--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত প্ৰায় ৩০০ জন সন্ত্ৰাসবাদী সক্ৰিয় হৈ  আছে, আনহাতে আন ১৬০ জন সন্ত্ৰাসবাদীয়ে  নিয়ন্ত্ৰণ ৰেখাৰে পাকিস্তানৰ পৰা কাশ্মীৰত প্ৰৱেশৰ বাবে  অপেক্ষা কৰি আছে। এই বিস্ফোৰক মন্তব্য কৰিছে ভাৰতীয় সেনাৰ  এজন শীৰ্ষ সেনা কমাণ্ডাৰে ।

নৰ্দাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চীফ, লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কয় যে ২০১৯ চনৰ আগষ্ট মাহত কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ  পৰিস্থিতিলৈ পৰিৱৰ্তন আহিছে আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে।

তেওঁ কয় "জম্মু-কাশ্মীৰত প্ৰায় ৩০০ সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে আছে ।কিন্তু আমি নিশ্চিত কৰিছো  যে তেওঁলোকে কোনো কূটাঘাত ঘটাবলৈ  সক্ষম নহ’ব,"। সেনা কমাণ্ডাৰগৰাকীয়ে   ঐতিহাসিক 'পুঞ্চ লিংক-আপ দিৱস'ৰ প্লেটিনাম জয়ন্তীৰ সময়ত সাংবাদিকসকলক এনেদৰে কয়।
১৯৪৮ চনত ভাৰতীয় সেনাই পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ পৰা সীমান্ত জিলাক ৰক্ষা কৰিবলৈ চলোৱা 'অপাৰেচন ইজি' উপলক্ষে পুঞ্চ লিংক-আপ দিৱসৰ প্লেটিনাম জয়ন্তী পুঞ্চত আয়োজন কৰা হৈছে।  

পাকিস্তানৰপৰা ভাৰতত প্ৰৱেশ কৰিব বিচৰা  সন্ত্ৰাসবাদীৰ সংখ্যা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত  লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে কয় যে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে  প্ৰায় ১৬০ জন সন্ত্ৰাসবাদীয়ে সুযোগ অপেক্ষা কৰি আছে। পীৰ পাঞ্চালৰ  উত্তৰত ১৩০ জন আৰু পীৰ পাঞ্চালৰ দক্ষিণত ৩০ জন সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ বাবে অপেক্ষা কৰা বুলি তেওঁ কয়।।

তেওঁ কয়, "আমাৰ তথ্য অনুসৰি, ৮২ জন পাকিস্তানী সন্ত্ৰাসবাদী আৰু ৫৩ জন স্থানীয় সন্ত্ৰাসবাদী ভিতৰুৱা অঞ্চলত সক্ৰিয় হৈ আছে, আনহাতে উদ্বেগৰ বিষয়টো হৈছে আন ১৭০ জন লোকৰ অপৰাধমূলক কাৰ্যকলাপৰ বিষয়ে আমি এতিয়াও একো জানিব পৰা নাই।"
পাকিস্তান অধিকৃত কাশ্মীৰ  উদ্ধাৰৰ ইংগিত দিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শেহতীয়া বিবৃতিৰ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে কয় যে এই বিষয়ত সংসদৰ প্ৰস্তাৱ আগৰে পৰাই আছে, সেয়েহে ই একো নতুন কথা নহয়।"ভাৰতীয় সেনাই ভাৰত চৰকাৰে দিয়া যিকোনো নিৰ্দেশ পালন কৰিব। আমি ইয়াৰ বাবে সদায় সাজু," তেওঁ কয়।

২৭ অক্টোবৰত শ্ৰীনগৰত এক পদাতিক দিৱসৰ অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছিল যে পাক অধিকৃত কাশ্মীৰৰ  লোকসকল মানৱ অধিকাৰ উলংঘন হৈছে আৰু পাকিস্তানে ইয়াৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব। তেওঁ কৈছিল যে ভাৰত চৰকাৰে কাশ্মীৰৰ সেই অংশটো "পাকিস্তানৰ অবৈধ দখল"ৰ পৰা  উদ্ধাৰ কৰাৰ বিষয়ে সংসদত গৃহীত ১৯৯৪ চনৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত সেনা কমাণ্ডাৰগৰাকীয়ে  কয় যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত  ডাঙৰ পৰিৱৰ্তন ঘটিছে। সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰা হৈছে নেকি বুলি সোধাত তেওঁ কয়, "হয়, বহু পৰিমাণে।" 

তেওঁ কয়, "চুবুৰীয়া দেশখনে সৰু-সুৰা কূটাঘাত সংঘটিত  কৰিবলৈ পিষ্টল, গ্ৰেনেড আৰু ড্ৰাগছ চোৰাং ব্যৱসায় কৰাৰ দৰে আন উপায় গ্ৰহণ কৰি আছে - তেওঁলোকে কাশ্মীৰীসকলক সমৰ্থন কৰিবলৈ বাধ্য কৰোৱাইছে। ইয়ালৈ অহা নিৰীহ আৰু নিৰস্ত্ৰ লোকসকলক লক্ষ্য লৈছে।"

"যি ঘটিছে সেয়া অতি কম আৰু এনে ধৰণৰ ঘটনা আৰু হ্ৰাস কৰাৰ প্ৰচেষ্টা চলি আছে। এনে ধৰণৰ অপকৰ্মত লিপ্ত হোৱা যিকোনো ব্যক্তিয়ে উপযুক্ত সঁহাৰি লাভ কৰিছে," লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে কয়।

তেওঁ লগতে কয় "বাৰামুলা (উত্তৰ কাশ্মীৰ)ত অন্যান্য অস্ত্ৰ-শস্ত্ৰ আৰু গ্ৰেনেডৰ সৈতে ৪৫ লাখ টকা মূল্যৰ  ড্ৰাগছ জব্দ কৰা হৈছে। একেদৰে, অন্যান্য সীমান্ত অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। সন্ত্ৰাসবাদীসকলক হত্যা কৰা হৈছে। পাকিস্তানে কয় যে আমি চোৰাং ব্যৱসায়ীসকলক হত্যা কৰিছো, যাৰ অৰ্থ হৈছে তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে ড্ৰাগছ প্ৰেৰণ কৰি আছে। " ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক