--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন আতিশয্যৰ অভিযোগ উঠিছে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। এগৰাকী প্ৰণষ্টাৰক মুখ বন্ধ কৰি ৰাখিবলৈ ধন দিয়াৰ অভিযোগত আদালতত আত্মসমৰ্পণ কৰিবলৈ সাজু হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

বৃহস্পতিবাৰে মানহাটানৰ গ্ৰেণ্ড জুৰীৰ আদালতত তেওঁক অভিযুক্ত কৰা হৈছিল। ট্ৰাম্প হৈছে আমেৰিকাৰ ইতিহাসত অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা প্ৰথমজন প্ৰাক্তন ৰাষ্ট্ৰপতি।

অহা মঙলবাৰে নিউয়ৰ্ক প্ৰদেশৰ ল’ৱাৰ মানহাটানৰ ফৌজদাৰী আদালতত শুনানি গ্ৰহণ কৰা হ’ব। সেইদিনাই আত্মসমৰ্পণ কৰিব পাৰে ট্ৰাম্পে। শুকুৰবাৰে টেলিভিছনত দিয়া এক সাক্ষাৎকাৰত এই কথা কয় ট্ৰাম্পৰ অধিবক্তা জো টাকোপিনাই।

ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত প্ৰাক্তন পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক তেওঁৰ দ্বাৰা বৃহৎ পৰিমাণৰ ধন দিয়া হৈছিল। ষ্টৰ্মি ডেনিয়েলছে দাবী কৰে যে ২০০৬ চনৰ গ্ৰীষ্মকালতে ট্ৰাম্পৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক গঢ়ি উঠিছিল।

সেই বছৰৰ নৱেম্বৰৰ আশে-পাশে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বে ট্ৰাম্পৰ অধিবক্তা মাইকেল কোহেনে ট্ৰাম্পৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ “মৌন হৈ থাকিবলৈ” তেওঁক ১ লাখ ৩০ হাজাৰ ডলাৰ দিছিল।

২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁক মুখ নুখুলিবলৈ মোটা অংকৰ ধন দিয়া হৈছিল। ট্ৰাম্পৰ প্ৰাক্তন অধিবক্তা মাইকেল কোহেনে তেওঁক ১ লাখ ৩০ হাজাৰ ডলাৰ পৰিশোধ কৰিছিল।

২০১৮ চনত এই ধনৰ লেনদেনৰ কথা পোহৰলৈ আহিছিল। ডেনিয়েলে সেই সময়ত ট্ৰাম্পৰ সৈতে হোৱা ‘গোপন চুক্তি’ বাতিল কৰিবলৈ আদালতত আবেদন জনাইছিল; আৰু তাৰ বাবেই ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ পুজি আইনৰ সম্ভাৱ্য উলংঘাৰ বাবে গোচৰ তৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস