--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰে দেশত ভুৱা ছিম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰু অন্যান্য অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ গৈ আছে। সেইমৰ্মে চৰকাৰে ভুৱা ছিম কাৰ্ড ৰোধ কৰিবলৈ কঠোৰ আইন আনিছে। নতুন বছৰৰ পৰা  ভুৱা ছিম কাৰ্ড ক্ৰয় কৰিলেই ৩ বছৰৰ কাৰাবাসৰ লগতে ৫০  লাখ টকাৰ জৰিমনা হ'ব। চৰকাৰে  নতুন ছিম লোৱাৰ নিয়মবোৰ কঠোৰ কৰিছে। নতুন নিয়ম অনুসৰি, টেলিকম কোম্পানীবোৰেও নিয়ম উলংঘা কৰাৰ বাবে জৰিমনা পৰিশোধ কৰিব লাগিব।টেলিকম বিধেয়ক ২০২৩ সংসদৰ দুয়োখন সদনতে গৃহীত হোৱাৰ পিছতে এতিয়া ভুৱা ছিম কাৰ্ডৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে চৰকাৰ।


সেই বিধেয়কখনত ভুৱা ছিম লোৱাসকলৰ বাবে ৩ বছৰৰ কাৰাদণ্ড আৰু ৫০ লাখ টকালৈকে জৰিমনা বিহাৰ বিধান দিয়া  হৈছে। উল্লেখ্য ইতিমধ্যে ৫৫ লাখ মোবাইল ফোনৰ ন্মবৰ ব্লক কৰি দিছে কেন্দ্ৰীয় চৰকাৰে।   কিন্তু চৰকাৰে কিয় এনে পন্থা গ্ৰহণ কৰিলে। দৰাচলতে চৰকাৰে বল্ক কৰি দিয়া মোবাইল ফোনৰ গৰাকীসকলৰ পৰিচয় ভুৱা আছিল। ভুৱা তথ্য আৰু নথি-পত্ৰৰে তেনে ফোন নম্বৰসমূহ বহুতে লাভ কৰিছিল।নিজৰ নামত নথকা তেনে নম্বৰসমূহৰ পৰা বহুতেই ধন দাবীকে ধৰি আন বহু অপৰাধ সংঘটিত কৰি আহিছিল।  

এনে চাইবাৰ জালিয়াতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ভুৱা নথিপত্ৰৰে প্ৰস্তুত কৰা  ছিমবোৰ অকামিলা কৰি দিছে। উল্লেখ্য ভাৰতত চাইবাৰ জালিয়াতিৰ ঘটনা বৃদ্ধি পাইছে।  চাইবাৰ কেলেংকাৰীৰ নতুন নতুন ঘটনা প্ৰতিদিনে পোহৰলৈ আহি আছে।  চাইবাৰ অপৰাধীৰ জালত পৰি  বহু  লোকে লাখ লাখ টকা হেৰুৱাইছে।  কিছু ক্ষেত্ৰত চাইবাৰ অপৰাধীয়ে বহু লোকৰ  ছবি আদি ব্যৱহাৰ কৰিও ব্লেকমেইল কৰি আহিছে।  

কেন্দ্ৰীয় যোগাযোগ দপ্তৰৰ  মন্ত্ৰী দেৱুসিংহ চৌহানে সংসদত প্ৰকাশ কৰা মতে  ভুৱা পৰিচয় পত্ৰৰ সহায়ত লোৱা নম্বৰবোৰৰ সৰহভাগেই  বন্ধ কৰা হৈছে। এই সংখ্যাটো প্ৰায় ৫৫ লাখ হ’ব বুলি তেওঁ কয়। তেওঁ লগতে কয় চাইবাৰ জালিয়াতিৰ সৈতে জড়িত ১.৩২  লাখ মোবাইল ফোনো ব্লক কৰি দিয়া হৈছে। 

 উল্লেখ্য সঞ্চাৰ সাথী পৰ্টেলৰ যোগেৰে  মোবাইল ফোনৰ বহু তথ্য লাভ কৰিব পাৰি।  সঞ্চাৰ সাথী পৰ্টেল হৈছে ব্যৱহাৰকাৰীৰ ম'বাইল নম্বৰ প্ৰমাণিত কৰিবলৈ এটা অনলাইন প্লেটফৰ্ম। সঞ্চাৰ সাথী পৰ্টেলে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ নামত জাৰি কৰা ম'বাইল সংযোগৰ বিষয়ে জানিবলৈ, অপ্ৰয়োজনীয় সংযোগ বিচ্ছিন্ন কৰিবলৈ, হেৰুওৱা মোবাইল ফোনবোৰ ব্লক আৰু ট্ৰেচ কৰিবলৈ তথা  নতুন আৰু পুৰণি মোবাইল ফোন ক্ৰয় কৰোঁতে ডিভাইচৰ তথ্য  পৰীক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিএই পৰ্টেলটোৱে আপোনাক বহুতো সেৱা প্ৰদান কৰে।এই পৰ্টেল আপুনি www.sancharsaathi.gov.in ছাৰ্চ কৰিলেই পাব।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান