--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশত শোকাৱহ মৃত্যু ঘটিল এটা ভাৰতীয় পৰিয়ালৰ। কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাবে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ভাৰতীয় পৰিয়াল এটাৰ আটাইকেইগৰাকী সদস্যৰেই সলিল সমাধি ঘটে। তেওঁলোকে যাত্ৰা কৰা নাওখন ডুবি যোৱাত ভাৰতীয় পৰিয়ালটোৰ সদস্যসহ  মুঠ আঠজন লোকে প্ৰাণ হেৰুৱায়। 

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰিছে। নিহতসকলৰ ভিৰত দুটি শিশুও আছে।কানাডাৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ছেইণ্ট লৰেন্স নদী পাৰ হৈ কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। এগৰাকী আৰক্ষী বিষয়াই কয়"বৃহস্পতিবাৰে নদীৰ পৰা ছজন প্ৰাপ্তবয়স্ক লোক আৰু দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে" । 

নিহতসকল এটা ভাৰতীয় আৰু  ৰোমানিয়ান পৰিয়ালৰ বুলি জানিব পৰা গৈছে। স্থানীয় লোকে  নদীত  কিবা এটা ওপঙি থকা দেখা পোৱাৰ পিছতে , আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীয়ে প্ৰথমে ছটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোকসকলৰ  পৰা পাছপোৰ্টো উদ্ধাৰ কৰা হৈছে।  মৃত শিশু দুটিৰ বয়স তিনি বছৰতকৈ কম। 

আৰক্ষীয়ে জনোৱা অনুসৰি দুয়োটা পৰিয়ালে কানাডাৰ পৰা অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। কিবা কাৰণত নাওখন ডুবি যোৱাৰ ফলতে  তেওঁলোকৰ মৃত্যু হৈছিল। মৃতদেহবোৰ  ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অৱশ্যে, বিষক্ৰিয়াৰ ফলতো  তেওঁলোকৰ মৃত্যু  হ’ব পাৰে বুলি সন্দেহ কৰি মৃদেহৰ অংশৰ   নমুনাৰ টক্সিকোলজী পৰীক্ষাও কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস