--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছবি খনৰ প্ৰচাৰৰ বাবে ’ দ্য কাশ্মীৰ ফাইলছ’ত গ্ৰহণ কৰা ফৰ্মুলাই প্ৰয়োগ কৰা হৈছিল৷ বিজেপিৰ বাঘা বাঘা নেতাই নানান কৌশল প্ৰয়োগ কৰি ছবি খনক ’ দ্য কাশ্মীৰ ফাইলছ’ৰ দৰেই জনপ্ৰিয় কৰি তুলিব বিচাৰিছিল৷ বিজেপি শাসিত কেইবা খনো ৰাজ্যত ছবি খন কৰমুক্ত ঘোষণা কৰা হৈছিল৷ ছবি খনত ’হিন্দু হিন্দু’গোন্ধ এটা জাপি দিব বিচৰা হৈছে বুলি বহুতেই অভিযোগ কৰা দেখা গৈছে৷ কিন্তু সকলো প্ৰচেষ্টা পানী কৰি ছবি খন ফ্লপ হৈছে৷ 

হয়, অক্ষয় কুমাৰৰ ‘সম্ৰাট পৃথ্বীৰাজ’ ছবি খনৰ কথাই ক’বলৈ বিচৰা হৈছে৷ছবি খনকলৈ যিমান হৈ চৈ কৰা হৈছিল সেই সকলো বোৰেই এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ বক্স অফিচত অভাৱনীয় ভাবে মুখ থেকেচা খাইছে অক্ষয় কুমাৰৰ ‘সম্ৰাট পৃথ্বীৰাজ’-এ৷ 

কেৱল ধনৰ বিষয়তে নহয়, মান-সন্মানৰ বিষয়কলৈ এতিয়া মূৰে কপালে হাত দিছে প্ৰযোজকে৷ ছবি খনৰ প্ৰচাৰত নামিছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধপি বিজেপিৰ বহু বাঘা বাঘা নেতাই৷ কাশ্মীৰী ফাইলছে দেশৰ একাংশ লোকক ধৰ্মীয় মেৰুকৰণ কৰিবলৈ সক্ষম হোৱাৰ দৰেই অক্ষয় কুমাৰৰ ‘সম্ৰাট পৃথ্বীৰাজ’-য়েও একে ফলাফলেই দিব বুলি গেৰুৱা শিবিৰৰ বহুতে আশা কৰিছিল যদিও সেয়া হৈ নুঠিল৷ছবি খনৰ প্ৰতি দৰ্শকে এইবাৰ বিশেষ কোনো সঁহাৰিয়েই নিদিলে৷

ফলত  অক্ষয় কুমাৰ-মানুষী চিল্লাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’-এ  বক্স অফিচত পিছল খাবলগীয়া হৈছে৷ দৰ্শকৰ সংখ্যা কম হোৱাৰ বাবে কিছুমান ছবিগৃহত ছবিখনৰ মৰ্নিং শ্ব’ বাতিল কৰিবলগীয়া হোৱা বুলিও খবৰ আহিছে৷

৩ জুন শুকুৰবাৰে মুক্তি দিয়া হৈছিল অক্ষয় কুমাৰ আৰু মানুষী চিল্লা অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’। মুক্তিৰ দিনাখন ছবিখনে সমগ্ৰ দেশত মাত্ৰ ১০.৬০ কোটি টকা সংগ্ৰহ কৰিছে। এই ধনৰ সংখ্যাই ব্যথিত আৰু চিন্তিত কৰি তুলিছিল প্ৰযোজকক৷
শনিবাৰে ছবিখনৰ বক্স অফিচ সংগ্ৰহ আছিল ১২.৬০ কোটি টকা। 

দেওবাৰে ১৬ কোটিতকৈ অলপ বেছি উপাৰ্জন কৰিছে ছবিখনে। মুঠতে ছবিখনৰ এটা সপ্তাহৰ সংগ্ৰহ ৩৯.৪০ কোটি টকা, প্ৰথম সপ্তাহৰ ‘ভুলভূলাইয়া-২’ৰ ব্যৱসায়তকৈও বেয়া অভিলেখ অক্ষয় অভিনীত ছবিৰ। তাৰ পিছত ছবিখন মুক্তি পোৱাৰ চতুৰ্থ দিনা পৰিচালক চন্দ্ৰ প্ৰকাশ দ্বিবেদীৰ ছবিখনে আৰু অধিক বেয়া ফল দেখুৱাইছে৷ 

সোমবাৰ আৰু মঙলবাৰে এই ছবিখনৰ বক্স অফিচ সংগ্ৰহ ক্ৰমে ৫ কোটি আৰু ৪.২৫ কোটি টকা। ‘ সম্ৰাট পৃথ্বীৰাজ’ৰ শ্ব’ বাতিল হ’ব পাৰে বুলি কোনেও কল্পনাই কৰিব পৰা নাছিল। ছবিখনত সম্ৰাট পৃথ্বীৰাজ চৌহানৰ বীৰগাঁথাৰ আলোকপাত কৰা হৈছে। 

২০০৪ চনৰ পৰা ২০১৯ চনলৈ ছবিখনৰ পৰিচালকে প্ৰায় ১৫ বছৰ ধৰি চিত্ৰনাট্য লিখিছিল। 

অক্ষয় কুমাৰ আৰু মানুষী চিল্লাৰ উপৰি সঞ্জয় দত্ত, ছনু ছুদ, আশুতোষ ৰাণা, মনব বিজ, সাক্ষী তনোৱাৰৰ দৰে অভিনেতা-অভিনেত্ৰীয়েও অভিনয় কৰা ‘সম্ৰাট পৃথ্বীৰাজ’ ছবি থনত পৰিচালকে ইচ্ছাকৃত ভাবে কেতবোৰ ঐতিহাসিকভাবে ভুস তথ্য উপস্থাপন কৰা বুলি বহু দৰ্শক তথা ছবি সমালোচকে সমালোচনা কৰিছে৷ হিন্দী  তামিল আৰু তেলেগু ভাষাত একেলগে মুক্তি পোৱা ছবি খনক দক্ষিণ ভাৰতৰ দৰ্শকে মুঠেও আদৰি লোৱা নাই৷ বিশেষকৈ ছবি খনত গেৰুৱা বাহিনীৰ চাব মোহৰ পৰাৰ পিছতে ছবি খন যেন বহুতৰে বাবে চাব নোৱাৰা ছবি হৈ পৰিল৷

দেশৰ ইমানবোৰ সমস্যা থকাৰ পিছতো বিজেপিৰ একাংশ নেতা-মন্ত্ৰীয়ে ছবিৰ প্ৰচাৰত নামি পৰাৰ কথাটোক বহুতেই সহজভাবে ল’ব পৰা নাই৷ ইয়াৰ বিপৰীতে  অভিনেতা কমল হাছানৰ বিক্ৰমে এসপ্তাহতকৈও কম সময়ৰ ভিতৰত বিশ্বজুৰি ২০০ কোটি  উপাৰ্জন কৰি চলচ্চিত্ৰ নিৰ্মাতাসকলক আচৰিত কৰি দিছে৷ বিজেপি বিৰোধী শিবিৰত অৱস্থান কৰি অহা কমল হাছানৰ ছবি খন চলাৰ কাৰণ বিচাৰি এতিয়া টোপনি হৰিছে বহুতৰে৷

 কোনো আড়ম্বৰ নোহোৱাকৈ মুক্তি দিয়া কমল হাছানৰ বিক্ৰমে সংগোপনে গৈ বক্স অফিচ গৰম কৰি দিলে৷  বিজয় সেতুপতি, ফাহাদ ফাচিল আৰু চুৰিয়াই অভিনয় কৰা ছবিখনৰ বক্স অফিচত সফলতাত উৎফুল্লিত হৈ কমল হাছানে  বিক্ৰমৰ পৰিচালক লোকেশ কানাগাৰাজক এখন নতুন গাড়ী উপহাৰ দিছে। বিক্ৰম  ছবিখন কমল হাছানৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ হিচাবে পৰিগণ৺িত হৈছে। এসপ্তাহত ২০০ কোটি টকা  সংগ্ৰহ কৰা এইখনেই তেওঁৰ প্ৰথম চলচ্চিত্ৰ। 

দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ সমালোচক  ৰমেশ বালাই টুইটাৰযোগে ঘোষণা কৰিছে যে বিক্ৰমে পাঁচ দিনত ২০০ কোটি টকা সংগ্ৰহ কৰিছে।  বিক্ৰমে মাত্ৰ তিনি দিনত ১৫০ কোটিৰো অধিক টকা সংগ্ৰহ কৰিছে। কেৱল ভাৰততে ছবি খনে ১০০ কোটি+ উপাৰ্জন কৰিছে। 

তেলেগু, হিন্দী আৰু মালায়ালম ভাষাত ডাব আৰু মুক্তি লাভ কৰা বিক্ৰম ছবি খনত কমল হাছানে ১৯৮৬ চনত একে নামৰ চলচ্চিত্ৰত অভিনয় কৰা চৰিত্ৰতে অভিনয় কৰিছে। তেওঁ  ব্লেক স্কোৱাডৰ প্ৰাক্তন এজেণ্ট বিক্ৰম হিচাপে পুনৰ উভতি আহে, যি ভাৰত চৰকাৰৰ বাবে কাম কৰিছিল। 

কোনো ৰাজনৈতিক পৃষ্ঠপোষকতা নোহোৱাকৈ চুপাৰ হিট হৈ পৰা বিক্ৰমৰ পৰিচালকক কমল হাছানে দামী গাড়ী উপহাৰ দিয়াৰ সময়তে ৰাজনৈতিক পৃষ্ঠপোষকতাৰে চলি থকা ‘সম্ৰাট পৃথ্বীৰাজ’ৰ পৰিচালকে প্ৰযোজকৰ পৰা কি উপহাৰ পাইছে সেয়া অৱশ্যে জানিব পৰা হোৱা নাই৷
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?