--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰে দেশত ভুৱা ছিম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰু অন্যান্য অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ গৈ আছে। সেইমৰ্মে চৰকাৰে ভুৱা ছিম কাৰ্ড ৰোধ কৰিবলৈ কঠোৰ আইন আনিছে। নতুন বছৰৰ পৰা  ভুৱা ছিম কাৰ্ড ক্ৰয় কৰিলেই ৩ বছৰৰ কাৰাবাসৰ লগতে ৫০  লাখ টকাৰ জৰিমনা হ'ব। চৰকাৰে  নতুন ছিম লোৱাৰ নিয়মবোৰ কঠোৰ কৰিছে। নতুন নিয়ম অনুসৰি, টেলিকম কোম্পানীবোৰেও নিয়ম উলংঘা কৰাৰ বাবে জৰিমনা পৰিশোধ কৰিব লাগিব।টেলিকম বিধেয়ক ২০২৩ সংসদৰ দুয়োখন সদনতে গৃহীত হোৱাৰ পিছতে এতিয়া ভুৱা ছিম কাৰ্ডৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে চৰকাৰ।


সেই বিধেয়কখনত ভুৱা ছিম লোৱাসকলৰ বাবে ৩ বছৰৰ কাৰাদণ্ড আৰু ৫০ লাখ টকালৈকে জৰিমনা বিহাৰ বিধান দিয়া  হৈছে। উল্লেখ্য ইতিমধ্যে ৫৫ লাখ মোবাইল ফোনৰ ন্মবৰ ব্লক কৰি দিছে কেন্দ্ৰীয় চৰকাৰে।   কিন্তু চৰকাৰে কিয় এনে পন্থা গ্ৰহণ কৰিলে। দৰাচলতে চৰকাৰে বল্ক কৰি দিয়া মোবাইল ফোনৰ গৰাকীসকলৰ পৰিচয় ভুৱা আছিল। ভুৱা তথ্য আৰু নথি-পত্ৰৰে তেনে ফোন নম্বৰসমূহ বহুতে লাভ কৰিছিল।নিজৰ নামত নথকা তেনে নম্বৰসমূহৰ পৰা বহুতেই ধন দাবীকে ধৰি আন বহু অপৰাধ সংঘটিত কৰি আহিছিল।  

এনে চাইবাৰ জালিয়াতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ভুৱা নথিপত্ৰৰে প্ৰস্তুত কৰা  ছিমবোৰ অকামিলা কৰি দিছে। উল্লেখ্য ভাৰতত চাইবাৰ জালিয়াতিৰ ঘটনা বৃদ্ধি পাইছে।  চাইবাৰ কেলেংকাৰীৰ নতুন নতুন ঘটনা প্ৰতিদিনে পোহৰলৈ আহি আছে।  চাইবাৰ অপৰাধীৰ জালত পৰি  বহু  লোকে লাখ লাখ টকা হেৰুৱাইছে।  কিছু ক্ষেত্ৰত চাইবাৰ অপৰাধীয়ে বহু লোকৰ  ছবি আদি ব্যৱহাৰ কৰিও ব্লেকমেইল কৰি আহিছে।  

কেন্দ্ৰীয় যোগাযোগ দপ্তৰৰ  মন্ত্ৰী দেৱুসিংহ চৌহানে সংসদত প্ৰকাশ কৰা মতে  ভুৱা পৰিচয় পত্ৰৰ সহায়ত লোৱা নম্বৰবোৰৰ সৰহভাগেই  বন্ধ কৰা হৈছে। এই সংখ্যাটো প্ৰায় ৫৫ লাখ হ’ব বুলি তেওঁ কয়। তেওঁ লগতে কয় চাইবাৰ জালিয়াতিৰ সৈতে জড়িত ১.৩২  লাখ মোবাইল ফোনো ব্লক কৰি দিয়া হৈছে। 

 উল্লেখ্য সঞ্চাৰ সাথী পৰ্টেলৰ যোগেৰে  মোবাইল ফোনৰ বহু তথ্য লাভ কৰিব পাৰি।  সঞ্চাৰ সাথী পৰ্টেল হৈছে ব্যৱহাৰকাৰীৰ ম'বাইল নম্বৰ প্ৰমাণিত কৰিবলৈ এটা অনলাইন প্লেটফৰ্ম। সঞ্চাৰ সাথী পৰ্টেলে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ নামত জাৰি কৰা ম'বাইল সংযোগৰ বিষয়ে জানিবলৈ, অপ্ৰয়োজনীয় সংযোগ বিচ্ছিন্ন কৰিবলৈ, হেৰুওৱা মোবাইল ফোনবোৰ ব্লক আৰু ট্ৰেচ কৰিবলৈ তথা  নতুন আৰু পুৰণি মোবাইল ফোন ক্ৰয় কৰোঁতে ডিভাইচৰ তথ্য  পৰীক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিএই পৰ্টেলটোৱে আপোনাক বহুতো সেৱা প্ৰদান কৰে।এই পৰ্টেল আপুনি www.sancharsaathi.gov.in ছাৰ্চ কৰিলেই পাব।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক