--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰেগৰী এ লকে (Gregory A. Locke) নামৰ নিউয়ৰ্কৰ এজন প্ৰশাসনিক ন্যায়াধীশক বৰ্খাস্ত কৰা হৈছে। বৰ্খাস্ত কৰাৰ কাৰণ হৈছে ন্যায়াধীশজনে সামাজিক মাধ্যমত পৰ্ণষ্টাৰৰ দৰে ফটো শ্বেয়াৰ কৰি আহিছে। জনপ্ৰিয় সামাজিক মাধ্যম 'অনলিফেন্স’ত (OnlyFans)-ত তেওঁ এইধৰণৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে৷ এনেকৈ তেওঁ ধনো ঘটিছে৷

ন্যায়াধীশগৰাকীৰ বয়স ৩৩৷ তেওঁৰ এই কাণ্ড ৰাজহুৱা হোৱাৰ পিছতে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ আহ্বান জনোৱা হৈছিল৷  কিছু পৰ্ণগ্ৰাফিক কন্টেন্ট টুইটাৰতো তেওঁ পোষ্ট কৰিছিল৷ অৱশেষত যোৱা মঙলবাৰে তেওঁক ‘অপেছাদাৰী আচৰণ’ৰ বাবে বৰ্খাস্ত কৰা হৈছে৷ কোৱা হৈছে যে ন্যায়াধীশগৰাকীৰ এই আচৰণে আইনী প্ৰতিষ্ঠানৰ পেছাদাৰিত্ব আৰু নিৰপেক্ষতাৰ প্ৰতি জনসাধাৰণৰ আস্থাক মষিমূৰ কৰিছে।

কিন্তু নিজৰ কাণ্ডৰ বাবে কোনোধৰণৰ আক্ষেপ নাই গ্ৰেগৰীৰ৷ ন্যায়াধীশ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পাছতে এটা সংগীত কনচাৰ্টত তেওঁ হাস্যমুখে অংশগ্ৰহণ কৰে৷ ইনষ্টাগ্ৰামত এই কনচাৰ্টৰ ভিডিঅ’ পোষ্ট কৰি তেওঁ হাঁহি থকা দেখা যায়৷

উল্লেখ্য যে ২০২০ চনৰ নৱেম্বৰৰ পৰা তেওঁ OnlyFans চাইটটোত আছে৷ তেওঁৰ ফটোসমূহ চাবলৈ দৰ্শকে মাহে ১২ ডলাৰ ভৰিব লাগে। তেওঁৰ JustFor.Fans নামৰ আন এটা চাইটতো তেওঁ নিজৰ উলংগ ফটো আৰু ভিডিঅ' চাবৰ বাবে মাহে ৯.৯৯ ডলাৰ লয়। তেওঁৰ OnlyFans একাউণ্টত লকে আনকি কৰ্মস্থলীত কেমেৰাৰ সন্মুখত হস্তমৈথুন কৰাৰ কথাও উল্লেখ কৰিছে৷ তেওঁৰ একাউণ্টৰ বিৱৰণীত লিখা আছে: ‘‘দিনত বগা কলাৰ পেছাদাৰী... ৰাতি অতি অপেছাদাৰী।’’

তেওঁৰ OnlyFans একাউণ্টত হাৰ্ডকোৰ পৰ্ণগ্ৰাফীসদৃশ কেইবা ডজনো ছবি আৰু ভিডিঅ’ আছে। ২০২২ চনৰ নৱেম্বৰ মাহত কেমেৰাৰ আগত হস্তমৈথুন কৰাৰ পূৰ্বে তেওঁ লিখিছিল, ‘‘মই এই কাম নকৰাকৈ কেতিয়াও কাম মনোনিৱেশ কৰিব নোৱাৰো৷’’

তেওঁৰ এই সকলো কাণ্ডৰ কথা নিয়োজিত হৈ থকা আদালতখনৰ বাবে সম্পূৰ্ণ অজ্ঞাত আছিল৷ নিজৰ বিকল্প টুইটাৰ একাউণ্টত লকে তেওঁ গৌৰৱেৰে লিখিছিল যে পৰ্ণ উদ্যোগত কাম কৰি থকাৰ সমান্তৰালভাৱে তেওঁ আইনী কৰ্তব্যও পালন কৰি আহিছে৷ টুইটাৰত তেওঁৰ ১ লাখ ৬০ হাজাৰৰো অধিক অনুগামী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান