--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় বাৰে বাৰে নাকত আঙুলি সোমোৱা মানুহ দেখিছে। এই অভ্যাস অতি বদ অভ্যাস। এয়া দেখাত বৰ দৃষ্টিকটু। অতি কম সংখ্যক লোকেহে জানিব যে বাৰে বাৰে নাকত আঙুলি সোমোৱাৰ অভ্যাস থকা মানুহৰ এলঝেইমাৰ আৰু ডিমেনচিয়াৰ বলি হ’ব পাৰে। আচলতে নাক বাৰে বাৰে খোঁচ মাৰি থাকিলে নাকৰ ভিতৰৰ আৱৰণৰ ক্ষতি হয়, যাৰ ফলত বেক্টেৰিয়া তেজৰ লগত মিহলি হৈ মগজুলৈ যোৱাৰ সহজ উপায় বিচাৰি পায়।

এই অধ্যয়নত গৱেষকসকলে নাকক মগজুৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা স্নায়ুৰ চাইনাছ বাগৰ সংস্পৰ্শলৈ অহাৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি আছিল। এন্দুৰৰ ওপৰত কৰা এই অধ্যয়নত ৭২ ঘণ্টাৰ ভিতৰত মগজুত সেই বেক্টেৰিয়াৰ উপস্থিতি পৰ্যবেক্ষণ কৰা হৈছিল। লগতে এমাহৰ ভিতৰতে এন্দুৰত প্ৰটিন প্লেক গঠন হ’বলৈ ধৰিলে, যিবোৰ এলঝেইমাৰৰ সৈতে জড়িত।

অষ্ট্ৰেলিয়াৰ গ্ৰীফিন বিশ্ববিদ্যালয়ৰ গৱেষকৰ মতে, প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছে যে ক্ল’মাইডিয়া নিউমোনিয়া বাগ নাকেৰে পোনপটীয়াকৈ মগজুলৈ যাব পাৰে। যদিও ক্ল’মাইডিয়া নিউমোনিয়া নামৰ এটা সাধাৰণ বেক্টেৰিয়াই ডিঙি, কাণ, চাইন’ইডৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি কৰে। যেতিয়া এই বেক্টেৰিয়া হাওঁফাওঁৰ মাজেৰে শৰীৰত প্ৰৱেশ কৰে তেতিয়া শৰীৰৰ সুৰক্ষামূলক ঢাকনিয়ে ইয়াক মগজুলৈ যাবলৈ বাধা দিয়ে। কিন্তু নাকৰ ভিতৰৰ স্তৰৰ মাজেৰে ই পোনপটীয়াকৈ মগজুৰ সৈতে সংযোগ স্থাপন কৰে। গতিকে মানুহে বাৰে বাৰে নাকত আঙুলি সোমোৱা বন্ধ কৰিব লাগে...নহ’লে বিপদ নিজৰেই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু