--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১৮ জুলাইত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠ এন ডি এ- ই জনজাতীয় নেত্ৰী দ্ৰৌপদী মুৰ্মু আৰু বিৰোধী পক্ষই উমৈহতীয়াভাৱে বয়োজেষ্ঠ ৰাজনীতিক যশৱন্ত সিনহাক প্ৰক্ষেপ কৰিছে। দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কোন গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হ'ব সেই লৈ চৰ্চা চলি থাকিলে এন ডি এ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু জয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি গণ্য কৰা হৈছে। বিশেষকৈ দেশৰ ইতিহাসত এই পৰম্পৰাই পূৰ্বৰে পৰা চলি আহিছে, শাসকীয় দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়েই জয়ী হৈ আহিছে ৰাষ্ট্ৰপতি নিৰ্বাচনত। 

আনহাতে দ্ৰৌপদী মুৰ্মুৰ ৰূপত এগৰাকী জনজাতীয় মহিলা নেত্ৰীক প্ৰক্ষেপ কৰি বিজেপি তথা এন ডি এ- ই আন এক ৰাজনৈতিক পাশাও খেলা বুলি ক’ব পাৰি। বিশেষকৈ দেশৰ বৃহৎসংখ্যক জনজাতীয় জনসংখ্যা তথা জনজাতীয় অধ্যুষিত ৰাজ্যত বিজেপিৰ প্ৰতি ভোটাৰক আকৃষ্ট কৰাৰ বাবে দ্ৰৌপদী মুৰ্মু এক ঢাল হ’ব বুলিও চৰ্চা আৰম্ভ হৈছে। এই চৰ্চাৰ মাজতে শেহতীয়াকৈ জনজাতীয় অধ্যুষিত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে শীঘ্ৰেই নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন আগবঢ়াব বুলি বাতৰি প্ৰকাশিত হৈছে। যদি হেমন্ত সোৰেনে সঁচাকৈয়ে মুৰ্মুৰ প্ৰতি সমৰ্থন আগবঢ়ায়, তেতিয়া বিজেপিৰ পাশাৰ চালৰ এক বৃহৎ সাফল্য হিচাপে বিবেচিত হ’ব।

ঝাৰখণ্ডৰ শাসকীয় দল ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক বিনোদ পাণ্ডেয়ে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী হেমন্ত সোৰেন দিল্লীলৈ ৰাওনা হৈছে আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব। ৰাজ্যখনৰ কেইটামান বিষয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত বিচাৰাধীন হৈ আছে আৰু মুখ্যমন্ত্ৰীয়ে সেই বিষয়বোৰৰ ওপৰত গৃহমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব। তদুপৰি যোৱা ২৫ জুনতো দলৰ বিধায়ক আৰু সাংসদসকলৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত দলে দ্ৰৌপদী মুৰ্মুলৈ সমৰ্থন আগবঢ়োৱাৰ সন্দৰ্ভত আলোচনা হৈছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত হেমন্ত সোৰেনে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছিল। এতিয়া বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থীৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীৰ সমৰ্থনে দুটা দিশ মূলত: উন্মোচন কৰিছে,১) জনজাতীয় আবেগৰ ঢালত আঘাত আৰু ২) কেন্দ্ৰীয় চৰকাৰৰ ৰোষৰ পৰা মুক্তি লাভৰ আকাংক্ষা। 

হেমন্ত সোৰেনৰ দল তথা ঝাৰখণ্ডৰ শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চা- ই এক জনজাতীয় ৰাজনৈতিক নীতি বা ধাৰণা অনুসৰণ কৰে। জনজাতীয় সম্প্ৰদায় দলটোৰ গুৰুত্বপূৰ্ণ ভোট বেংক হৈ আছে। দলটোৰ সভাপতি শিবু সোৰেনে সন্তলৰ পৰা মহাজনী প্ৰথাৰ বিৰুদ্ধে আন্দোলন কৰি গুৰুজী হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁ সন্তলালীসকলৰ সমৰ্থনত এক পৃথক ৰাজ্যিক আন্দোলনৰ নেতৃত্ব দিছিল।

লক্ষণীয়ভাৱে, এন ডি এ- ৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুও সন্তল সম্প্ৰদায়ৰ। ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হ’লে জনজাতীয় সম্প্ৰদায়ৰ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ব দ্ৰৌপদী মুৰ্মু।জনজাতীয় ভোট বেছিভাগ কংগ্ৰেছ আৰু আঞ্চলিক দল যেনে ঝাৰখণ্ডৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু গুজৰাট আৰু ৰাজস্থানত ভাৰতীয় জনজাতীয় দলেই ইমান দিনে লাভ কৰি আহিছে। ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত শাসনাধিষ্ঠ ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৩০ জন বিধায়ক আছে আৰু ইয়াৰ ভিতৰত ১৯ জন অনুসূচীত জনজাতি সম্প্ৰদায়ৰ। 

গতিকে এগৰাকী জনজাতীয় প্ৰাৰ্থী হিচাপে দ্ৰৌপদী মুৰ্মুলৈ ঝাৰখণ্ড মুক্তি মৰ্চা তথা মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ সমৰ্থন স্বাভাৱিকতেই আশ্চৰ্যজনক নহ’ব। এনে অৱস্থাত মুৰ্মুক ঢাল হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে যি চাল ৰাজনৈতিক পাশাত নিক্ষেপ কৰিছে বুলি চৰ্চা চলিছে, সেই চালে ঝাৰখণ্ডৰ শাসকীয় দলটোক প্ৰভাৱান্বিত কৰাটো অৱশ্যম্ভাৱী।

ইফালে মুখ্যমন্ত্ৰী হেমন্ত সোৰেন শেহতীয়াকৈ কেলেংকাৰীৰ অভিযোগত সাঙুৰ খাই পৰিছে। বৰ্তমান তেওঁ দুটা পিআইএলৰ সন্মুখীন হৈছে। শিৱ শংকৰ শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে সোৰেনৰ বিপক্ষে পদবীৰ অপব্যৱহাৰ কৰি খনিৰ লীজ প্ৰদানত অনিয়ম সংঘটিত কৰা বুলি অভিযোগ  দাখিল কৰিছে। 

ফেব্ৰুৱাৰী মাহত বিজেপিৰ নেতৃত্বত এটা প্ৰতিনিধি দলে সোৰেনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু খনি মন্ত্ৰীৰ পদত অধিষ্ঠিত থকা স্বত্বেও ৰাঁচীৰ অঙ্গদা খণ্ডত ০.৮৮ একৰ মাটিৰ শিলৰ খনি নিজৰ নামত আৱণ্টন কৰিছিল বুলি অভিযোগ কৰি ৰাজ্যপালৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰিছিল। 

ৰাজ্যপালে মাৰ্চৰ শেষ সপ্তাহত এই অভিযোগ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছিল। নিৰ্বাচন আয়োগে এই বিষয়ত মুখ্য সচিবক জাননী প্ৰদান কৰি নথিপত্ৰৰ প্ৰমাণ বিচাৰিছিল। লগতে আয়োগে এই সন্দৰ্ভত হেমন্ত সোৰেনৰ পৰাও স্পষ্টীকৰণ বিচাৰিছিল। এই অভিযোগৰ পাছতে সোৰেনে তেওঁৰ দলৰ চৰকাৰক অস্থিৰ কৰাৰ উদ্দেশ্যে এই খনি লীজৰ অভিযোগ তোলাৰ হৈছে বুলি দাবী কৰিছিল। কাইলৈ, অৰ্থাৎ ২৮ জুনত মুখ্যমন্ত্ৰী গৰাকী দিল্লীত ভাৰতীয় নিৰ্বাচন আয়োগৰ সন্মুখত হাজিৰ হোৱাৰ কথা আছে।

ইয়াৰোপৰি কিছুদিন পূৰ্বে হেমন্ত সোৰেনৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ অভিযোগো উত্থাপিত হৈছিল। গতিকে এই অভিযোগসমূহৰ পৰা মুক্তিৰ বাবে হেমন্ত সোৰেনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পৰা সমৰ্থন লাভৰ আকাংক্ষা কৰিব পাৰে।এনে পৰিস্থিতিত বিজেপি সমৰ্থিত দ্ৰৌপদী মুৰ্মুলৈ সোৰেনৰ সমৰ্থন আচৰিত নহ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ