--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে ঘোষণা কৰা ‘অগ্নিপথ’ যোজনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হোৱা আন্দোলন মুৰকত বিফল প্ৰমাণিত হৈছে । সামৰিক বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতাৰে নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্মই চৰকাৰৰ এই অগ্নিপথ যোজনাৰ বিৰুদ্ধে সৃষ্টি কৰা আন্দোলনে সমগ্ৰ দেশতে ব্যাপক ৰূপত মূৰ দাঙি উঠিছিল। কেইবাখনো ৰাজ্যত প্ৰতিবাদে হিংসাত্মক ৰূপো ধাৰণ কৰিছিল। যুৱ প্ৰজন্মৰ এই প্ৰতিবাদলৈ সঁহাৰি জনাই দেশৰ কৃষক সংগঠন সমূহৰ একত্ৰিত সংস্থা সংযুক্ত কিষাণ মৰ্চাইও দেশজুৰি আন্দোলনৰ হুংকাৰ দিছিল। কিন্তু কাৰ্যত: এই সকলো প্ৰতিবাদৰ ঢৌ হ’ল ফুটুকাৰ ফেন।

প্ৰতিবাদলৈ কোনো কাণসাৰ নকৰি কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ যোজনা বাতিল নহয় বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতে যোৱা ১৯ জুনত অগ্নিপথৰ অধীনত বায়ুসেনাৰ নিযুক্তিৰ বাবে প্ৰথম পদ মুকলি কৰা হৈছিল। যোৱা ২৪ জুনৰ পৰা বায়ুসেনাৰ নিযুক্তিৰ বাবে ইচ্ছুক নিযুক্তি প্ৰত্যাশীসকলৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছিল বায়ুসেনাই।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এক টুইট যোগে ঘোষণা কৰা মতে নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰাৰ পাছতে যোৱা ছয় দিনত ১.৮৩ লাখৰো অধিক যুৱক-যুৱতীয়ে বায়ুসেনাত নিযুক্তিৰ বাবে আবেদন জনাইছে। এনে অৱস্থাত অগ্নিপথৰ বিৰুদ্ধে দেশত যি ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল সি প্ৰায় ব্যৰ্থ হোৱা হোৱা বুলি ক’ব পাৰি।

অৱশ্যে দেশত নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত অগ্নিপথৰ প্ৰতি এই সঁহাৰি অসম্ভৱ নহয়। কৰ্ম সংস্থাপনৰ সংশয়ত ভুগা দেশৰ কোটি কোটি নিবনুৱা যুৱক-যুৱতীৰ বাবে অগ্নিপথ হৈ পৰিছে পানীৰ মাজত খেৰকুটা সদৃশ। সেয়ে আন কোনো বিকল্প পথ নেদেখি অগ্নিপথ যোজনাৰ অধীনত নিযুক্তিৰ বাবে আবেদন জনাবলৈ বাধ্য হৈ পৰিছে এই নিবনুৱা যুৱক-যুৱতীসকল।

উল্লেখ্য যে বায়ুসেনাৰ নিযুক্তিৰ বাবে যোৱা ২৪ জুনৰ পৰা নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু অহা ৫ জুলাইলৈকে আবেদন প্ৰক্ৰিয়া মুকলি থাকিব। ইয়াৰ পিছত ২৪ জুলাইত বায়ুসেনাৰ নিযুক্তিৰ বাবে মুকলি কৰা পদসমূহ পূৰণৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ইফালে বায়ুসেনাৰ পাছতে জুলাই মাহতে স্থলসেনা আৰু নৌ সেনাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ