--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বুলগেৰিয়াৰ ৰহস্যবাদী বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ বিষয়ে প্ৰায়ে চৰ্চিত হয় আৰু তেওঁ কেৱল নিজৰ দেশৰ বিষয়ে নহয়, ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰে ভৱিষ্যদ্বাণী কৰিছিল। ভাৰতক লৈ বাবা ভাংগাৰ এটা ভৱিষ্যদ্বাণীয়ে জনসাধাৰণৰ চিন্তা বৃদ্ধি কৰিছে, য’ত তেওঁ কৈছিল যে ২০২২ চনত ভাৰতত দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

 উল্লেখ্য যে, বাবা ভাংগাই ২০২২ বৰ্ষৰ বাবে বহু ভৱিষ্যদ্বাণী কৰিছিল, ইয়াৰে ২টা এতিয়ালৈকে বাস্তৱ হৈছে। দ্যা ছানৰ প্ৰতিবেদন অনুসৰি বাবা ভাংগাই ভাৰতক লৈ এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছিল আৰু কৈছিল যে ২০২২ চনত সমগ্ৰ বিশ্বতে তাপমাত্ৰা হ্ৰাস পাব, যাৰ ফলত ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। ভাৰতত ফৰিঙৰ জাকে শস্যৰ ব্যাপক ক্ষতি কৰাৰ লগতে দেশত দুৰ্ভিক্ষৰ সৃষ্টি কৰিব। ভাৰতত ভয়াৱহ অনাহাৰৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ২০২০ চনত ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশত ফৰিঙে আক্ৰমণ কৰি শস্য নষ্ট কৰিছিল।

 বাবা ভাংগাই ২০২২ চনৰ বাবে ৬টা ভৱিষ্যদ্বাণী কৰিছিল, ইয়াৰে ২টা ভৱিষ্যদ্বাণী এতিয়ালৈকে সত্য বুলি প্ৰমাণিত হৈছে। ইয়াৰ পাছত বাবা ভাংগাৰ আন ৪টা ভৱিষ্যদ্বাণীও সঁচা হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

 সঁচা হোৱা ২টা ভৱিষ্যদ্বাণী হৈছে-

বাবা ভাংগাই এছিয়াৰ কিছুমান দেশ আৰু অষ্ট্ৰেলিয়াত বানপানীৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছিল। প্ৰচণ্ড বৰষুণৰ পাছত অষ্ট্ৰেলিয়াত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, আনহাতে পাকিস্তানত বানপানীৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হ’বলৈ আৰম্ভ কৰিছে আৰু এতিয়ালৈকে ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ বাহিৰেও বাবা ভাংগাই বহু চহৰত খোৱা পানীৰ নাটনি হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল। বৰ্তমান পৰ্তুগালত পানীৰ নাটনি হোৱাৰ বিপৰীতে ইটালীতো খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে।

 বাবা ভাংগাৰ বাকী ৪টা ভৱিষ্যদ্বাণী বাস্তৱ হ’বলৈ ওলাইছে নেকি?

২০২২ চনৰ বাবে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীত চাইবেৰিয়াৰ পৰা নতুন মাৰাত্মক ভাইৰাছৰ আগমনৰ সম্ভাৱনা কৰা হৈছে। ইয়াৰ উপৰি তেওঁ এলিয়েন আক্ৰমণ, ফৰিঙৰ আক্ৰমণ আৰু ভাৰ্চুৱেল ৰিয়েলিটী বৃদ্ধিৰ ভৱিষ্যদ্বাণীও কৰিছিল।

 কোন বাবা ভাংগা-

বাবা ভাংগা এগৰাকী ৰহস্যবাদী আছিল আৰু তেওঁৰ ভৱিষ্যদ্বাণীৰ বাবে বিখ্যাত আছিল। ১৯১১ চনত বুলগেৰিয়াত জন্মগ্ৰহণ কৰা বাবা ভাংগাই মাত্ৰ ১২ বছৰ বয়সতে দুয়োটা চকু হেৰুৱাই পেলাইছিল। দৃষ্টিশক্তি হেৰুৱালেও ঈশ্বৰে তেওঁক ঐশ্বৰিক দৰ্শন দিছিল। খবৰ অনুসৰি বাবা ভাংগা টৰ্নেডোৰ সময়ত হেৰাই গৈছিল আৰু যেতিয়া তেওঁক উদ্ধাৰ কৰা হৈছিল তেতিয়া তেওঁৰ চকু বালি আৰু ধূলিৰে ঢাকি পৰিছিল। কোৱা হৈছে যে তেওঁৰ পৰিয়ালটো অতি দৰিদ্ৰ আছিল আৰু চিকিৎসাৰ বাবেও ধন নাছিল, যাৰ বাবে তেওঁৰ দৃষ্টিশক্তি চিৰদিনৰ বাবে হেৰাই গৈছিল। ১৯৯৬ চনত বাবা ভাংগাৰ মৃত্যু হৈছিল আৰু তাৰ আগতে তেওঁ বহুতো ডাঙৰ ডাঙৰ ভৱিষ্যদ্বাণী কৰি গৈছিল। লগতে কোৱা হয় যে তেওঁৰ ভৱিষ্যদ্বাণীবোৰ ক’তো লিখা হোৱা নাই, বৰঞ্চ তেওঁ এই ভৱিষ্যদ্বাণীবোৰ তেওঁৰ অনুগামীসকল আগত প্ৰকাশ কৰি গৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু