--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশত শোকাৱহ মৃত্যু ঘটিল এটা ভাৰতীয় পৰিয়ালৰ। কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাবে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ভাৰতীয় পৰিয়াল এটাৰ আটাইকেইগৰাকী সদস্যৰেই সলিল সমাধি ঘটে। তেওঁলোকে যাত্ৰা কৰা নাওখন ডুবি যোৱাত ভাৰতীয় পৰিয়ালটোৰ সদস্যসহ  মুঠ আঠজন লোকে প্ৰাণ হেৰুৱায়। 

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰিছে। নিহতসকলৰ ভিৰত দুটি শিশুও আছে।কানাডাৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ছেইণ্ট লৰেন্স নদী পাৰ হৈ কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। এগৰাকী আৰক্ষী বিষয়াই কয়"বৃহস্পতিবাৰে নদীৰ পৰা ছজন প্ৰাপ্তবয়স্ক লোক আৰু দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে" । 

নিহতসকল এটা ভাৰতীয় আৰু  ৰোমানিয়ান পৰিয়ালৰ বুলি জানিব পৰা গৈছে। স্থানীয় লোকে  নদীত  কিবা এটা ওপঙি থকা দেখা পোৱাৰ পিছতে , আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীয়ে প্ৰথমে ছটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোকসকলৰ  পৰা পাছপোৰ্টো উদ্ধাৰ কৰা হৈছে।  মৃত শিশু দুটিৰ বয়স তিনি বছৰতকৈ কম। 

আৰক্ষীয়ে জনোৱা অনুসৰি দুয়োটা পৰিয়ালে কানাডাৰ পৰা অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। কিবা কাৰণত নাওখন ডুবি যোৱাৰ ফলতে  তেওঁলোকৰ মৃত্যু হৈছিল। মৃতদেহবোৰ  ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অৱশ্যে, বিষক্ৰিয়াৰ ফলতো  তেওঁলোকৰ মৃত্যু  হ’ব পাৰে বুলি সন্দেহ কৰি মৃদেহৰ অংশৰ   নমুনাৰ টক্সিকোলজী পৰীক্ষাও কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন