--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ তীব্ৰতৰ অভিযান। এই নিৰন্তৰ অভিযানৰ অংশ হিচাপে বুধবাৰে কুলগ্ৰামত নিৰাপত্তাৰক্ষীৰ এক অভিযানত লস্কৰ-ই-তৈবা (এল ই টি)ৰ দুজন উগ্ৰপন্থী সদস্য নিহত হয়। কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া বুধবাৰে অনুসৰি কুলগামৰ মীৰ বজাৰ অঞ্চলৰ নৱাপোৰাত উগ্ৰপন্থী সদস্য কেইজনৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল। তালাচী অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু দুই উগ্ৰপন্থী সদস্য নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে এক টুইট যোগে কয় যে নিহত সন্ত্ৰাসবাদী দুজনক পাকিস্তানী মূলৰ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ স্থানীয় সদস্য বুলি চিনাক্ত কৰা হৈছে। এই অভিযান অমৰনাথ যাত্ৰাৰ পথৰ কাষতে সংঘটিত হৈছিল বুলিও তেওঁ উল্লেখ কৰে। আন এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে মীৰ বজাৰৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা অঞ্চলত কিছু সন্দেহজনক গতি-বিধি লক্ষ্য কৰি আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে তালাচী অভিযান চলায়।

দলটোৱে অঞ্চলটো ঘেৰাও কৰাৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীৰ সন্মুখীন হয় আৰু অভিযানকাৰী দলটোৱেও প্ৰতি আক্ৰমণ চলায় বুলি তেওঁ উল্লেখ কৰিছে। নিহত সন্ত্ৰাসবাদী সদস্য দুজনক ইয়াছিৰ ৱানী আৰু ৰইছ মঞ্জুৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত পূৰ্ণোদ্যমে চলি থকা ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযানত ২০২২ বৰ্ষৰ আৰম্ভণিৰ পৰা শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ১৩ জুনত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ১২ জুনৰ ভিতৰত উপত্যকাটোত ১০০ গৰাকী সন্ত্ৰাসবাদী সদস্য ভাৰতীয় সেনা আৰু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছিল।

এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আৰু আন ৭১ গৰাকী দেশৰ ভিতৰৰে সদস্য বুলি তেওঁ জানিবলৈ দিছিল।আৰক্ষী বিষয়া গৰাকীৰ তথ্য অনুসৰি নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছিল।ইয়াৰ পিছতো উপত্যকাটোত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাবাৰো সংঘৰ্ঘ সংঘটিত হৈছে আৰু বহুকেইজন সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ