--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে ঘোষণা কৰা ‘অগ্নিপথ’ যোজনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হোৱা আন্দোলন মুৰকত বিফল প্ৰমাণিত হৈছে । সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতাৰে নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই অগ্নিপথ যোজনাৰ বিৰুদ্ধে সৃষ্টি কৰা আন্দোলনে সমগ্ৰ দেশতে ব্যাপক ৰূপত মূৰ দাঙি উঠিছিল। কেইবাখনো ৰাজ্যত প্ৰতিবাদে হিংসাত্মক ৰূপো ধাৰণ কৰিছিল। যুৱ প্ৰজন্মৰ এই প্ৰতিবাদলৈ সঁহাৰি জনাই দেশৰ কৃষক সংগঠন সমূহৰ একত্ৰিত সংস্থা সংযুক্ত কিষাণ মৰ্চাইও দেশজুৰি আন্দোলনৰ হুংকাৰ দিছিল। কিন্তু কাৰ্যত: এই সকলো প্ৰতিবাদৰ ঢৌ হ’ল ফুটুকাৰ ফেন।

প্ৰতিবাদলৈ কোনো কাণসাৰ নকৰি কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ যোজনা বাতিল নহয় বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতে যোৱা ১৯ জুনত অগ্নিপথৰ অধীনত বায়ুসেনাৰ নিযুক্তিৰ বাবে প্ৰথম পদ মুকলি কৰা হৈছিল। যোৱা ২৪ জুনৰ পৰা বায়ুসেনাৰ নিযুক্তিৰ বাবে ইচ্ছুক নিযুক্তি প্ৰত্যাশীসকলৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছিল বায়ুসেনাই।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এক টুইট যোগে ঘোষণা কৰা মতে নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰাৰ পাছতে যোৱা ছয় দিনত ১.৮৩ লাখৰো অধিক যুৱক-যুৱতীয়ে বায়ুসেনাত নিযুক্তিৰ বাবে আবেদন জনাইছে। এনে অৱস্থাত অগ্নিপথৰ বিৰুদ্ধে দেশত যি ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল সি প্ৰায় ব্যৰ্থ হোৱা হোৱা বুলি ক’ব পাৰি।

অৱশ্যে দেশত নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত অগ্নিপথৰ প্ৰতি এই সঁহাৰি অসম্ভৱ নহয়। কৰ্ম সংস্থাপনৰ সংশয়ত ভুগা দেশৰ কোটি কোটি নিবনুৱা যুৱক-যুৱতীৰ বাবে অগ্নিপথ হৈ পৰিছে পানীৰ মাজত খেৰকুটা সদৃশ। সেয়ে আন কোনো বিকল্প পথ নেদেখি অগ্নিপথ যোজনাৰ অধীনত নিযুক্তিৰ বাবে আবেদন জনাবলৈ বাধ্য হৈ পৰিছে এই নিবনুৱা যুৱক-যুৱতীসকল।

উল্লেখ্য যে বায়ুসেনাৰ নিযুক্তিৰ বাবে যোৱা ২৪ জুনৰ পৰা নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু অহা ৫ জুলাইলৈকে আবেদন প্ৰক্ৰিয়া মুকলি থাকিব। ইয়াৰ পিছত ২৪ জুলাইত বায়ুসেনাৰ নিযুক্তিৰ বাবে মুকলি কৰা পদসমূহ পূৰণৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ইফালে বায়ুসেনাৰ পাছতে জুলাই মাহতে স্থলসেনা আৰু নৌ সেনাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি