--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰু ধূমপান নকৰো৷ এনে অংগীকাৰ কিমানেই যে কিমানবাৰ কৰে৷ কিন্তু বহুতেই সময়ত ধূমপান এৰিব নোৱাৰে৷  ধূমপান ত্যাগ কৰাৰ পিছতো বহুলোকে নিজকে এই আসক্তিৰ পৰা মুক্ত কৰিব নোৱাৰি পুনৰ ধূমপানত ধৰে। কিন্তু এইবাৰ এজন যুৱকে ধূমপান ত্যাগৰ এক অভিনৱ পদ্ধতি অৱলম্বন কৰি সকলোকে আচৰিত কৰি দিছে৷ 

ধূমপান ত্যাগ কৰিবলৈ যুৱকজনে তেওঁৰ মূৰ আৰু মুখখন পিঞ্জৰাৰে বন্ধ কৰি দিছে! এনে কৰাৰ ফলত তেওঁ মন থাকিলেো আৰু চিগাৰেট হুপিব নোৱাৰা হৈ পৰিছে৷  তেওঁ পিন্ধি লোৱা পিঞ্জৰাটো তলা লগাই  বন্ধ কৰিও  দিছে। তলা মাৰি তেওঁ সেই তলাৰ চাবি  পৰিয়ালৰ লোকৰ হাতত গটাই দিছে৷  ঘটনাটো  অবিশ্বাস্য যেন লাগিলেও  তুৰস্কৰ যুৱকজনে তেনে কামেই কৰিছে৷ তুৰ্কীৰ বাতৰি কাকত হুৰিয়ত ডেইলীৰ মতে যুৱকজনৰ নাম হৈছে  ইব্ৰাহিম য়ুচেল । খবৰটো  পুৰণি যদিও ইব্ৰাহিমৰ ছবিখন পুনৰ ভাইৰেল হৈ পৰিছে। ছবিখন ২০১৩ চনত প্ৰথমে পোহৰলৈ আহিছিল।

 সেই সময়ত দাবী কৰা হৈছিল যে যুৱকজন ৰাছিয়াৰ আছিল। অৱশ্যে পিছত প্ৰকাশ পাইছিল যে তেওঁ এজন তুৰস্কৰহে  আছিল।ছবি খনৰ সত্য-সত্যতা অৱশ্যে  প্ৰাগ নিউজ ডিজিটেলে পৰীক্ষা কৰি চোৱা নাই৷  বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যম্যত প্ৰকাশিত খবৰ  অনুসৰি ইব্ৰাহিমে দিনে কেইটাও  চিগাৰেটৰ পেকেট সেৱন কৰিছিল। 

কিন্তু দেউতাকৰ মৃত্যুৰ পিছত তেওঁ চিগাৰেটৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। ইব্ৰাহিমৰ দেউতাকে হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। সেয়া দেখি ইব্ৰাহিমে চিগাৰেট এৰি দিয়াৰ কথা ভাবিছিল।কিন্তু চিগাৰেট এৰাৰ ক্ষেত্ৰত  ইব্ৰাহিমে সমস্যাৰ সন্মুখীন হৈছিল। তেতিয়াই তেওঁৰ মনলৈ চিগাৰেট ত্যাগ কৰাৰ অভিনৱ পদ্ধতিটোৰ কথা মনলৈ আহে৷  তেওঁ এটা পিঞ্জৰা তৈয়াৰ কৰিছিল আৰু পিন্ধি লৈছিল৷  নেটিজেনসকলে ইব্ৰাহিমৰ এনে কাণ্ড দেখি  হতবাক হৈ পৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী