--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: ওপজা দিনটো সকলোৰে বাবে অতি বিশেষ দিন। বেছিভাগ মানুহেই ইয়াৰ বাবে কৰে বহু পৰিকল্পনা। মুঠতে দিনটো বিশেষ কৰিবলৈ সকলোৰে কৰে বিশেষ প্ৰস্তুতি , কিন্তু থানেৰ গৌতম ৰত্ন মৰে তেওঁৰ বিশেষ দিনটোত  এনে প্ৰস্তুতি চলাইছিল যে যিকোনো ব্যক্তিয়েই আচৰিত হৈ পৰিব। হয়, গৌতমে জন্মদিন উদযাপন কৰিলে শ্মশান এখনত। ১৯ নৱেম্বৰত ৫৪ বছৰ সম্পূৰ্ণ কৰি শনিবাৰে  নিশা শ্মশান এখনত জন্মদিন উদযাপনৰ বাবে পাৰ্টিৰ আয়োজন কৰে। এই পাৰ্টিত অতিথিসকলক দিয়া হৈছিল বিৰিয়ানী আৰু কেক । এই পাৰ্টিৰ ভিডিঅ’টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। ২৩ নৱেম্বৰত এই পাৰ্টিৰ ভিডিঅ’ পোহৰলৈ আহে। ইয়াত মানুহে আনন্দৰে উদযাপন কৰা আৰু পাৰ্টি উপভোগ কৰা দেখা যায়। এতিয়া আপুনি নিশ্চয় ভাবিছে যে গৌতমে কিয় এনে পৰিকল্পনা কৰিছিল?

Birthday in Crematorium | महाराष्ट्र: ठाणे में शख्स ने श्मशान में धूम धाम  से मनाया अपना जन्मदिन, 100 से अधिक मेहमानों ने खाया केक और बिरयानी |  Navabharat (नवभारत)

আচলতে তেওঁৰ উদ্দেশ্য আছিল সমাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে বাৰ্তা দিয়া। এই কাৰণেই তেওঁ শ্মশানত জন্মদিন পালন কৰাৰ কথা ভাবিছিল।

এই উপলক্ষে উপস্থিত থকা সংবাদ মাধ্যমে তেওঁৰ সৈতে কথা পতাত তেওঁ এই কাম কৰাৰ প্ৰেৰণা সুপৰিচিত সমাজকৰ্মী প্ৰয়াত সিন্ধুতাই সাপকল আৰু প্ৰয়াত নৰেন্দ্ৰ ডাভোলকাৰৰ পৰা পোৱা বুলি কয়। তেওঁ ক’লা যাদু আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। তেওঁ কয় যে তেওঁ এই বাৰ্তাও ৰাইজক দিব বিচাৰিছিল যে ভূত প্ৰেত বুলি একো নাই। গৌতমে জনোৱা মতে, তেওঁৰ জন্মদিন উদযাপনত ৪০ গৰাকী মহিলা আৰু শিশুকে ধৰি ১০০ জনতকৈ অধিক অতিথিয়ে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু