--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধি সম্পৰ্কীয় গোচৰত কাৰাদণ্ডৰে দণ্ডিত ৰাহুল গান্ধীয়ে শুকুৰবাৰে  উচ্চতম ন্যায়ালয়ত কোনো সকাহ লাভ কৰিবলৈ সক্ষম নহ’ল। গুজৰাট উচ্চন্যায়ালয়ে বিহা দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত স্থগিতাদেশৰ বাবে ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত কৰা আবেদনৰ আজি শুনানি গ্ৰহণ কৰা হয়।  উচ্চতম ন্যায়ালয়ে  গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদী আৰু ৰাজ্য চৰকাৰৰ পৰা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা আবেদনৰ সঁহাৰি বিচাৰে।

ন্যায়াধীশ বি আৰ গাভাই আৰু পি কে মিশ্ৰাৰ বিচাৰপীঠে পূৰ্ণেশ মোদীক জাননী জাৰি কৰিছিল, যিয়ে ২০১৯ চনত গান্ধীৰ বিৰুদ্ধে "সকলো চোৰৰ মোদী উপাধি কেনেকৈ হয় ?" বুলি কৰা মন্তব্যৰ বাবে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল। আদালতে আজি ৰাহুল গান্ধীৰ পক্ষে বা বিপক্ষে কোনো সিদ্ধান্ত ঘোষণা নকৰিলে। ৪ আগষ্টত উচ্চতম ন্যায়ালয়ত পুনৰ ৰাহুল গান্ধীৰ আবেদনৰ  শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখ্য কিছুদিন পূৰ্বে  মোদী উপাধি সম্পৰ্কীয় গোচৰত কাৰাদণ্ডৰে দণ্ডিত ৰাহুল গান্ধীয়ে  গুজৰাট উচ্চ ন্যায়ালয়ত দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশত   স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ে ।  গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০ টা অতিৰিক্ত অপৰাধমূলক মানহানিৰ গোচৰ থকা বুলি মন্তব্য কৰাৰ লগতে ছুৰাট আদালতৰ ৰায় সঠিক আছিল বুলি কৈছিল।

 আদালতে কৈছিল  যে সত্ৰ আদালতে জাৰি কৰা আদেশটো  সঠিক। উল্লেখ্য ৰাহুল গান্ধীয়ে গান্ধীয়ে কেমব্ৰিজত বীৰ ছাভাৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ  পিছত পুনে আদালতত বীৰ ছাভাৰকাৰৰ নাতিয়েকে ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰিছিল।

উল্লেখ্য মোদী উপাধি বিতৰ্কৰ গোচৰত ছুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা ৰায়ৰ বিৰুদ্ধে ৰাহুলে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদনৰ জনাইছিল। কিছুদিন পূৰ্বে ন্যায়াধীশ হেমন্ত প্ৰচণ্ডৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ৰাহুল গান্ধীৰ  অধিবক্তা বি.এম. মংগুকিয়াই শাস্তি কাৰ্যকৰী কৰাৰ বাবে ছুৰাট সত্ৰ আদালতে দিয়া  নিৰ্দেশৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। উচ্চ ন্যায়ালয়ে বিমুখ কৰাৰ পিছত ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। 

 ২৩ মাৰ্চত গুজৰাটৰ ছুৰাট দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত 'মোদী' উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহিছিল। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১০২(১)- আৰু চুৰাট দণ্ডাধীশৰ আদালতৰ ৰায়ৰ ওপৰত ভিত্তি কৰি জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮(৩)ৰ অধীনত ৰাহুলৰ সংসদৰ সদস্যপদ খাৰিজ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে