--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: ওপজা দিনটো সকলোৰে বাবে অতি বিশেষ দিন। বেছিভাগ মানুহেই ইয়াৰ বাবে কৰে বহু পৰিকল্পনা। মুঠতে দিনটো বিশেষ কৰিবলৈ সকলোৰে কৰে বিশেষ প্ৰস্তুতি , কিন্তু থানেৰ গৌতম ৰত্ন মৰে তেওঁৰ বিশেষ দিনটোত  এনে প্ৰস্তুতি চলাইছিল যে যিকোনো ব্যক্তিয়েই আচৰিত হৈ পৰিব। হয়, গৌতমে জন্মদিন উদযাপন কৰিলে শ্মশান এখনত। ১৯ নৱেম্বৰত ৫৪ বছৰ সম্পূৰ্ণ কৰি শনিবাৰে  নিশা শ্মশান এখনত জন্মদিন উদযাপনৰ বাবে পাৰ্টিৰ আয়োজন কৰে। এই পাৰ্টিত অতিথিসকলক দিয়া হৈছিল বিৰিয়ানী আৰু কেক । এই পাৰ্টিৰ ভিডিঅ’টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। ২৩ নৱেম্বৰত এই পাৰ্টিৰ ভিডিঅ’ পোহৰলৈ আহে। ইয়াত মানুহে আনন্দৰে উদযাপন কৰা আৰু পাৰ্টি উপভোগ কৰা দেখা যায়। এতিয়া আপুনি নিশ্চয় ভাবিছে যে গৌতমে কিয় এনে পৰিকল্পনা কৰিছিল?

Birthday in Crematorium | महाराष्ट्र: ठाणे में शख्स ने श्मशान में धूम धाम  से मनाया अपना जन्मदिन, 100 से अधिक मेहमानों ने खाया केक और बिरयानी |  Navabharat (नवभारत)

আচলতে তেওঁৰ উদ্দেশ্য আছিল সমাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে বাৰ্তা দিয়া। এই কাৰণেই তেওঁ শ্মশানত জন্মদিন পালন কৰাৰ কথা ভাবিছিল।

এই উপলক্ষে উপস্থিত থকা সংবাদ মাধ্যমে তেওঁৰ সৈতে কথা পতাত তেওঁ এই কাম কৰাৰ প্ৰেৰণা সুপৰিচিত সমাজকৰ্মী প্ৰয়াত সিন্ধুতাই সাপকল আৰু প্ৰয়াত নৰেন্দ্ৰ ডাভোলকাৰৰ পৰা পোৱা বুলি কয়। তেওঁ ক’লা যাদু আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। তেওঁ কয় যে তেওঁ এই বাৰ্তাও ৰাইজক দিব বিচাৰিছিল যে ভূত প্ৰেত বুলি একো নাই। গৌতমে জনোৱা মতে, তেওঁৰ জন্মদিন উদযাপনত ৪০ গৰাকী মহিলা আৰু শিশুকে ধৰি ১০০ জনতকৈ অধিক অতিথিয়ে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক