--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বহুতৰ বাবে দক্ষিণ কোৰিয়া এখন সপোনৰ চহৰ৷ দক্ষিণ কোৰিয়াৰ খাদ্যাভাস, সংস্কৃতিৰ দ্বাৰা আজিৰ প্ৰজন্মটো বাৰুকৈয়ে প্ৰভাৱান্বিত৷ কিন্তু বহুতেই দেখা নাই দক্ষিণ কোৰিয়াৰ আভ্যন্তৰীণ ছবিখন। 

বৰ্তমান দক্ষিণ কোৰিয়া এক ডাঙৰ “জনসংখ্যা দুৰ্যোগ”ৰ দিশে আগবাঢ়িছে৷  কিয়নো একেৰাহে  দ্বিতীয়বাৰৰ বাবে দেশখনৰ  উৰ্বৰতাৰ হাৰ বিশ্বৰ ভিতৰতে  সৰ্বনিম্ন হিচাপে চিহ্নিত হৈছে৷ অৰ্থনৈতিক অসমতা বৃদ্ধি হোৱাৰ লগতে  ঘৰুৱা ব্যয় বৃদ্ধি হোৱাৰ লগে লগে দক্ষিণ কোৰিয়াৰ যুৱ-প্ৰজন্মৰ  বাবে সন্তান জন্ম দিয়াটো ক্ৰমান্বয়ে অনাকৰ্ষণীয় হৈ পৰিছে৷ আনকি ২০২১ চনৰ মৃত্যুৰ হাৰতকৈও কম আছিল কোৰিয়াৰ জন্মৰ হাৰ৷ 

পৰিসংখ্যা কোৰিয়াই মতে  দক্ষিণ কোৰিয়াৰ মহিলাসকলে ২০২১ চনত তেওঁলোকৰ জীৱনকালত গড়ে ০.৮১ টা সন্তানহে জন্ম দিছিল ৷
এই সপ্তাহত প্ৰকাশিত দক্ষিণ কোৰিয়াৰ লোকপিয়ল ব্যুৰোৰ তথ্য অনুসৰি, একে সময়তে দেশখনত নৱজাতকৰ সংখ্যা ২৬০,০০০ ৷  এই সংখ্যা  সৰ্বকালৰ নিম্নতম স্থানলৈ অৱনমিত হৈছে৷  আগৰ বছৰৰ তুলনাত ৪.৩ শতাংশ  হ্ৰাস পাইছে জন্মৰ হাৰ।  তদুপৰি  একেৰাহে দ্বিতীয় বছৰৰ  বাবে  দেশৰ প্ৰসৱৰ হাৰ  ৩০০,০০০-ৰ তললৈ হ্ৰাস পাইছে।

কম সময়তে অতি জনপ্ৰিয়  হৈ পৰা দক্ষিণ কোৰিয়াৰ নেটফ্লিক্স শৃংখলাৰ চিৰিজ স্কুইড গেমত দেখুওৱা হৈছিল যে  ৪৫৬ জন  ঋণগ্ৰস্ত প্ৰতিযোগীয়ে ৪০ নিযুত ডলাৰ জিকিবলৈ এক মাৰাত্মক খেলত প্ৰতিদ্বন্দিতা কৰিছিল৷  এই চিৰিজখনে প্ৰতিফলিত কৰিছিল দক্ষিণ কোৰিয়াৰ অৰ্থনৈতিক অসমতাৰ ছবিখন৷ 

 যুৱ কোৰিয়ান পেছাদাৰীসকলো জনপ্ৰিয়তা বৰ্তাই ৰাখিবলৈ যাওঁতে যথেষ্ট  সামাজিক চাপৰ সন্মুখীন হয়৷ তেওঁলোকে  দীঘলীয়া সময়ৰ বাবে মালিক আৰু সহকৰ্মীৰ সৈতে  সুৰাপান কৰাৰ কথাও পোহৰলৈ আহিছে৷   কৰ্মৰত মহিলাসকলৰ বাবে এই পেছাদাৰী চাপ  বৃদ্ধি পাইছে ৷ লগতে সৌন্দৰ্যৰ মানদণ্ড ৰক্ষা  কৰিবলৈ গৈয়ো বহু মহিলাই সন্তান জন্ম দিয়াটো পচন্দ নকৰে বুলি জানিব পৰা গৈছে৷  

দক্ষিণ কোৰিয়াৰ লগতে আন  বহুতো উন্নত ৰাষ্ট্ৰৰ  প্ৰসৱ আৰু উৰ্বৰতাৰ হাৰ হ্ৰাস পাইছে। উদাহৰণ স্বৰূপে, ২০২০ চনত হংকঙৰ উৰ্বৰতাৰ হাৰ আছিল ০.৯ আৰু ছিংগাপুৰৰ উৰ্বৰতাৰ হাৰ আছিল ১.১৷
আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত নৱজাতকৰ সংখ্যা  ২০২১ চনত ১ শতাংশ  বৃদ্ধি হৈ ৩.৬নিযুত হৈছে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ