--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ তীব্ৰতৰ অভিযান। এই নিৰন্তৰ অভিযানৰ অংশ হিচাপে বুধবাৰে কুলগ্ৰামত নিৰাপত্তাৰক্ষীৰ এক অভিযানত লস্কৰ-ই-তৈবা (এল ই টি)ৰ দুজন উগ্ৰপন্থী সদস্য নিহত হয়। কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া বুধবাৰে অনুসৰি কুলগামৰ মীৰ বজাৰ অঞ্চলৰ নৱাপোৰাত উগ্ৰপন্থী সদস্য কেইজনৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল। তালাচী অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু দুই উগ্ৰপন্থী সদস্য নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে এক টুইট যোগে কয় যে নিহত সন্ত্ৰাসবাদী দুজনক পাকিস্তানী মূলৰ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ স্থানীয় সদস্য বুলি চিনাক্ত কৰা হৈছে। এই অভিযান অমৰনাথ যাত্ৰাৰ পথৰ কাষতে সংঘটিত হৈছিল বুলিও তেওঁ উল্লেখ কৰে। আন এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে মীৰ বজাৰৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা অঞ্চলত কিছু সন্দেহজনক গতি-বিধি লক্ষ্য কৰি আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে তালাচী অভিযান চলায়।

দলটোৱে অঞ্চলটো ঘেৰাও কৰাৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীৰ সন্মুখীন হয় আৰু অভিযানকাৰী দলটোৱেও প্ৰতি আক্ৰমণ চলায় বুলি তেওঁ উল্লেখ কৰিছে। নিহত সন্ত্ৰাসবাদী সদস্য দুজনক ইয়াছিৰ ৱানী আৰু ৰইছ মঞ্জুৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত পূৰ্ণোদ্যমে চলি থকা ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযানত ২০২২ বৰ্ষৰ আৰম্ভণিৰ পৰা শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ১৩ জুনত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ১২ জুনৰ ভিতৰত উপত্যকাটোত ১০০ গৰাকী সন্ত্ৰাসবাদী সদস্য ভাৰতীয় সেনা আৰু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছিল।

এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আৰু আন ৭১ গৰাকী দেশৰ ভিতৰৰে সদস্য বুলি তেওঁ জানিবলৈ দিছিল।আৰক্ষী বিষয়া গৰাকীৰ তথ্য অনুসৰি নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছিল।ইয়াৰ পিছতো উপত্যকাটোত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাবাৰো সংঘৰ্ঘ সংঘটিত হৈছে আৰু বহুকেইজন সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যিমানে বিলাই দিবা সিমানে মহান হ'বা! ভিক্ষাৰী মহিলাই মন্দিৰলৈ দান কৰিলে ১.৮৩ লাখ টকা
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে মৃত্যু দম্পতী গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু অৰ্চনা শৰ্মাৰ
কেইদিনমানৰ পাছতে গেছ আৰু বদহজমৰ অন্ত পৰিব! প্ৰতিদিনে পুৱা খালী পেটত খাওক এইবিধ পানীয়
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে
জাঁজী নদীৰ দলঙৰ পৰা জাঁপ দিলে ছাত্ৰই! কোনোমতে প্ৰাণ ৰক্ষা
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা
চুপাৰিৰ পৰিৱৰ্তে এইবাৰ নৈশ বাছেৰে সৰবৰাহ বস্তাই বস্তাই বার্মিজ কেঁচা তামোল