--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আমিৰ খান-নামেই যাৰ পৰিচয়। চলচ্চিত্ৰপ্ৰেমীৰ মাজত এইগৰাকী তাৰকা অভিনেতাৰ বিষয়ে নুশুনা মানুহ নাই বুলিয়েই ক’ব পাৰি। শত-সহস্ৰ গুণমুগ্ধ ৰৈ থাকে তেওঁৰ ছবিৰ বাবে। দীৰ্ঘ বিৰতিৰ অন্তত প্ৰিয় অভিনেতাজনৰ পৰা অনুৰাগীয়ে বিচাৰিছে নতুন ছবি। পাছে নতুন ছবি উপহাৰ নিদিলেও অভিনেতাজনে ৰহস্যভেদ কৰিছে আন এক সত্যৰ। আজিৰ পৰা ৭বছৰ পূৰ্বে মুক্তি পোৱা এখন ছবিৰ নেপথ্যৰ কাহিনী প্ৰকাশ কৰিছে মুকলিকৈ। উল্লেখ্য যে, ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত ‘পিকে’চলচ্চিত্ৰখনে ২০১৪ চনত মুক্তিলাভ কৰিছিল। বলীউডত ‘মিষ্টাৰ পাৰফেক্টছ’নিষ্ট’ খ্যাত আমিৰ খান অভিনীত যিকোনো চলচ্চিত্ৰৰ চৰিত্ৰতে গভীৰভাৱে লীন যায় তেওঁ।

ছবিৰ চৰিত্ৰৰ সৈতে খাপ খুৱাবলৈ যাওঁতে কেতিয়াবা নিৰ্দিষ্ট চৰিত্ৰটোৰ বাবে ওজন হ্ৰাস কৰিছে আৰু কেতিয়াবা ওজন বৃদ্ধি কৰিছে অভিনেতাজনে। অগণিত ছবিৰ লেখীয়া আমিৰ খান অভিনীত জনপ্ৰিয় ছবি ‘পিকে’ত তেওঁক দেখিবলৈ পোৱা গৈছিল এলিয়েনৰ চৰিত্ৰত। জানিবলৈ পোৱা মতে, এই ছবিখনৰ বাবে তেওঁ দৈনিক ১০০ খনতকৈ অধিক পাণ খাইছিল। এই বিষয়ে সোধাত ‘মিষ্টাৰ পাৰফেক্টছ’নিষ্ট’ আমিৰে কয়, ‘মই পাণ খোৱাত ইমান অভ্যস্ত নহয়। মাজে সময়ে পান খাওঁ। তথাপি এইখন ছবিৰ বাবে মই অধিক পাণ খাবলগীয়া হৈছিল।’ তেওঁ লগতে কয়, ‘ মই ভাবিছিলো যে, প্ৰতিটো দৃশ্যৰ বাবে ৫০-৬০খন পাণ খাবলগীয়া হ’ব পাৰে।

কিন্তু ছবিৰ পৰিচালকে আৰু অধিক খাবলৈ কৈছিল।’ সেইবাবে আমিৰ খানে ১০০খনতকৈও অধিক পাণ খাবলগীয়া হৈছিল। উল্লেখ্য যে, ‘পিকে’ৰ ছেটত এজন পানৱালাও আছিল। প্ৰতিটো দৃশ্যৰ বাবে এখন সতেজ পাণ খাবলগীয়া হৈছিল অভিনেতাজনে। ইয়াৰোপৰি, শ্বুটিং আৰম্ভ কৰাৰ পূৰ্বে, মুখৰ ভিতৰত কিম্বা ওঁঠত সুন্দৰ ৰং পাবলৈ অতিকমেও ১০-১২খন পাণ খাইছিল আমিৰে। ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত এই ছবিখন যুটীয়াভাৱে হিৰাণী আৰু বিধুবিনোদ চোপ্ৰাই প্ৰযোজনা কৰি উলিয়াইছিল। স্মৰ্তব্য যে, ছবিখনত অনুষ্কা শৰ্মা, সুশান্ত সিং ৰাজপুত, সঞ্জয় দত্ত, বোমান ইৰাণী আৰু সৌৰভ শুক্লাৰ দৰে বলীউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছিল। শেহতীয়াকৈ অভিনেতাজনে ব্যক্ত কৰা নেপথ্যৰ গল্পকথাই আমোদ দিছে অনুৰাগীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ