--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰু ধূমপান নকৰো৷ এনে অংগীকাৰ কিমানেই যে কিমানবাৰ কৰে৷ কিন্তু বহুতেই সময়ত ধূমপান এৰিব নোৱাৰে৷  ধূমপান ত্যাগ কৰাৰ পিছতো বহুলোকে নিজকে এই আসক্তিৰ পৰা মুক্ত কৰিব নোৱাৰি পুনৰ ধূমপানত ধৰে। কিন্তু এইবাৰ এজন যুৱকে ধূমপান ত্যাগৰ এক অভিনৱ পদ্ধতি অৱলম্বন কৰি সকলোকে আচৰিত কৰি দিছে৷ 

ধূমপান ত্যাগ কৰিবলৈ যুৱকজনে তেওঁৰ মূৰ আৰু মুখখন পিঞ্জৰাৰে বন্ধ কৰি দিছে! এনে কৰাৰ ফলত তেওঁ মন থাকিলেো আৰু চিগাৰেট হুপিব নোৱাৰা হৈ পৰিছে৷  তেওঁ পিন্ধি লোৱা পিঞ্জৰাটো তলা লগাই  বন্ধ কৰিও  দিছে। তলা মাৰি তেওঁ সেই তলাৰ চাবি  পৰিয়ালৰ লোকৰ হাতত গটাই দিছে৷  ঘটনাটো  অবিশ্বাস্য যেন লাগিলেও  তুৰস্কৰ যুৱকজনে তেনে কামেই কৰিছে৷ তুৰ্কীৰ বাতৰি কাকত হুৰিয়ত ডেইলীৰ মতে যুৱকজনৰ নাম হৈছে  ইব্ৰাহিম য়ুচেল । খবৰটো  পুৰণি যদিও ইব্ৰাহিমৰ ছবিখন পুনৰ ভাইৰেল হৈ পৰিছে। ছবিখন ২০১৩ চনত প্ৰথমে পোহৰলৈ আহিছিল।

 সেই সময়ত দাবী কৰা হৈছিল যে যুৱকজন ৰাছিয়াৰ আছিল। অৱশ্যে পিছত প্ৰকাশ পাইছিল যে তেওঁ এজন তুৰস্কৰহে  আছিল।ছবি খনৰ সত্য-সত্যতা অৱশ্যে  প্ৰাগ নিউজ ডিজিটেলে পৰীক্ষা কৰি চোৱা নাই৷  বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যম্যত প্ৰকাশিত খবৰ  অনুসৰি ইব্ৰাহিমে দিনে কেইটাও  চিগাৰেটৰ পেকেট সেৱন কৰিছিল। 

কিন্তু দেউতাকৰ মৃত্যুৰ পিছত তেওঁ চিগাৰেটৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। ইব্ৰাহিমৰ দেউতাকে হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। সেয়া দেখি ইব্ৰাহিমে চিগাৰেট এৰি দিয়াৰ কথা ভাবিছিল।কিন্তু চিগাৰেট এৰাৰ ক্ষেত্ৰত  ইব্ৰাহিমে সমস্যাৰ সন্মুখীন হৈছিল। তেতিয়াই তেওঁৰ মনলৈ চিগাৰেট ত্যাগ কৰাৰ অভিনৱ পদ্ধতিটোৰ কথা মনলৈ আহে৷  তেওঁ এটা পিঞ্জৰা তৈয়াৰ কৰিছিল আৰু পিন্ধি লৈছিল৷  নেটিজেনসকলে ইব্ৰাহিমৰ এনে কাণ্ড দেখি  হতবাক হৈ পৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস