--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আমিৰ খান-নামেই যাৰ পৰিচয়। চলচ্চিত্ৰপ্ৰেমীৰ মাজত এইগৰাকী তাৰকা অভিনেতাৰ বিষয়ে নুশুনা মানুহ নাই বুলিয়েই ক’ব পাৰি। শত-সহস্ৰ গুণমুগ্ধ ৰৈ থাকে তেওঁৰ ছবিৰ বাবে। দীৰ্ঘ বিৰতিৰ অন্তত প্ৰিয় অভিনেতাজনৰ পৰা অনুৰাগীয়ে বিচাৰিছে নতুন ছবি। পাছে নতুন ছবি উপহাৰ নিদিলেও অভিনেতাজনে ৰহস্যভেদ কৰিছে আন এক সত্যৰ। আজিৰ পৰা ৭বছৰ পূৰ্বে মুক্তি পোৱা এখন ছবিৰ নেপথ্যৰ কাহিনী প্ৰকাশ কৰিছে মুকলিকৈ। উল্লেখ্য যে, ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত ‘পিকে’চলচ্চিত্ৰখনে ২০১৪ চনত মুক্তিলাভ কৰিছিল। বলীউডত ‘মিষ্টাৰ পাৰফেক্টছ’নিষ্ট’ খ্যাত আমিৰ খান অভিনীত যিকোনো চলচ্চিত্ৰৰ চৰিত্ৰতে গভীৰভাৱে লীন যায় তেওঁ।

ছবিৰ চৰিত্ৰৰ সৈতে খাপ খুৱাবলৈ যাওঁতে কেতিয়াবা নিৰ্দিষ্ট চৰিত্ৰটোৰ বাবে ওজন হ্ৰাস কৰিছে আৰু কেতিয়াবা ওজন বৃদ্ধি কৰিছে অভিনেতাজনে। অগণিত ছবিৰ লেখীয়া আমিৰ খান অভিনীত জনপ্ৰিয় ছবি ‘পিকে’ত তেওঁক দেখিবলৈ পোৱা গৈছিল এলিয়েনৰ চৰিত্ৰত। জানিবলৈ পোৱা মতে, এই ছবিখনৰ বাবে তেওঁ দৈনিক ১০০ খনতকৈ অধিক পাণ খাইছিল। এই বিষয়ে সোধাত ‘মিষ্টাৰ পাৰফেক্টছ’নিষ্ট’ আমিৰে কয়, ‘মই পাণ খোৱাত ইমান অভ্যস্ত নহয়। মাজে সময়ে পান খাওঁ। তথাপি এইখন ছবিৰ বাবে মই অধিক পাণ খাবলগীয়া হৈছিল।’ তেওঁ লগতে কয়, ‘ মই ভাবিছিলো যে, প্ৰতিটো দৃশ্যৰ বাবে ৫০-৬০খন পাণ খাবলগীয়া হ’ব পাৰে।

কিন্তু ছবিৰ পৰিচালকে আৰু অধিক খাবলৈ কৈছিল।’ সেইবাবে আমিৰ খানে ১০০খনতকৈও অধিক পাণ খাবলগীয়া হৈছিল। উল্লেখ্য যে, ‘পিকে’ৰ ছেটত এজন পানৱালাও আছিল। প্ৰতিটো দৃশ্যৰ বাবে এখন সতেজ পাণ খাবলগীয়া হৈছিল অভিনেতাজনে। ইয়াৰোপৰি, শ্বুটিং আৰম্ভ কৰাৰ পূৰ্বে, মুখৰ ভিতৰত কিম্বা ওঁঠত সুন্দৰ ৰং পাবলৈ অতিকমেও ১০-১২খন পাণ খাইছিল আমিৰে। ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত এই ছবিখন যুটীয়াভাৱে হিৰাণী আৰু বিধুবিনোদ চোপ্ৰাই প্ৰযোজনা কৰি উলিয়াইছিল। স্মৰ্তব্য যে, ছবিখনত অনুষ্কা শৰ্মা, সুশান্ত সিং ৰাজপুত, সঞ্জয় দত্ত, বোমান ইৰাণী আৰু সৌৰভ শুক্লাৰ দৰে বলীউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছিল। শেহতীয়াকৈ অভিনেতাজনে ব্যক্ত কৰা নেপথ্যৰ গল্পকথাই আমোদ দিছে অনুৰাগীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু