--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়তন বেছি নহয়। আজি এই দ্বীপটো পৰিভ্ৰমী চৰাইৰ আশ্ৰয়স্থল। জনবসতিহীন এই দ্বীপটোৰ প্ৰাকৃতিক সৌন্দৰ্য্য আজিও আধুনিকতাৰ পৰা পৃথক হৈ আছে। বছৰৰ কিছুমান নিৰ্দিষ্ট সময়ত পৰ্যটকসকলে পৰিভ্ৰমী চৰাইবোৰ চাবলৈ এই দ্বীপটো ভ্ৰমণ কৰে।

লোককথাত কোৱা হৈছে যে এই দ্বীপটো ৩০০ বছৰীয়া অভিশাপেৰে আবৃত। স্থানীয় একাংশ লোকে দাবী কৰে যে এই দ্বীপত জলদস্যুৰ ধনো লুকাই আছে। আমেৰিকাৰ কানেকটিকাটৰ মিলফোৰ্ডৰ ওচৰত চাৰ্লছ দ্বীপ অৱস্থিত। এই দ্বীপটো এতিয়া ছিলভাৰ ছেণ্ডছ ষ্টেট পাৰ্কৰ অন্তৰ্গত।

পৰিভ্ৰমী চৰাইৰ আশ্ৰয়স্থল যদিও বছৰৰ এটা নিৰ্দিষ্ট সময়ত পৰ্যটকসকলে চাৰ্লছ দ্বীপ ভ্ৰমণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰতি বছৰে মে’ৰ পৰা আগষ্টলৈকে চাৰ্লছ দ্বীপত পৰ্যটক প্ৰৱেশ কৰিব নোৱাৰে। কাৰণ এই সময়ত বিভিন্ন প্ৰকাৰৰ বিলুপ্তপ্ৰায় চৰাইয়ে তাত বাহ সাজে। মে’ৰ পৰা আগষ্টলৈকে সময়ছোৱাৰ বাহিৰে বছৰৰ আন সময়ত পৰ্যটকে চাৰ্লছ দ্বীপ ভ্ৰমণ কৰিব পাৰে। মূল ভূখণ্ডৰ পৰা চাৰ্লছ দ্বীপলৈ খোজ কাঢ়ি যাব লাগে। পৰ্যটকসকলে জোৱাৰৰ সময় গণনা কৰি সেই দ্বীপটোলৈ যায়।

চাৰ্লছ দ্বীপটো কম জোৱাৰত সহজে যাব পাৰি যদিও দ্বীপটোৰ বেছিভাগেই জোৱাৰ-ভাটাৰ সময়ত ডুব যায়। পানীৰ অধিক সোঁতৰ বাবে পৰ্যটকৰ বাবে বিপদৰ আশংকা। চাৰ্লছ দ্বীপৰ সৈতে জড়িত ‘অভিশাপ’ৰ ভয়ত পৰ্যটকসকলে তাত বেছি সময় কটাব নিবিচাৰে।

কিংবদন্তি অনুসৰি ১৬৩৯ চনত ইউৰোপীয়সকলে চাৰ্লছ দ্বীপৰ মুখীয়ালৰ সৈতে কাজিয়া কৰিছিল। মুখীয়ালৰ কন্যাক অপহৰণ কৰিছিল একাংশ ইউৰোপীয়ই। মুখীয়ালে ইউৰোপীয়সকলৰ পৰা নিজৰ কন্যাক উদ্ধাৰ কৰিবলৈ চাৰ্লছ দ্বীপ ইউৰোপীয়সকলৰ হাতত গতাই দিয়ে। সন্ধি অনুসৰি চাৰ্লছ দ্বীপ ইউৰোপীয় শাসনৰ অধীনলৈ আহিছিল যদিও মুখীয়ালজনে সেই সময়ত দ্বীপটোক গালি পাৰি তেওঁৰ অশুভ কামনা কৰিছিল বুলি কোৱা হয়। তেতিয়াৰ পৰাই এই দ্বীপটো সাধাৰণ বাসিন্দাই এৰাই চলিছিল।

চাৰ্লছ দ্বীপক অভিশপ্ত বুলি শুনি স্কটিছ জলদস্যু কেপ্তেইন কিডে নিজৰ ধন দ্বীপটোত লুকুৱাই ৰখাৰ সিদ্ধান্ত লয়। ১৬৯৯ চনত তেওঁ চাৰ্লছ দ্বীপত নিজৰ সকলো সম্পত্তি লুকুৱাই ৰাখিছিল। কিন্তু পিছত ধৰা পৰিল। 

কিংবদন্তি অনুসৰি কেপ্তেইন কিডে বন্দী হোৱাৰ পিছত চাৰ্লছ দ্বীপক গালি পাৰিছিল। এই দ্বীপত মাধে হগ ৰক নামৰ ঠাই আছে। স্থানীয় একাংশ লোকে দাবী কৰিছে যে জলদস্যুই সেই ধন তাতেই লুকুৱাই ৰাখিছিল। কিন্তু বহু বছৰ ধৰি সেই সম্পদটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰাৰ পিছতো বিচাৰি পোৱা নগ’ল।

চাৰ্লছ দ্বীপৰ ওপৰত এটা বা দুটা নহয়, তিনিটা অভিশাপ ওলমি আছে। ষোড়শ শতিকাত এজটেক সম্ৰাট মণ্টেজুমাক পৰাস্ত কৰি তেওঁৰ সকলো সম্পত্তি লুটপাত কৰাৰ পিছত মেক্সিকোৰ সম্ৰাট গুৱাটমোজিন সাগৰীয় পথেৰে উভতি আহিছিল। কিংবদন্তি অনুসৰি থলুৱা লোকসকলে ধনৰ বাবে গুৱাটমোজিনক আক্ৰমণ কৰিছিল। গতিকে ধন-সম্পত্তিৰ সুৰক্ষাৰ বাবে তেওঁলোকক চাৰ্লছ দ্বীপত সমাধিস্থ কৰা হৈছিল।

পিছত চাৰ্লছ দ্বীপটোলৈ গৈ সেই ধনৰ অৱস্থান বিচাৰিলে, কিন্তু কোনেও নাপালে। বেছিভাগেই দাবী কৰে যে সেই দ্বীপত বহুতো সম্পদ আছে। কিন্তু সেই ধন কোনেও বিচাৰি নাপায়।

বৰ্তমান চাৰ্লছ দ্বীপ পৰিভ্ৰমী চৰাই অভয়াৰণ্য হোৱাৰ বাবে খনন কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে স্থানীয় ৰাইজৰ দৃঢ় বিশ্বাস যে দ্বীপটো অভিশপ্ত, গতিকে এই ধনৰ ইতিহাস দ্বীপটোৰ ভিতৰতে পুতি থোৱা থাকিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা