--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া " পাঠান"ৰ উন্মাদনা । আপুনি কেতিয়াবা ভাবিছিল নে বহু বছৰৰ পিছত বলীউডৰ ছবি এখন  এনেদৰে চুপাৰডুপাৰ হিট হৈ পৰিব?  " পাঠান"ৰ আগতে শ্বাহৰুখ খানে অভিনয় কৰা  অন্তিম খন ছবি মুঠেও ভাল চলা নাছিল৷  ঠিক যেনেদৰে যশ ৰাজ ফিল্মছৰ আন বহু  ছবিয়েই ফ্লপ হৈছে। কিন্তু একেটা প্ৰডাকছন হাউছৰে " পাঠান"  হিট হৈছে, ইয়াৰ  কাৰণ কি বাৰু? 
 
যদি আপুনি টিভি খোলে তেন্তে 'পাঠান', যদি আপুনি ফেচবুক খোলে, তাতো 'পাঠান', যদি আপুনি টুইটাৰ খোলে, তাতো 'পাঠান'... মুঠতে পাঠান' চাৰিওফালে ঘূৰিছে 'পাঠান'। হয়, শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ছবি 'পাঠান' -এ এতিয়া দেশত ধুমুহাৰ সৃষ্টি কৰিছে৷  শ্বাহৰুখ খানৰ পাঠান' ছবি খনে মাত্ৰ এটা গীতেৰেই ছুপাৰ হিট হৈছে৷ বেচৰম ৰং গীতটিৰ পৰাই আৰম্ভ হৈছিল বিতৰ্ক৷ দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধি নৃত্য কৰা গীতটিৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠন সমূহে গুজৰি উঠিছিল৷ 

অযোধ্যাত আনকি জীৱিত অৱস্থাতে শ্বাহৰুখ খানৰ আদ্য শ্ৰাদ্ধ পতা হৈছিল৷ জ্বলাই দিয়া হৈছিল ছবি খনৰ পোষ্টাৰ৷ মুঠৰ ওপৰত গীতটিৰ বাবেই " পাঠান" বৰ্জনৰ আহ্বান জনাইছিল বহু সংগঠনে৷ কথাতে আছে লোকে নিষিদ্ধ কৰা বস্তুৰ প্ৰতি মানুহৰ আগ্ৰহ বেছি৷ " পাঠান"তনো এনে কি আছে যাৰ বাবে ইমান বিতৰ্ক হৈছে, সেয়া জানিবলৈয়েই বহুতে ছবিঘৰলৈ লৰ দিলে৷ তদুপৰি বেচৰম ৰং গীতটিত একাংশই ধৰ্মৰ গোন্ধ পোৱাত ছবি খনে ধৰ্মীয় মাইলেজো লাভ কৰিলে৷ বহুতৰে বাবে " পাঠান" উপভোগ কৰাটো এক প্ৰত্যাহ্বানৰ দৰে হৈ পৰিল৷ সেয়ে  মাত্ৰ ৩ দিনতে , 'পাঠান'-এ ২০  টাতকৈও অধিক অভিলেখ ভংগ কৰিছে।  " পাঠান" বৰ্জনৰ আহ্বান জনোৱা হিন্দুত্ববাদীসকলে এতিয়া কপালত চপৰিয়াইছে৷ 


উল্লেখ্য ইয়াৰ আগতে যশৰাজ ফিল্মছৰ  বহু  ছবি একেৰাহে ফ্লপ হৈছে৷ যাৰ ভিতৰত আছে জয়েশভাই জৰ্দাৰ, চমছেৰা, পৃথ্বীৰাজৰ দৰে ছবি। কিন্তু বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে  'পাঠান' চুপাৰডুপাৰ হিট হৈ পৰিল৷ তদুপৰি চাৰি বছৰৰ বিৰতিৰ পিছত শ্বাহৰুখ খান পুনৰ বলীউডলৈ উভতি আহিছে৷ এখন বিতৰ্কিত ছবিৰ সহায়ত শ্বাহৰুখ খানৰ এনে প্ৰত্যাৱৰ্তন অধিক লাভ দায়ক হৈ পৰিস৷ শ্বাহৰুখৰ অনুৰাগীসকলে প্ৰিয় অভিনেতা জনক পুনৰ ৰূপালী পৰ্দাত চোৱাৰ সুবিধা পোৱাৰ লগতে ছবি খন চাই " পাঠান" ৰ ৰহস্য উদ্ঘাটনৰ সুযোগ পালে৷ সেই সুযোগ বহুতে এৰি নিদিলে৷ সেয়ে " পাঠান" চোৱা মানুহৰো অভাৱ হোৱা নাই বুলি বহুতে মন্তব্য কৰিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক