--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধি সম্পৰ্কীয় গোচৰত কাৰাদণ্ডৰে দণ্ডিত ৰাহুল গান্ধীয়ে শুকুৰবাৰে  উচ্চতম ন্যায়ালয়ত কোনো সকাহ লাভ কৰিবলৈ সক্ষম নহ’ল। গুজৰাট উচ্চন্যায়ালয়ে বিহা দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত স্থগিতাদেশৰ বাবে ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত কৰা আবেদনৰ আজি শুনানি গ্ৰহণ কৰা হয়।  উচ্চতম ন্যায়ালয়ে  গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদী আৰু ৰাজ্য চৰকাৰৰ পৰা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা আবেদনৰ সঁহাৰি বিচাৰে।

ন্যায়াধীশ বি আৰ গাভাই আৰু পি কে মিশ্ৰাৰ বিচাৰপীঠে পূৰ্ণেশ মোদীক জাননী জাৰি কৰিছিল, যিয়ে ২০১৯ চনত গান্ধীৰ বিৰুদ্ধে "সকলো চোৰৰ মোদী উপাধি কেনেকৈ হয় ?" বুলি কৰা মন্তব্যৰ বাবে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল। আদালতে আজি ৰাহুল গান্ধীৰ পক্ষে বা বিপক্ষে কোনো সিদ্ধান্ত ঘোষণা নকৰিলে। ৪ আগষ্টত উচ্চতম ন্যায়ালয়ত পুনৰ ৰাহুল গান্ধীৰ আবেদনৰ  শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখ্য কিছুদিন পূৰ্বে  মোদী উপাধি সম্পৰ্কীয় গোচৰত কাৰাদণ্ডৰে দণ্ডিত ৰাহুল গান্ধীয়ে  গুজৰাট উচ্চ ন্যায়ালয়ত দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত   স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ে ।  গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০ টা অতিৰিক্ত অপৰাধমূলক মানহানিৰ গোচৰ থকা বুলি মন্তব্য কৰাৰ লগতে ছুৰাট আদালতৰ ৰায় সঠিক আছিল বুলি কৈছিল।

 আদালতে কৈছিল  যে সত্ৰ আদালতে জাৰি কৰা আদেশটো  সঠিক। উল্লেখ্য ৰাহুল গান্ধীয়ে গান্ধীয়ে কেমব্ৰিজত বীৰ ছাভাৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ  পিছত পুনে আদালতত বীৰ ছাভাৰকাৰৰ নাতিয়েকে ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছিল।

উল্লেখ্য মোদী উপাধি বিতৰ্কৰ গোচৰত ছুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা ৰায়ৰ বিৰুদ্ধে ৰাহুলে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদনৰ জনাইছিল। কিছুদিন পূৰ্বে ন্যায়াধীশ হেমন্ত প্ৰচণ্ডৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ৰাহুল গান্ধীৰ  অধিবক্তা বি.এম. মংগুকিয়াই শাস্তি কাৰ্যকৰী কৰাৰ বাবে ছুৰাট সত্ৰ আদালতে দিয়া  নিৰ্দেশৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। উচ্চ ন্যায়ালয়ে বিমুখ কৰাৰ পিছত ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। 

 ২৩ মাৰ্চত গুজৰাটৰ ছুৰাট দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত 'মোদী' উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহিছিল। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১০২(১)- আৰু চুৰাট দণ্ডাধীশৰ আদালতৰ ৰায়ৰ ওপৰত ভিত্তি কৰি জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮(৩)ৰ অধীনত ৰাহুলৰ সংসদৰ সদস্যপদ খাৰিজ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস