--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৱেষকৰ আশংকাই সত্য প্ৰমাণিত হ’ল। ক’ভিড-১৯ৰ বাবে মানৱ জাতিৰ গড় আয়ুস(life expectancy) হ্ৰাস পাইছে। ৰাষ্ট্ৰসংঘইও একেধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল দিনদিয়েক আগেয়ে। লক্ষ্যণীয়ভাৱে, বিশ্বজুৰি গড় আয়ুস হ্ৰাস পাইছে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত বিশ্বৰ গড় আয়ুস ৭২.৮ৰ পৰা ৭১লৈ হ্ৰাস পাইছে! পিছে, এই বিপৰ্যয়ৰ মাজতে মহিলাৰ গড় আয়ুস পুৰুষতকৈ বেছি বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

সমীক্ষা আৰু গৱেষণাত প্ৰকাশ পোৱা অনুসৰি, মূলতঃ ক’ভিডৰ বাবেই মানুহৰ গড় আয়ুস হ্ৰাস পাইছে। এই চাঞ্চল্যকৰ বিষয়টো  ১ জুলাইত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। প্ৰতিবেদন অনুসৰি অহা ৯ বছৰত বিশ্বজুৰি গড় আয়ুস ব্যাপক হাৰত হ্ৰাস পাব। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি মহিলাৰ গড় আয়ুস পুৰুষতকৈ বেছি। মহিলাৰ গড় আয়ুস ৭৩.৮, আনহাতে পুৰুষৰ আয়ুস ৬৮.৪।

প্রতিখন দেশতে মহিলাসকলে অধিক দিন জীয়াই থকাৰ কথাও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ লেটিন আমেৰিকাত এই আয়ুস গড়ে ৭ বছৰ বৃদ্ধি পাইছে বুলি প্ৰকাশ পাইছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ই প্ৰায় ৩ বছৰ। মহিলা আৰু পুৰুষৰ মাজত গড় আয়ুসৰ ব্যৱধানো উদ্বেগজনক। কিন্তু যোৱা তিনিটা দশকত এই ব্যৱধান সামান্য হ্ৰাস পাইছে যদিও ২০২১ চনত পুনৰ এই ব্যৱধান বৃদ্ধি পাই ৫.৪ বছৰ হয়গৈ!

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ লোকসকলৰ আয়ুস সৰ্বাধিক। আটাইতকৈ কম আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চলত। মধ্য আৰু দক্ষিণ আফ্ৰিকাত গড় আয়ুস ৬৭.৭ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত