--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ দামবৃদ্ধিৰ বোজা সহিবলৈ সাজু হওক আপুনি৷ জিএছটি পৰিষদৰ বৈঠকৰ পাছত ১৮ জুলাইৰ পৰা বৃদ্ধি হ’ব কেইবাবিধো সামগ্ৰীৰ দাম৷ সোমবাৰৰ পৰা চাউলৰ মূল্য বৃদ্ধি হ’ব৷ আনকি, চিকিৎসালয়ৰ কোঠাবোৰো হৈ পৰিব ব্যয়বহুল৷

জিএছটি বৃদ্ধি পোৱাৰ ফলত ১৮ জুলাইৰ পৰা দাম বৃদ্ধি পাব দৈ, লাচী, চিকিৎসালয় আৰু হোটেলৰ কোঠাৰ৷ আনকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজত সোমবাৰৰ পৰা চাউলো ব্যয়বহুল হৈ পৰিব।

জিএছটি বোৰ্ডৰ ৪৭সংখ্যক বৈঠকত একাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ফলস্বৰূপে, সোমবাৰৰ পৰা ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক বোজা সহিবলৈ সাজু হ’ব লাগিব জনতা।

কি কি খাদ্যসামগ্ৰীৰ কিমান পৰিমাণৰ জিএছটি বৃদ্ধি পাব?
পেকেট কৰা দৈ, লাচি, বাটাৰমিল্ক ৫ শতাংশকৈ  বৃদ্ধি পাব৷ বেংক চেক বা চেকবুক জাৰি কৰিছে ১৮ শতাংশকৈ৷ একেদৰে, ১৮ শতাংশকৈ বৃদ্ধি পাব এলইডি লাইট, লেম্প আৰু ফিক্সাৰৰ৷ চিয়াহী মুদ্ৰণত দাম বাঢ়িব ১৮ শতাংশকৈ৷ ব্লেড, চুৰি, পেঞ্চিল কাটাৰ, চামুচ, ফৰ্ক, স্কিমাৰৰ দাম বাঢ়িব ১৮ শতাংশকৈ৷ বৈদ্যুতিক পাম্প, চাবমাৰ্চিবল পাম্প, গভীৰ টিউবেল টাৰ্বাইন, চাইকেল পাম্পৰো দাম বাঢ়িব ১৮ শতাংশকৈ৷

একেদৰে, ১৮ শতাংশকৈয়ে দাম বৃদ্ধি পাব শস্য উঠোৱা আৰু গ্ৰাইণ্ডিং মেচিনত৷ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰো দাম বাঢ়িব ১৮ শতাংশকৈ৷ কণী পৰিস্কাৰ কৰা আৰু চৰ্টিং যন্ত্ৰৰো ১৮ শতাংশ, অংকন সঁজুলি ১৮ শতাংশ, সৌৰ পানী হিটাৰ ১২ শতাংশ, ফিনিছ চামৰা ১২ শতাংশ, মানচিত্ৰ, মানচিত্ৰ কিতাপ, দেৱালৰ মানচিত্ৰ, ভৌগোলিক সঁজুলি, মুদ্ৰিত গ্লোবৰ ১২ শতাংশকৈ ব্যয় বৃদ্ধি পাব৷ 

আনহাতে, পিছ পৰি নৰ’ব হোটেল, হাস্পতালৰ কোঠাও৷ প্ৰতিদিনে ১,০০০ টকা মূল্যৰ হোটেলৰ কোঠাৰ নিৰিখ বাঢ়িব ১২ শতাংশকৈ৷ একেদৰে, আইচিইউ অবিহনে প্ৰতিদিনে ৫,০০০ টকা মূল্যৰ এখন চিকিৎসালয়ৰ কোঠাৰ ভাৰা বাঢ়িব ৫ শতাংশকৈ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত