--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজাই এইবাৰ বহু আশাৰে গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে।ভোটাৰক আকৃষ্ট কৰিবলৈ  ৰিভাবাই প্ৰচাৰত ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চীৰ ফটো ব্যৱহাৰ কৰিছে। ফলত জাদেজাৰ পত্নী এতিয়া বিৰোধী আপ আৰু কংগ্ৰেছৰ সমালোচনাৰ  সন্মুখীন হৈছে। 

ৰিভাবাৰ  বিৰুদ্ধে নিৰ্বাচনী বিধি  উলংঘা কৰাৰ লগতে ভাৰতীয় ক্ৰিকেট দলক ৰাজনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। গুজৰাটত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ  অভিযোগৰ কোনো অন্ত নাই। নিৰ্বাচন আয়োগৰ নিজৰ মতে  ব্যৱহাৰ কৰি শাসকীয় বিজেপিয়ে নিৰ্বাচনী বিধিৰ  প্ৰতি প্ৰায় এক বুঢ়া আঙুলি দেখুওৱা বুলি বিৰোধীয়ে অভিযোগ কৰি আহিছে।কিন্তু গেৰুৱা শিবিৰে বিৰোধীৰ এনে  অভিযোগক গুৰুত্ব দিয়া নাই। সেয়ে শেহতীয়াকৈ নিৰ্বাচনী নিয়ম উলংঘন কৰি ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবাই ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চীয়েই নিৰ্বাচনী প্ৰচাৰত ব্যৱাৰ কৰিছে। গুজৰাট এতিয়া  ৰিভাবাৰ পোষ্টাৰেৰে ভৰি পৰিছে। 


গেৰুৱা শিবিৰে  তেওঁক জামনগৰ উত্তৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। যদিও জাদেজাৰ পৰিয়াল আদিৰে পৰা  কংগ্ৰেছী তথাপি  ৰিভাবা বিজেপিৰ প্ৰাৰ্থী হোৱাৰ বাবে ঘৰতে মত পাৰ্থক্যৰ সৃষ্টি হোৱাৰো আশংকা কৰা হৈছে।  ৰিভাবাই তেওঁৰ মিৰ্বাচনী প্ৰচাৰৰ পোষ্টাৰত ভাৰতীয় দলৰ জাৰ্চী পিন্ধা ৰবীন্দ্ৰ জাদেজাৰ এখন ফটো ব্যৱহাৰ কৰিছে। তেওঁ ছ'চিয়েল মিডিয়াতো ভাৰতীয় ক্ৰিকেট দলৰ  এখন ফটো ব্যৱহাৰ কৰিছে। ছবিখনৰ তলত এইবুলি লিখা হৈছে যে ৰবীন্দ্ৰ জাদেজাৰ সৈতে, আপুনিও প্ৰচাৰত যোগদান কৰক। ৰিভাবা জাদেজাই ছ'চিয়েল মিডিয়াত এই পোষ্টটো পোষ্ট কৰাৰ পিছত,বিৰোধীয়ে প্ৰতিবাদত সোচ্চাৰ হৈ পৰিছে।

আম আদমী পাৰ্টিৰ বিধায়ক নৰেশ বালিয়ানে অভিযোগ কৰিছে যে খেলুৱৈসকল আগতে ৰাজনীতিৰ পৰা আঁতৰি আছিল, কিন্তু এতিয়া তেওঁলোকে মুকলিকৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। বিজেপিয়ে কোনো প্ৰতিষ্ঠানক ধ্বংসৰ পৰা ৰেহাই দিয়া নাই বুলিও তেওঁ কৈছে।

ৰবীন্দ্ৰ জাদেজাৰ ভগ্নী নয়নাবা জাদেজায়ো ৰিভাবাক সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰিছে যে ৰিভাবাই নিৰ্বাচনী লাভালাভাৰ বাবে তেওঁৰ নামৰ পিছত ৰবীন্দ্ৰ জাদেজাৰ নাম ব্যৱহাৰ কৰিছে। ছবছৰ আগতে ৰিভাবাই ৰবীন্দ্ৰ জাদেজাৰ  সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।  ৰিভাবাই "সহানুভূতি লাভৰ বাবে প্ৰচাৰত শিশুসকলক ব্যৱহাৰ কৰা" বুলিও ৰবীন্দ্ৰ জাদেজাৰ ভগ্নী নয়নাবা জাদেজাই অভিযোগ কৰিছে।কংগ্ৰেছে বিষয়টোলৈ আয়োগৰ কাষ চাপিছে। অৱশ্যে, আয়োগে এতিয়ালৈকে ৰিভাবাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু