--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজাই এইবাৰ বহু আশাৰে গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে।ভোটাৰক আকৃষ্ট কৰিবলৈ  ৰিভাবাই প্ৰচাৰত ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চীৰ ফটো ব্যৱহাৰ কৰিছে। ফলত জাদেজাৰ পত্নী এতিয়া বিৰোধী আপ আৰু কংগ্ৰেছৰ সমালোচনাৰ  সন্মুখীন হৈছে। 

ৰিভাবাৰ  বিৰুদ্ধে নিৰ্বাচনী বিধি  উলংঘা কৰাৰ লগতে ভাৰতীয় ক্ৰিকেট দলক ৰাজনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। গুজৰাটত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ  অভিযোগৰ কোনো অন্ত নাই। নিৰ্বাচন আয়োগৰ নিজৰ মতে  ব্যৱহাৰ কৰি শাসকীয় বিজেপিয়ে নিৰ্বাচনী বিধিৰ  প্ৰতি প্ৰায় এক বুঢ়া আঙুলি দেখুওৱা বুলি বিৰোধীয়ে অভিযোগ কৰি আহিছে।কিন্তু গেৰুৱা শিবিৰে বিৰোধীৰ এনে  অভিযোগক গুৰুত্ব দিয়া নাই। সেয়ে শেহতীয়াকৈ নিৰ্বাচনী নিয়ম উলংঘন কৰি ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবাই ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চীয়েই নিৰ্বাচনী প্ৰচাৰত ব্যৱাৰ কৰিছে। গুজৰাট এতিয়া  ৰিভাবাৰ পোষ্টাৰেৰে ভৰি পৰিছে। 


গেৰুৱা শিবিৰে  তেওঁক জামনগৰ উত্তৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। যদিও জাদেজাৰ পৰিয়াল আদিৰে পৰা  কংগ্ৰেছী তথাপি  ৰিভাবা বিজেপিৰ প্ৰাৰ্থী হোৱাৰ বাবে ঘৰতে মত পাৰ্থক্যৰ সৃষ্টি হোৱাৰো আশংকা কৰা হৈছে।  ৰিভাবাই তেওঁৰ মিৰ্বাচনী প্ৰচাৰৰ পোষ্টাৰত ভাৰতীয় দলৰ জাৰ্চী পিন্ধা ৰবীন্দ্ৰ জাদেজাৰ এখন ফটো ব্যৱহাৰ কৰিছে। তেওঁ ছ'চিয়েল মিডিয়াতো ভাৰতীয় ক্ৰিকেট দলৰ  এখন ফটো ব্যৱহাৰ কৰিছে। ছবিখনৰ তলত এইবুলি লিখা হৈছে যে ৰবীন্দ্ৰ জাদেজাৰ সৈতে, আপুনিও প্ৰচাৰত যোগদান কৰক। ৰিভাবা জাদেজাই ছ'চিয়েল মিডিয়াত এই পোষ্টটো পোষ্ট কৰাৰ পিছত,বিৰোধীয়ে প্ৰতিবাদত সোচ্চাৰ হৈ পৰিছে।

আম আদমী পাৰ্টিৰ বিধায়ক নৰেশ বালিয়ানে অভিযোগ কৰিছে যে খেলুৱৈসকল আগতে ৰাজনীতিৰ পৰা আঁতৰি আছিল, কিন্তু এতিয়া তেওঁলোকে মুকলিকৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। বিজেপিয়ে কোনো প্ৰতিষ্ঠানক ধ্বংসৰ পৰা ৰেহাই দিয়া নাই বুলিও তেওঁ কৈছে।

ৰবীন্দ্ৰ জাদেজাৰ ভগ্নী নয়নাবা জাদেজায়ো ৰিভাবাক সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰিছে যে ৰিভাবাই নিৰ্বাচনী লাভালাভাৰ বাবে তেওঁৰ নামৰ পিছত ৰবীন্দ্ৰ জাদেজাৰ নাম ব্যৱহাৰ কৰিছে। ছবছৰ আগতে ৰিভাবাই ৰবীন্দ্ৰ জাদেজাৰ  সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।  ৰিভাবাই "সহানুভূতি লাভৰ বাবে প্ৰচাৰত শিশুসকলক ব্যৱহাৰ কৰা" বুলিও ৰবীন্দ্ৰ জাদেজাৰ ভগ্নী নয়নাবা জাদেজাই অভিযোগ কৰিছে।কংগ্ৰেছে বিষয়টোলৈ আয়োগৰ কাষ চাপিছে। অৱশ্যে, আয়োগে এতিয়ালৈকে ৰিভাবাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক