--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰজনীকান্ত সমগ্ৰ দেশতে অতি জনপ্ৰিয়। আজি অভিনয় সম্ৰাট ৰজনীকান্তৰ জন্মদিন। আজিৰ দিনটোত ৭১ বছৰত ভৰি দিলে ৰজনীকান্তই। ১৯৫০ চনৰ ১২ ডিচেম্বৰত বেংগালুৰুত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ প্ৰকৃত নাম শিৱাজী ৰাও গায়কোৱাড। দক্ষিণৰ ছবিজগতত ভগৱান স্বৰূপে মনা হয় অভিনেতাজনক। ১৯৭৫ চনত চলচ্চিত্ৰ বঁটা বিজয়ী তামিল চলচ্চিত্ৰ কে. বালাচান্দেৰৰ দ্বাৰা পৰিচালিত অপূৰ্ৱ ৰাগাংগল নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে অভিনয় জগতত তেওঁ প্ৰৱেশ কৰিছিল। কে. বাল্লাচান্দেৰক ৰজনীকান্তে তেওঁৰ মাৰ্গদৰ্শকৰ মৰ্যাদা দিয়ে। তামিল চলচ্চিত্ৰত অলপদিনৰ বাবে নিগেটিভ চৰিত্ৰত অভিনয় কৰাৰ পিছত ৰজনীকান্ত ক্ৰমান্বয়ে এগৰাকী প্ৰতিষ্ঠিত অভিনেতা স্বৰূপে স্বীকৃত হ'ল।

ৰজনীকান্ত শাৰীৰিক অভিব্যক্তি আৰু সংলাপ প্ৰক্ষেপণৰ বাবে জনসাধাৰণৰ মাজত অতি জনপ্ৰিয়। ২০০৭ চনত মুক্তিপ্ৰাপ্ত শিৱাজী নামৰ চলচ্চিত্ৰখনত অভিনয়ৰ বাবে ৰজনীকান্তক ২৬ কোটি টকা পাৰিশ্ৰমিক হিচাপে আগবঢ়োৱা হৈছিল আৰু ইয়াৰ জৰিয়তে জেকী চানৰ পিছতেই এছিয়া মহাদেশৰ সকলোতকৈ বেছি পাৰিশ্ৰমিকপ্ৰাপ্ত অভিনেতা হিচাপে পৰিগণিত হৈছিল তেওঁ। ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰাৰ উপৰিও ৰজনীকান্তে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অন্য দেশৰো চলচ্চিত্ৰত অভিনয় কৰিছে।

২০১৩ চনলৈকে তেওঁ ছবাৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা জয় কৰিছে- চাৰিবাৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু দুবাৰ শ্ৰেষ্ঠ অভিনেতাৰ বিশেষ বঁটা। তদুপৰি তেওঁক এবাৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা আৰু ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান প্ৰদান কৰা হৈছে। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা জীৱনযোৰা সাধনাৰ বাবে তেওঁ ২০১৯ চনৰ দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়।অভিনেতা হোৱাৰ লগতে ৰজনীকান্ত এগৰাকী প্ৰযোজক আৰু চলচ্চিত্ৰ লেখক। অভিনয়ৰ কেৰিয়াৰৰ সমান্তৰাল ভাৱে ৰজনীকান্ত এগৰাকী সমাজ সেৱক, আধ্যাত্মিক ব্যক্তি আৰু তেওঁ দক্ষিণ ভাৰতৰ ৰাজনীতিতো প্ৰভাৱশালী। যথেষ্ট সংগ্ৰাম সংঘৰ্ষৰ মাজেৰে শিৱাজী ৰাও গায়কোৱাড হলগৈ ৰজনীকান্ত। তেওঁৰ পিতৃ ৰামোজীৱ ৰাও গায়কোৱাড আছিল পুলিচ কনিষ্টবল আৰু মাতৃ জীজাবাই আছিল গৃহিণী।

পৰিয়ালৰ চাৰিজন সহোদৰৰ ভিতৰত ৰজনীকান্ত আটাইতকৈ কনিষ্ঠ আছিল। তেওঁৰ দুজন ভাতৃ আৰু এগৰাকী ভগ্নী আছিল। তেওঁৰ ন বছৰ বয়সতে মাতৃৰ মৃত্যু ঘটে। ইয়াৰ পৰৱৰ্ত্তী কালত তেওঁ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। এই সময়ছোৱাত ৰজনীকান্তে কুলীৰ কাম কৰিবলগীয়া হৈছিল। ১৯৬৬ ৰ পৰা ১৯৭৩ চনলৈকে তেওঁ বেংগালুৰু আৰু মাদ্ৰাছত বিভিন্ন ঠাইত কাম কৰে। পৰৱৰ্ত্তী কালত তেওঁ বাংগালোৰ ট্ৰেন্সপোৰ্ট চাৰ্ভিচত বাছৰ কণ্ডাক্টৰ হিচাপে কাম কৰে।লাহে লাহে অভিনয়ৰ প্ৰেমত পৰা যুৱকজনক এই প্ৰেমেই বিশ্বত প্ৰতিষ্ঠিত অভিনেতা হিচাপে গঢ় দিলে। ৰজনীকান্তৰ আজি ওপজা দিনটোত চলচ্চিত্ৰ জগতৰ লগতে লাখ লাখ অনুৰাগীয়ে শুভকামনাৰে উপচাই পেলাইছে।উল্লেখ্য যে ক্ৰিকেটাৰ হৰভজন সিঙে ৰজনীকান্তৰ টাটু বুকুত অংকন কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সু-স্বাস্থ্যৰ অধিকাৰী হৈ কুশলে থাকক 'থালাইভা' ৰজনীকান্ত।

আৰু পঢ়কঃ মাছৰ পিঠিত আল্লা-মহম্মদৰ নাম! মাছটো কিনিবলৈ হেতা-ওপৰা বহু মুছলমান লোকৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement