--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা কেৱল ভাৰতৰ পৰাই নহয়, সমগ্ৰ বিশ্বৰ পৰা অহা ভক্ত আৰু সাধুসকলৰ বাবে এক বিশেষ ধৰ্মীয় অনুষ্ঠান। আজিৰ পৰা আৰম্ভ হৈছে সংগম নগৰ প্ৰয়াগৰাজত মহাকুম্ভ মেলা। ৰাজস্নানৰ সময়ত ভক্তৰ বিশাল সমাগম দেখা যায়। ভাৰত আৰু বহিঃৰাজ্যৰ সাধু, সন্ত আৰু ভক্তসকলে পুৱাৰে পৰা সংগমত ডুব মাৰিছে।

প্ৰয়াত এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ পত্নী লৰেন পাৱেল জবছো মহাকুম্ভত অংশগ্ৰহণ কৰিবলৈ আহিছে। বাৰাণসীৰ পাছত ১৩ জানুৱাৰীত প্ৰয়াগৰাজ অভিমুখে ৰাওনা হয়। লৰেন পাৱেলে ২৯ জানুৱাৰীলৈকে মহাকুম্ভৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু এই সময়ছোৱাত তেওঁ স্বামী কৈলাশানন্দৰ শিবিৰত থাকিব। স্বামী কৈলাশানন্দ হৈছে নিৰঞ্জনী আখৰাৰ মহামণ্ডলেশ্বৰ।

একেখন নিৰঞ্জনী আখৰাৰ মহামণ্ডলেশ্বৰ কৈলাশানন্দই লৰেনক ‘কমলা’ নাম দি অচ্যুত গোত্ৰৰ সৈতে সংযুক্ত কৰে। এই নামকৰণ এটা ধৰ্মীয় পৰম্পৰা অনুসৰি হয়, যাৰ পৰা বুজা যায় যে লৰেনে এতিয়া নিজৰ বিশ্বাসক সনাতন ধৰ্মৰ সৈতে সংযোগ কৰিছে। এয়া তেওঁৰ বাবে এক নতুন অধ্যায়, য’ত তেওঁ হিন্দু ধৰ্মৰ গভীৰতা বুজাবুজি আৰু বিশ্বাসৰ দিশত আগবাঢ়িছে।

মহাকুম্ভৰ এই অনন্য অনুষ্ঠানত ১৪ জানুৱাৰী আৰু ২৯ জানুৱাৰীত স্নান কৰাৰ প্ৰতিশ্ৰুতি দিছে লৰেন পাৱেল জবছে। এই স্নানক বিশেষভাৱে পবিত্ৰ বুলি গণ্য কৰা হয়, আৰু ধৰ্মীয় মিলনৰ প্ৰতীক বুলি ভবা হয়।

বৰ্তমান লৰেনে গুৰু স্বামী কৈলাশানন্দৰ শিবিৰত থাকি সনাতন ধৰ্মৰ নীতি আৰু শিক্ষা বুজিবলৈ চেষ্টা কৰি আছে। তেওঁৰ এই যাত্ৰা কেৱল আধ্যাত্মিক নহয় ই তেওঁক ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে শিকায় । লৰেন পাৱেল জবছৰ এই ভ্ৰমণ আৰু তেওঁৰ নতুন নামকৰণে মহাকুম্ভৰ ইতিহাসত এক নতুন অধ্যায় যোগ কৰিছে। এই ঘটনাই ভাৰতীয় সংস্কৃতিৰ প্ৰতি এজন পাশ্চাত্যৰ আগ্ৰহক প্ৰতিফলিত কৰাই নহয়, ধৰ্ম আৰু বিশ্বাসৰ কোনো সীমা নাই বুলিও প্ৰকাশ কৰে। মহাকুম্ভত তেওঁৰ অৱদান আৰু অংশগ্ৰহণ নিশ্চিতভাৱে অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?