--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া " পাঠান"ৰ উন্মাদনা । আপুনি কেতিয়াবা ভাবিছিল নে বহু বছৰৰ পিছত বলীউডৰ ছবি এখন  এনেদৰে চুপাৰডুপাৰ হিট হৈ পৰিব?  " পাঠান"ৰ আগতে শ্বাহৰুখ খানে অভিনয় কৰা  অন্তিম খন ছবি মুঠেও ভাল চলা নাছিল৷  ঠিক যেনেদৰে যশ ৰাজ ফিল্মছৰ আন বহু  ছবিয়েই ফ্লপ হৈছে। কিন্তু একেটা প্ৰডাকছন হাউছৰে " পাঠান"  হিট হৈছে, ইয়াৰ  কাৰণ কি বাৰু? 
 
যদি আপুনি টিভি খোলে তেন্তে 'পাঠান', যদি আপুনি ফেচবুক খোলে, তাতো 'পাঠান', যদি আপুনি টুইটাৰ খোলে, তাতো 'পাঠান'... মুঠতে পাঠান' চাৰিওফালে ঘূৰিছে 'পাঠান'। হয়, শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ছবি 'পাঠান' -এ এতিয়া দেশত ধুমুহাৰ সৃষ্টি কৰিছে৷  শ্বাহৰুখ খানৰ পাঠান' ছবি খনে মাত্ৰ এটা গীতেৰেই ছুপাৰ হিট হৈছে৷ বেচৰম ৰং গীতটিৰ পৰাই আৰম্ভ হৈছিল বিতৰ্ক৷ দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধি নৃত্য কৰা গীতটিৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠন সমূহে গুজৰি উঠিছিল৷ 

অযোধ্যাত আনকি জীৱিত অৱস্থাতে শ্বাহৰুখ খানৰ আদ্য শ্ৰাদ্ধ পতা হৈছিল৷ জ্বলাই দিয়া হৈছিল ছবি খনৰ পোষ্টাৰ৷ মুঠৰ ওপৰত গীতটিৰ বাবেই " পাঠান" বৰ্জনৰ আহ্বান জনাইছিল বহু সংগঠনে৷ কথাতে আছে লোকে নিষিদ্ধ কৰা বস্তুৰ প্ৰতি মানুহৰ আগ্ৰহ বেছি৷ " পাঠান"তনো এনে কি আছে যাৰ বাবে ইমান বিতৰ্ক হৈছে, সেয়া জানিবলৈয়েই বহুতে ছবিঘৰলৈ লৰ দিলে৷ তদুপৰি বেচৰম ৰং গীতটিত একাংশই ধৰ্মৰ গোন্ধ পোৱাত ছবি খনে ধৰ্মীয় মাইলেজো লাভ কৰিলে৷ বহুতৰে বাবে " পাঠান" উপভোগ কৰাটো এক প্ৰত্যাহ্বানৰ দৰে হৈ পৰিল৷ সেয়ে  মাত্ৰ ৩ দিনতে , 'পাঠান'-এ ২০  টাতকৈও অধিক অভিলেখ ভংগ কৰিছে।  " পাঠান" বৰ্জনৰ আহ্বান জনোৱা হিন্দুত্ববাদীসকলে এতিয়া কপালত চপৰিয়াইছে৷ 


উল্লেখ্য ইয়াৰ আগতে যশৰাজ ফিল্মছৰ  বহু  ছবি একেৰাহে ফ্লপ হৈছে৷ যাৰ ভিতৰত আছে জয়েশভাই জৰ্দাৰ, চমছেৰা, পৃথ্বীৰাজৰ দৰে ছবি। কিন্তু বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে  'পাঠান' চুপাৰডুপাৰ হিট হৈ পৰিল৷ তদুপৰি চাৰি বছৰৰ বিৰতিৰ পিছত শ্বাহৰুখ খান পুনৰ বলীউডলৈ উভতি আহিছে৷ এখন বিতৰ্কিত ছবিৰ সহায়ত শ্বাহৰুখ খানৰ এনে প্ৰত্যাৱৰ্তন অধিক লাভ দায়ক হৈ পৰিস৷ শ্বাহৰুখৰ অনুৰাগীসকলে প্ৰিয় অভিনেতা জনক পুনৰ ৰূপালী পৰ্দাত চোৱাৰ সুবিধা পোৱাৰ লগতে ছবি খন চাই " পাঠান" ৰ ৰহস্য উদ্ঘাটনৰ সুযোগ পালে৷ সেই সুযোগ বহুতে এৰি নিদিলে৷ সেয়ে " পাঠান" চোৱা মানুহৰো অভাৱ হোৱা নাই বুলি বহুতে মন্তব্য কৰিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে