--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৱেষকৰ আশংকাই সত্য প্ৰমাণিত হ’ল। ক’ভিড-১৯ৰ বাবে মানৱ জাতিৰ গড় আয়ুস(life expectancy) হ্ৰাস পাইছে। ৰাষ্ট্ৰসংঘইও একেধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল দিনদিয়েক আগেয়ে। লক্ষ্যণীয়ভাৱে, বিশ্বজুৰি গড় আয়ুস হ্ৰাস পাইছে। ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত বিশ্বৰ গড় আয়ুস ৭২.৮ৰ পৰা ৭১লৈ হ্ৰাস পাইছে! পিছে, এই বিপৰ্যয়ৰ মাজতে মহিলাৰ গড় আয়ুস পুৰুষতকৈ বেছি বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

সমীক্ষা আৰু গৱেষণাত প্ৰকাশ পোৱা অনুসৰি, মূলতঃ ক’ভিডৰ বাবেই মানুহৰ গড় আয়ুস হ্ৰাস পাইছে। এই চাঞ্চল্যকৰ বিষয়টো  ১ জুলাইত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। প্ৰতিবেদন অনুসৰি অহা ৯ বছৰত বিশ্বজুৰি গড় আয়ুস ব্যাপক হাৰত হ্ৰাস পাব। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি মহিলাৰ গড় আয়ুস পুৰুষতকৈ বেছি। মহিলাৰ গড় আয়ুস ৭৩.৮, আনহাতে পুৰুষৰ আয়ুস ৬৮.৪।

প্রতিখন দেশতে মহিলাসকলে অধিক দিন জীয়াই থকাৰ কথাও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ লেটিন আমেৰিকাত এই আয়ুস গড়ে ৭ বছৰ বৃদ্ধি পাইছে বুলি প্ৰকাশ পাইছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ই প্ৰায় ৩ বছৰ। মহিলা আৰু পুৰুষৰ মাজত গড় আয়ুসৰ ব্যৱধানো উদ্বেগজনক। কিন্তু যোৱা তিনিটা দশকত এই ব্যৱধান সামান্য হ্ৰাস পাইছে যদিও ২০২১ চনত পুনৰ এই ব্যৱধান বৃদ্ধি পাই ৫.৪ বছৰ হয়গৈ!

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ লোকসকলৰ আয়ুস সৰ্বাধিক। আটাইতকৈ কম আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চলত। মধ্য আৰু দক্ষিণ আফ্ৰিকাত গড় আয়ুস ৬৭.৭ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ