--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ আজি জন্মদিন। ১৯৬৩ চনৰ ২১ ডিচেম্বৰত মুম্বাইত জন্মগ্ৰহণ কৰিছিল গোবিন্দাই। আজি ৫৮ বছৰত ভৰি দিলে অভিনেতাগৰাকীয়ে। গোবিন্দাৰ প্ৰকৃত নাম গোবিন্দ অৰুণ আহুজা। হাস্যৰসৰ অভিনয় আৰু নৃত্যৰ বাবে অভিনেতা গোবিন্দাৰ আছে বিশেষ পৰিচিতি। তেওঁৰ পিতৃ অৰুণ আহুজা এগৰাকী ব্যৱসায়ী আৰু মাতৃ নিৰ্মলা আহুজা এগৰাকী অভিনেত্ৰী আৰু গায়িকা আছিল। গোবিন্দাৰ তিনিজনী বায়েক আৰু এজন ককায়েক আছে। ঘৰৰ সৰু বাবে গোবিন্দা সকলোৰে বৰ মৰমৰ। গোবিন্দাক মৰমতে ঘৰৰ মানুহে চিচি বুলি মাতিছিল। গোবিন্দাই মুম্বাইৰ ভাচাইৰ এখন মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। কলেজত পঢ়ি থকাৰ সময়তে গোবিন্দাৰ মনত অভিনেতা হোৱাৰ সপোনে পোখা মেলে। চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তোলাৰ কথা ভাবি গোবিন্দাই এজনৰ পাছত এজনকৈ প্ৰযোজকৰ দুৱাৰত টোকৰ মাৰিছিল কিন্তু কোনো কাম পোৱা নাছিল। গোবিন্দাই প্ৰথমে এটা বিজ্ঞাপনত অভিনয় কৰাৰ সুযোগ পায়।

ইয়াৰ পাছত ১৯৮৫ চনত 'লাভ ৮৬' নামৰ চিনেমাখনত গোবিন্দাই অভিনয় কৰে৷ ১৯৮৫ চনৰ জুন মাহত মুক্তি পোৱা ছবিখনে জনপ্ৰিয়তা লভিবলৈ সক্ষম হয়। গোবিন্দও জনপ্ৰিয় হৈ উঠে আৰু তেওঁ এমাহৰ ভিতৰত আৰু ৪০ খন চলচ্চিত্ৰত স্বাক্ষৰ কৰে৷ 'লাভ ৮৬'ত গোবিন্দাৰ বিপৰীতে অভিনয় কৰিছিল মোহময়ী তথা সেই সময়ৰ জনপ্ৰিয় অভিনেত্ৰী নীলম কুঠৰীয়ে। প্ৰথম দৃষ্টিতেই নীলমৰ প্ৰেমত পৰিছিল গোবিন্দা। দুয়োৰে মাজত প্ৰথমে বন্ধুত্ব গঢ় লৈ উঠে আৰু খুব সোনকালেই এই বন্ধুত্বই প্ৰেমৰ ৰূপ লয়।নীলমক গোবিন্দাই ইমানেই ভাল পাইছিল যে মাতৃৰ লগত চিনাকি কৰাই দিয়াৰ কথা ভাবে। বুকুত সাহস বান্ধি এদিন মাতৃক নীলমৰ সৈতে থকা প্ৰেমৰ কথা খুলি কয় গোবিন্দাই। কিন্তু ইতিমধ্যেই মাতৃয়ে পুত্ৰ গোবিন্দাৰ বাবে সুনীতা সিং নামৰ এগৰাকী যুৱতীক পচন্দ কৰি থৈছিল।

কেৱল মাতৃৰ কথা অৱমাননা কৰিব নোৱাৰা বাবেই অনিচ্ছাস্বত্বেও গোবিন্দাই ১৯৮৭ চনত সুনীতা সিঙক বিয়া কৰায়। বিয়াৰ পাছতো নীলমৰ সৈতে চিনেমা কৰে গোবিন্দাই। গোবিন্দ আৰু নীলমৰ যুটিটোক দৰ্শকে খুব পচন্দ কৰিছিল। দুয়ো মুঠ ১৪খন চিনেমাত একেলগে অভিনয় কৰে। সুনীতা সিং আহুজাৰ সৈতে গোবিন্দাৰ বৈবাহিক সম্পৰ্ক মধুৰ। তেওঁলোকৰ টিনা আৰু যশবৰ্ধন নামেৰে দুটি সন্তান আছে। গোবিন্দাই নিজ কেৰিয়াৰত বৰ্তমানলৈকে ২৫০খনৰো অধিক চিনেমাত অভিনয় কৰিছে। ডেভিড ধাৱানৰ চিনেমাত অভিনয় কৰি বেছি জনপ্ৰিয় হৈ উঠিছিল গোবিন্দা। গোবিন্দাই মাতৃক কিমান বেছি ভাল পাইছিল আৰু সমীহ কৰিছিল সেই কথা এক ইণ্টাৰভিউত প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে ''মোৰ মাৰ কথাবোৰ মোৰ বাবে শিলৰ ৰেখা আছিল। মাৰ বাবেই মই মোৰ প্ৰথম প্ৰেমক ত্যাগ কৰিছিলোঁ, সেই কথা মোৰ পত্নীয়েও জানে। মই যেতিয়াই কামলৈ যাওঁ মাৰ আশীৰ্বাদ লৈহে ওলাই যাওঁ।'' মাতৃৰ প্ৰতি অফুৰন্ত মৰম থকা গোবিন্দাৰ নিজ পত্নী আৰু সন্তানৰ প্ৰতিও আছে মৰম আৰু দায়িত্ববোধ। গোবিন্দাৰ জীৱন এনেদৰেই সুন্দৰ হৈ থাকক তাৰে কামনা কৰিছে অনুৰাগীসকলে।

আৰু পঢ়কঃ ‘লালকিল্লা মোৰ’ বুলি দাবী মোগল বোৱাৰীৰ! কোৰ্টৰ প্ৰশ্ন-১৫০ বছৰৰ পাছত মনত পৰিল যে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ