিব লাগে...নহ’লে বিপদ নিজৰেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক