--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বহুতৰ বাবে দক্ষিণ কোৰিয়া এখন সপোনৰ চহৰ৷ দক্ষিণ কোৰিয়াৰ খাদ্যাভাস, সংস্কৃতিৰ দ্বাৰা আজিৰ প্ৰজন্মটো বাৰুকৈয়ে প্ৰভাৱান্বিত৷ কিন্তু বহুতেই দেখা নাই দক্ষিণ কোৰিয়াৰ আভ্যন্তৰীণ ছবিখন। 

বৰ্তমান দক্ষিণ কোৰিয়া এক ডাঙৰ “জনসংখ্যা দুৰ্যোগ”ৰ দিশে আগবাঢ়িছে৷  কিয়নো একেৰাহে  দ্বিতীয়বাৰৰ বাবে দেশখনৰ  উৰ্বৰতাৰ হাৰ বিশ্বৰ ভিতৰতে  সৰ্বনিম্ন হিচাপে চিহ্নিত হৈছে৷ অৰ্থনৈতিক অসমতা বৃদ্ধি হোৱাৰ লগতে  ঘৰুৱা ব্যয় বৃদ্ধি হোৱাৰ লগে লগে দক্ষিণ কোৰিয়াৰ যুৱ-প্ৰজন্মৰ  বাবে সন্তান জন্ম দিয়াটো ক্ৰমান্বয়ে অনাকৰ্ষণীয় হৈ পৰিছে৷ আনকি ২০২১ চনৰ মৃত্যুৰ হাৰতকৈও কম আছিল কোৰিয়াৰ জন্মৰ হাৰ৷ 

পৰিসংখ্যা কোৰিয়াই মতে  দক্ষিণ কোৰিয়াৰ মহিলাসকলে ২০২১ চনত তেওঁলোকৰ জীৱনকালত গড়ে ০.৮১ টা সন্তানহে জন্ম দিছিল ৷
এই সপ্তাহত প্ৰকাশিত দক্ষিণ কোৰিয়াৰ লোকপিয়ল ব্যুৰোৰ তথ্য অনুসৰি, একে সময়তে দেশখনত নৱজাতকৰ সংখ্যা ২৬০,০০০ ৷  এই সংখ্যা  সৰ্বকালৰ নিম্নতম স্থানলৈ অৱনমিত হৈছে৷  আগৰ বছৰৰ তুলনাত ৪.৩ শতাংশ  হ্ৰাস পাইছে জন্মৰ হাৰ।  তদুপৰি  একেৰাহে দ্বিতীয় বছৰৰ  বাবে  দেশৰ প্ৰসৱৰ হাৰ  ৩০০,০০০-ৰ তললৈ হ্ৰাস পাইছে।

কম সময়তে অতি জনপ্ৰিয়  হৈ পৰা দক্ষিণ কোৰিয়াৰ নেটফ্লিক্স শৃংখলাৰ চিৰিজ স্কুইড গেমত দেখুওৱা হৈছিল যে  ৪৫৬ জন  ঋণগ্ৰস্ত প্ৰতিযোগীয়ে ৪০ নিযুত ডলাৰ জিকিবলৈ এক মাৰাত্মক খেলত প্ৰতিদ্বন্দিতা কৰিছিল৷  এই চিৰিজখনে প্ৰতিফলিত কৰিছিল দক্ষিণ কোৰিয়াৰ অৰ্থনৈতিক অসমতাৰ ছবিখন৷ 

 যুৱ কোৰিয়ান পেছাদাৰীসকলো জনপ্ৰিয়তা বৰ্তাই ৰাখিবলৈ যাওঁতে যথেষ্ট  সামাজিক চাপৰ সন্মুখীন হয়৷ তেওঁলোকে  দীঘলীয়া সময়ৰ বাবে মালিক আৰু সহকৰ্মীৰ সৈতে  সুৰাপান কৰাৰ কথাও পোহৰলৈ আহিছে৷   কৰ্মৰত মহিলাসকলৰ বাবে এই পেছাদাৰী চাপ  বৃদ্ধি পাইছে ৷ লগতে সৌন্দৰ্যৰ মানদণ্ড ৰক্ষা  কৰিবলৈ গৈয়ো বহু মহিলাই সন্তান জন্ম দিয়াটো পচন্দ নকৰে বুলি জানিব পৰা গৈছে৷  

দক্ষিণ কোৰিয়াৰ লগতে আন  বহুতো উন্নত ৰাষ্ট্ৰৰ  প্ৰসৱ আৰু উৰ্বৰতাৰ হাৰ হ্ৰাস পাইছে। উদাহৰণ স্বৰূপে, ২০২০ চনত হংকঙৰ উৰ্বৰতাৰ হাৰ আছিল ০.৯ আৰু ছিংগাপুৰৰ উৰ্বৰতাৰ হাৰ আছিল ১.১৷
আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত নৱজাতকৰ সংখ্যা  ২০২১ চনত ১ শতাংশ  বৃদ্ধি হৈ ৩.৬নিযুত হৈছে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু