--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত বাৰাণসী আদালতে শুকুৰবাৰে কাশী বিশ্বনাথ মন্দিৰৰ কাষত অৱস্থিত সমগ্ৰ জ্ঞানৱাপী মছজিদৰ "বৈজ্ঞানিক জৰীপ"ৰ অনুমতি প্ৰদান কৰে। ন্যায়ালয়ে ইয়াৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে  বন্ধ হৈ থকা  'উজুখানা' এলেকাৰ বাহিৰে সমগ্ৰ জ্ঞানৱাপী মছজিদ চৌহদৰ "বৈজ্ঞানিক জৰীপ"ৰ অনুমতি দিয়ে। জৰীপটো ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ৰ দ্বাৰা কৰা হ'ব বুলি  ন্যায়ালয়ে কয়। এ কে বিশ্বেশৰ আদালতে হিন্দু মন্দিৰৰ স্থানত মছজিদটো নিৰ্মাণ কৰা হৈছে নে নাই সেয়া  নিৰ্ধাৰণ কৰিবলৈ "বৈজ্ঞানিক জৰীপ" বিচৰা হিন্দু ভক্তৰ এটা গোটৰ আবেদন বাহাল  ৰাখে।  আদালতে ১৪ জুলাইত বিষয়টোৰ ওপৰত যুক্তি-তৰ্ক  সম্পূৰ্ণ কৰিছিল।

উল্লেখ্য পূৰ্বে বাৰাণসী জিলা আদালতে জ্ঞানৱাপী মছজিদৰ চৌহদত পোৱা তথাকথিত 'শিৱলিঙ্গ'ৰ বয়স নিৰ্ধাৰণ কৰিবলৈ বিচৰা আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। জ্যেষ্ঠ ন্যায়াধীশ অজয় কুমাৰ বিশ্বেশে মছজিদ চৌহদৰ উজুখানাত থকা বুলি দাবী কৰা  শিৱলিঙ্গৰ বয়স নিৰ্ণয় কৰিবলৈ 'কাৰ্বন ডেটিং' পৰীক্ষা বিচাৰি কৰা আবেদন খাৰিজ কৰি কৈছিল যে "শিৱলিঙ্গৰ অস্তিত্ব জানিবলৈ জ্ঞানৱাপী চৌহদত কোনো বৈজ্ঞানিক তদন্ত কৰিব নোৱাৰি"।

পূৰ্বৰে পৰা আদালতত বৈজ্ঞানিক পৰীক্ষাৰ আবেদনৰ বিৰোধিতা কৰিছিল 'অঞ্জুমান ইন্তেজামিয়া (জ্ঞানবাপি) মছজিদ সমিতি'য়ে। ন্যায়াধীশ  বিশ্বেশে অঞ্জুমান ইন্তেজামিয়া (জ্ঞানবাপি) মছজিদ সমিতিৰ আবেদন গ্ৰহণ কৰি ’শিৱলিংগ’ৰ বয়স নিৰ্ধাৰণ কৰিব বিচৰা আবেদন খন খাৰিজ কৰিছিল।২০২১ চনৰ আগষ্ট মাহত বাৰাণসীৰ নিম্ন আদালতৰ ন্যায়াধীশ ৰবিকুমাৰ দিবাকাৰে জ্ঞানৱাপীৰ 'মা শ্ৰীংগৰ গৌৰী'ক (ওজুখানা আৰু তাহখানা নামেৰেও জনাজাত) উপাসনা কৰাৰ অনুমতি বিচৰা পাঁচগৰাকী হিন্দু মহিলাই দাখিল কৰা আবেদনৰ পিছতে মছজিদৰ চৌহদত  ভিডিঅ' জৰীপৰ নিৰ্দেশ দিছিল আৰু মছজিদৰ ভিতৰৰ দেৱালৰ ভিতৰত দেৱতাসকলৰ মূৰ্তি ৰখাৰ নিৰ্দেশ দিছিল।

ইয়াৰ পিছত ২২ ছেপ্টেম্বৰত, প্ৰাপ্ত নমুনাবোৰৰ কাৰ্বন ডেটিং পৰীক্ষাৰ বাবে হিন্দু ধৰ্মী একাংশ লোকে আবেদন কৰিছিল। ২০ মে'ত, বাৰাণসী জিলা আদালতে জৰীপ আৰু ভিডিঅ'গ্ৰাফী সম্পূৰ্ণ হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গোচৰটোৰ শুনানিৰ দায়িত্ব গ্ৰহণ কৰে। মুছলিম পক্ষই দাবী কৰিছিল যে শিৱলিংগৰ দৰে আকৃতিৰ এই গাঁথনিটো প্ৰকৃততে পৰ্যবেক্ষক দলটোৰ ভিডিঅ'গ্ৰাফী প্ৰতিবেদনত মছজিদৰ ওজুখানাৰ জলাশয়ৰ এটা নিজৰাহে  আছিল। আনহাতে ২২ ছেপ্টেম্বৰত প্ৰাপ্ত নমুনাবোৰৰ কাৰ্বন ডেটিং পৰীক্ষাৰ বাবে হিন্দু পক্ষৰ দ্বাৰা আবেদন কৰা হৈছিল। গোচৰটোৰ শুনানি ৭ অক্টোবৰত হৈছিল। ন্যায়াধীশ  বিশ্বেশে দুটা বিষয়ত আবেদনকাৰীসকলৰ পৰা ব্যাখ্যা বিচাৰিছিল। প্ৰথমতে, 'শিৱলিঙ্গ'ক গোচৰটোৰ অংশ কৰিব পাৰিনে? দ্বিতীয়তে, আদালতে বৈজ্ঞানিক পৰীক্ষাৰ নিৰ্দেশ দিব পাৰে নে নাই? আৱেদনকাৰী হিন্দু মহিলা আবেদনকাৰীসকলৰ মুখ্য পৰামৰ্শদাতা বিষ্ণু শংকৰ জৈনে কয়, "আমি দুটা বিষয়তে গুৰুত্ব আৰোপ কৰিছো। 

প্ৰথমতে, আমি মন্দিৰ চৌহদৰ সকলো দৃশ্যমান আৰু অদৃশ্য বিগ্ৰহক প্ৰাৰ্থনা কৰাৰ অনুমতি বিচাৰিছো। একে সময়তে, আমি জনাইছো যে শিৱলিঙ্গ আগতে পানীৰ তলত আছিল। পানী আঁতৰ কৰাৰ পিছত, ই  দৃশ্যমান হৈ পৰিছিল। ফলস্বৰূপে ই গোচৰটোৰ অংশ হ'ব পাৰে। "দ্বিতীয়তে, আদালতৰ ৰায়ত বৈজ্ঞানিক পৰীক্ষাৰ সপক্ষে এখন আইন আছে। মই সেইটোলৈ বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰিছিলো। আনহাতে, অঞ্জুমান ইন্তেজামিয়া (জ্ঞানৱাপী) মছজিদ সমিতিৰ অধিবক্তা আখলাক আহমেদে আদালতক  এই নতুন যুক্তিবোৰৰ উত্তৰ দিবলৈ সময় বিচাৰে। ইয়াৰ পিছত, ন্যায়াধীশ বিশ্বেশে মুছলমান পক্ষক মতামত জনাবলৈ ১১ অক্টোবৰলৈকে সময় দিছিল। 'শিৱলিঙ্গ'ৰ বয়স অৱশ্যে, নিৰ্ধাৰণত কাৰ্বন ডেটিং পদ্ধতিৰ প্ৰয়োগ সম্পৰ্কে বিশেষজ্ঞৰ এটা অংশৰ মাজত বিভ্ৰান্তি আছে। 

তেওঁলোকে কয় যে জীৱাশ্ম বা অৱশিষ্টৰ বয়স মুখ্যতঃ কাৰ্বন ডেটিঙৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। পৰিৱেশত পোৱা কাৰ্বনৰ আটাইতকৈ সচৰাচৰ আইচ'টোপ হৈছে কাৰ্বন-১২। একে সময়তে, অতি কম পৰিমাণৰ কাৰ্বন-১৪ ও উপলব্ধ। পৰিৱেশত এই দুটা আইচ'টোপৰ অনুপাত প্ৰায় স্থিৰ। বিশেষজ্ঞসকলৰ মতে, জীৱ-জন্তু বা উদ্ভিদে পৰিৱেশৰ পৰা এই দুই প্ৰকাৰৰ কাৰ্বন আইচ'টোপ প্ৰাপ্ত আৰু মুকলি কৰে। মৃত্যুৰ পিছত প্ৰক্ৰিয়াটো বন্ধ হৈ যায় । কাৰ্বন-১২ আইচ'টোপৰ ক্ষয় নহয়। কিন্তু কাৰ্বন-১৪ আইচ'টোপ তেজস্ক্ৰিয়। ৫,৭৩০ বছৰৰ পিছত কাৰ্বন-১৪ৰ পৰিমাণ আধা হৈ পৰিব।বৈজ্ঞানিক ক্ষেত্ৰত, ইয়াক 'হাফ লাইফ' বুলিও কোৱা হয়। ফলস্বৰূপে, জীৱ-জন্তু বা উদ্ভিদত মৃত্যুৰ পিছত কাৰ্বনৰ এই দুটা আইচ'টোপৰ অনুপাত সলনি হয়। কাৰ্বন ডেটিং পদ্ধতিত সেই পৰিৱৰ্তন গণনা কৰি সেই জন্তু বা উদ্ভিদৰ মৃত্যুৰ আনুমানিক সময় নিৰ্ধাৰণ কৰা সম্ভৱ। কিন্তু শিলৰ দৰে বস্তুৰ ক্ষেত্ৰত বিশেষজ্ঞৰ এটা অংশৰ মতে এনেদৰে বয়স নিৰ্ধাৰণ কৰা কঠিন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক