--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কেইসপ্তাহমানৰ পৰা বেলুচিস্তান, খাইবাৰ পাখতুনখোৱা আৰু সিদ্ধু প্ৰদেশৰ কেইবাটাও অঞ্চল আকস্মিক বানপানীৰ দ্বাৰা বিধ্বস্ত হৈছে। বানপানীত ঘৰবোৰ ভাঙি পৰিছে, বহু পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। দেশত এনে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যে শ্বাহবাজ শ্বৰীফ চৰকাৰে দেশৰ বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ আন্তৰ্জাতিক মুদ্ৰা নিধি(আইএমএফ)ৰ পৰা ঋণপ্ৰাপ্ত কৰাৰ বাবে আলোচনা আৰম্ভ কৰিছে।
 অৰ্থনীতিৰ সংকটৰ সময়তে বানপানীৰ ফলত পাকিস্তান চৰকাৰৰ অৱস্থা সংকটজনক হৈছে ইছলামাবাদে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আইএমএফৰ ঋণৰ ফালে চাই আছে। এফালে, দেশখন এক তীব্ৰ অৰ্থনৈতিক সংকটত আছে আৰু আনফালে বানপানী। পাকিস্তানত ইতিমধ্যে বানপানীত ১,০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বানপানীৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ইছলামাবাদে পৰিস্থিতিটোৰ মোকাবিলা কৰিবলৈ অধিক আন্তঃৰাষ্ট্ৰীয় সহায়ৰ বাবে আৱেদন জনাইছে। ইফালে, দেওবাৰে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু সেনা প্ৰধান জেনেৰেল কামাৰ বাজৱাই দেশৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি দেশৰ বান পৰিস্থিতিৰ বুজ লয়। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ, বেলুচিস্তানৰ বাবে পাকিস্তানী মুদ্ৰাত ১হাজাৰ কোটি টকা আৰু সিন্ধু প্ৰদেশৰ বাবে টিকে ১৫০০ কোটি টকা মঞ্জুৰ কৰা হৈছে। আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) পাকিস্তান চৰকাৰক ঋণ পাবলৈ পাকিস্তানৰ বিত্তীয় গাঁথনি সংস্কাৰ কৰিবলৈ হেঁচা দিছে। কৰ প্ৰণালীটো আমূল সংস্কাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ঋণপ্ৰাপ্ত কৰাৰ বাবে, শ্বৰীফ চৰকাৰে ইতিমধ্যে কৰ প্ৰণালীৰ সংস্কাৰৰ পথত আগবাঢ়িছে। উদীয়মান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আইএমএফৰ সৈতে হোৱা বৈঠকৰ আগতে, ইছলামাবাদে চীন আৰু ছৌদি আৰবকে ধৰি কেইবাখনো দেশৰ সৈতে ঋণ বিলম্বিতভাৱে পৰিশোধ কৰাৰ ক্ষেত্ৰত বিস্তৃত আলোচনা কৰিছিল বুলি জানিব পৰা গৈছে কেৱল বিত্তীয় পৰিস্থিতিই নহয়, একে সময়তে পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) আৰু পাকিস্তান চৰকাৰৰ মাজত শান্তি আলোচনা হোৱাৰ ফলত জটিলতা বৃদ্ধি পাইছে। জুন মাহত দুয়োপক্ষই যুদ্ধবিৰতি ঘোষণা কৰে। অৱশ্যে, আফগান চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা সত্ত্বেও তেহৰিক-ই-তালিবান পাকিস্তানৰ (টিটিপি) আক্ৰমণ বন্ধ কৰিব পৰা নগ'ল। খবৰ অনুসৰি পাকিস্তানী কৰ্মী বহুকেইজন নিহত হৈছে। পাকিস্তান চৰকাৰে এই বছৰৰ শেষৰ ফালে নতুন সেনা প্ৰধান বাছনি কৰিব লাগিব। পাকিস্তানী ৰাজনৈতিক বিশেষজ্ঞসকলে বিশ্বাস কৰে যে শ্বাহবাজ শ্বেৰিফ চৰকাৰে এই নতুন সেনা প্ৰধানৰ নিযুক্তিৰ ক্ষেত্ৰত নতুন সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু