--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বুলগেৰিয়াৰ ৰহস্যবাদী বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ বিষয়ে প্ৰায়ে চৰ্চিত হয় আৰু তেওঁ কেৱল নিজৰ দেশৰ বিষয়ে নহয়, ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰে ভৱিষ্যদ্বাণী কৰিছিল। ভাৰতক লৈ বাবা ভাংগাৰ এটা ভৱিষ্যদ্বাণীয়ে জনসাধাৰণৰ চিন্তা বৃদ্ধি কৰিছে, য’ত তেওঁ কৈছিল যে ২০২২ চনত ভাৰতত দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

 উল্লেখ্য যে, বাবা ভাংগাই ২০২২ বৰ্ষৰ বাবে বহু ভৱিষ্যদ্বাণী কৰিছিল, ইয়াৰে ২টা এতিয়ালৈকে বাস্তৱ হৈছে। দ্যা ছানৰ প্ৰতিবেদন অনুসৰি বাবা ভাংগাই ভাৰতক লৈ এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছিল আৰু কৈছিল যে ২০২২ চনত সমগ্ৰ বিশ্বতে তাপমাত্ৰা হ্ৰাস পাব, যাৰ ফলত ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। ভাৰতত ফৰিঙৰ জাকে শস্যৰ ব্যাপক ক্ষতি কৰাৰ লগতে দেশত দুৰ্ভিক্ষৰ সৃষ্টি কৰিব। ভাৰতত ভয়াৱহ অনাহাৰৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ২০২০ চনত ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশত ফৰিঙে আক্ৰমণ কৰি শস্য নষ্ট কৰিছিল।

 বাবা ভাংগাই ২০২২ চনৰ বাবে ৬টা ভৱিষ্যদ্বাণী কৰিছিল, ইয়াৰে ২টা ভৱিষ্যদ্বাণী এতিয়ালৈকে সত্য বুলি প্ৰমাণিত হৈছে। ইয়াৰ পাছত বাবা ভাংগাৰ আন ৪টা ভৱিষ্যদ্বাণীও সঁচা হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

 সঁচা হোৱা ২টা ভৱিষ্যদ্বাণী হৈছে-

বাবা ভাংগাই এছিয়াৰ কিছুমান দেশ আৰু অষ্ট্ৰেলিয়াত বানপানীৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল। প্ৰচণ্ড বৰষুণৰ পাছত অষ্ট্ৰেলিয়াত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, আনহাতে পাকিস্তানত বানপানীৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হ’বলৈ আৰম্ভ কৰিছে আৰু এতিয়ালৈকে ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ বাহিৰেও বাবা ভাংগাই বহু চহৰত খোৱা পানীৰ নাটনি হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল। বৰ্তমান পৰ্তুগালত পানীৰ নাটনি হোৱাৰ বিপৰীতে ইটালীতো খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে।

 বাবা ভাংগাৰ বাকী ৪টা ভৱিষ্যদ্বাণী বাস্তৱ হ’বলৈ ওলাইছে নেকি?

২০২২ চনৰ বাবে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীত চাইবেৰিয়াৰ পৰা নতুন মাৰাত্মক ভাইৰাছৰ আগমনৰ সম্ভাৱনা কৰা হৈছে। ইয়াৰ উপৰি তেওঁ এলিয়েন আক্ৰমণ, ফৰিঙৰ আক্ৰমণ আৰু ভাৰ্চুৱেল ৰিয়েলিটী বৃদ্ধিৰ ভৱিষ্যদ্বাণীও কৰিছিল।

 কোন বাবা ভাংগা-

বাবা ভাংগা এগৰাকী ৰহস্যবাদী আছিল আৰু তেওঁৰ ভৱিষ্যদ্বাণীৰ বাবে বিখ্যাত আছিল। ১৯১১ চনত বুলগেৰিয়াত জন্মগ্ৰহণ কৰা বাবা ভাংগাই মাত্ৰ ১২ বছৰ বয়সতে দুয়োটা চকু হেৰুৱাই পেলাইছিল। দৃষ্টিশক্তি হেৰুৱালেও ঈশ্বৰে তেওঁক ঐশ্বৰিক দৰ্শন দিছিল। খবৰ অনুসৰি বাবা ভাংগা টৰ্নেডোৰ সময়ত হেৰাই গৈছিল আৰু যেতিয়া তেওঁক উদ্ধাৰ কৰা হৈছিল তেতিয়া তেওঁৰ চকু বালি আৰু ধূলিৰে ঢাকি পৰিছিল। কোৱা হৈছে যে তেওঁৰ পৰিয়ালটো অতি দৰিদ্ৰ আছিল আৰু চিকিৎসাৰ বাবেও ধন নাছিল, যাৰ বাবে তেওঁৰ দৃষ্টিশক্তি চিৰদিনৰ বাবে হেৰাই গৈছিল। ১৯৯৬ চনত বাবা ভাংগাৰ মৃত্যু হৈছিল আৰু তাৰ আগতে তেওঁ বহুতো ডাঙৰ ডাঙৰ ভৱিষ্যদ্বাণী কৰি গৈছিল। লগতে কোৱা হয় যে তেওঁৰ ভৱিষ্যদ্বাণীবোৰ ক’তো লিখা হোৱা নাই, বৰঞ্চ তেওঁ এই ভৱিষ্যদ্বাণীবোৰ তেওঁৰ অনুগামীসকল আগত প্ৰকাশ কৰি গৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে