--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ দামবৃদ্ধিৰ বোজা সহিবলৈ সাজু হওক আপুনি৷ জিএছটি পৰিষদৰ বৈঠকৰ পাছত ১৮ জুলাইৰ পৰা বৃদ্ধি হ’ব কেইবাবিধো সামগ্ৰীৰ দাম৷ সোমবাৰৰ পৰা চাউলৰ মূল্য বৃদ্ধি হ’ব৷ আনকি, চিকিৎসালয়ৰ কোঠাবোৰো হৈ পৰিব ব্যয়বহুল৷

জিএছটি বৃদ্ধি পোৱাৰ ফলত ১৮ জুলাইৰ পৰা দাম বৃদ্ধি পাব দৈ, লাচী, চিকিৎসালয় আৰু হোটেলৰ কোঠাৰ৷ আনকি অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজত সোমবাৰৰ পৰা চাউলো ব্যয়বহুল হৈ পৰিব।

জিএছটি বোৰ্ডৰ ৪৭সংখ্যক বৈঠকত একাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ফলস্বৰূপে, সোমবাৰৰ পৰা ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক বোজা সহিবলৈ সাজু হ’ব লাগিব জনতা।

কি কি খাদ্যসামগ্ৰীৰ কিমান পৰিমাণৰ জিএছটি বৃদ্ধি পাব?
পেকেট কৰা দৈ, লাচি, বাটাৰমিল্ক ৫ শতাংশকৈ  বৃদ্ধি পাব৷ বেংক চেক বা চেকবুক জাৰি কৰিছে ১৮ শতাংশকৈ৷ একেদৰে, ১৮ শতাংশকৈ বৃদ্ধি পাব এলইডি লাইট, লেম্প আৰু ফিক্সাৰৰ৷ চিয়াহী মুদ্ৰণত দাম বাঢ়িব ১৮ শতাংশকৈ৷ ব্লেড, চুৰি, পেঞ্চিল কাটাৰ, চামুচ, ফৰ্ক, স্কিমাৰৰ দাম বাঢ়িব ১৮ শতাংশকৈ৷ বৈদ্যুতিক পাম্প, চাবমাৰ্চিবল পাম্প, গভীৰ টিউবেল টাৰ্বাইন, চাইকেল পাম্পৰো দাম বাঢ়িব ১৮ শতাংশকৈ৷

একেদৰে, ১৮ শতাংশকৈয়ে দাম বৃদ্ধি পাব শস্য উঠোৱা আৰু গ্ৰাইণ্ডিং মেচিনত৷ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰো দাম বাঢ়িব ১৮ শতাংশকৈ৷ কণী পৰিস্কাৰ কৰা আৰু চৰ্টিং যন্ত্ৰৰো ১৮ শতাংশ, অংকন সঁজুলি ১৮ শতাংশ, সৌৰ পানী হিটাৰ ১২ শতাংশ, ফিনিছ চামৰা ১২ শতাংশ, মানচিত্ৰ, মানচিত্ৰ কিতাপ, দেৱালৰ মানচিত্ৰ, ভৌগোলিক সঁজুলি, মুদ্ৰিত গ্লোবৰ ১২ শতাংশকৈ ব্যয় বৃদ্ধি পাব৷ 

আনহাতে, পিছ পৰি নৰ’ব হোটেল, হাস্পতালৰ কোঠাও৷ প্ৰতিদিনে ১,০০০ টকা মূল্যৰ হোটেলৰ কোঠাৰ নিৰিখ বাঢ়িব ১২ শতাংশকৈ৷ একেদৰে, আইচিইউ অবিহনে প্ৰতিদিনে ৫,০০০ টকা মূল্যৰ এখন চিকিৎসালয়ৰ কোঠাৰ ভাৰা বাঢ়িব ৫ শতাংশকৈ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য