--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত অজ্ঞাত সূত্ৰৰ পৰা লাভ কৰা ধনৰ পৰিমাণ বৃদ্ধি পাইছে। ২০২১-২২ বৰ্ষত আঠটা ৰাষ্ট্ৰীয় দলৰ মুঠ উপাৰ্জন আছিল ৩,২৮৯ কোটি টকা, যাৰ ভিতৰত অজ্ঞাত উৎসৰ পৰা লাভ কৰা ধনৰ অংশ  আছিল ৬৬%। এই সময়ছোৱাত বিজেপিৰ মুঠ উপাৰ্জন আছিল ১,৯১৭  কোটি টকা, যাৰ ভিতৰত ১,১৬১  কোটি টকা বা ৬১ শতাংশ অজ্ঞাত উৎসৰ (বেছিভাগ নিৰ্বাচনী বণ্ড) পৰা আহিছিল বুলি তথ্য প্ৰকাশ পাইছে । 

 উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ পৰা ৰাজনৈতিক দলসমূহে লাভ কৰি অহা  পুঁজিৰ বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন  আবেদনৰ শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত  উপস্থিত থকা  ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই নিৰ্বাচনী বণ্ডৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মন্তব্য কৰে।যোৱা কেইবছৰমানৰ পৰা ৰাজনৈতিক দলক অজ্ঞাত দাতাই প্ৰদান কৰা ধনৰ বিষয়ে  এছ'চিয়েচন অফ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)-এ সময়ে সময়ে তথ্য প্ৰকাশ কৰি আহিছে। 

ৰাজনৈতিক পুঁজিৰ উৎসৰ বিষয়ে  দ্য হিন্দুৰ দ্বাৰা উপলব্ধ তথ্যৰ বিশ্লেষণত দেখা গৈছে যে  অজ্ঞাত উৎসৰ পৰা ৰাষ্ট্ৰীয় দলবোৰে লাভ কৰা পুঁজিৰ উৎস ২০১৫-২০১৭  বিত্তীয় বৰ্ষত ৭২ শতাংশ  (প্ৰায় তিনি-চতুৰ্থাংশ) লৈ বৃদ্ধি হৈছিল। যি ২০১৯-২০২২ বিত্তীয় বৰ্ষত ৬৬ শতাংশ  আছিল।

বিজেপিৰ ২০১৯-২০২২ বৰ্ষত  নিৰ্বাচনী বণ্ডৰ নামত হোৱা উপাৰ্জনত অজ্ঞাত উৎসৰ অংশ ৫৮ শতাংশৰ   পৰা ৬৮ শতংশলৈ  বৃদ্ধি পাইছিল।
একে সময়তে, কংগ্ৰেছৰ অংশ (মুঠ উপাৰ্জনৰ এক ভগ্নাংশ হিচাপে অজ্ঞাত উৎসৰ পৰা) আছিল প্ৰায় ৮০ শতাংশ ।

নিৰ্বাচনী বণ্ড প্ৰৱৰ্তনৰ পিছৰ সময়ছোৱাত ৰাষ্ট্ৰীয় দলবোৰে প্ৰাপ্ত কৰা বেনামী পুঁজিৰ ৮১ শতাংশ ধন  এনে বণ্ডৰ আছিল বুলি তথ্য প্ৰকাশ পাইছে। 





 এনে অজ্ঞাত উৎসৰ ভিতৰত আছে 'নিৰ্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰা  দান', 'কুপন বিক্ৰী', 'সাহায্য পুঁজি', 'বিবিধ উপাৰ্জন', 'স্বেচ্ছামূলক অনুদান', 'সভা আদিৰ  পৰা লাভ কৰা অনিদান’ ইত্যাদি।
উল্লেখ্য ৰাজনৈতিক দলবোৰে ২০,০০০ টকাৰ কম অনুদান দিয়া ব্যক্তি বা সংগঠনৰ নাম প্ৰকাশ কৰাৰ প্ৰয়োজন নাই।

জ্ঞাত উৎসবোৰক ২০,০০০ টকাৰ ওপৰত দান দিয়া ব্যক্তি বা সংস্থা  হিচাপে সংজ্ঞায়িত কৰা হয়। দ্য হিন্দুৰ এই বিশ্লেষণত ব্যৱহৃত এডিআৰৰ তথ্য অনুসৰি, বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিত্তীয় বৰ্ষ ২০১৮ আৰু বিত্তীয় বৰ্ষ ২০২২-ৰ ভিতৰত ৫,৭২১  কোটি টকা লাভ কৰিছিল। এয়া  তেতিয়ালৈকে লাভ  কৰা মুঠ নিৰ্বাচনী বণ্ডৰ ৫৭ শতাংশ ।
কংগ্ৰেছে লাভ কৰিছিল ৯৫২ কোটি টকা। এয়া হৈছে দলটোৰ  বণ্ডৰ ১০.৪ শতাংশ। তৃণমূল কংগ্ৰেছে ৭৬৮ কোটি টকা, বিজেডিয়ে লাভ কৰিলে ৬২২ কোটি টকা, ডিএমকেই লাভ কৰিছে ৪৩২ কোটি টকা, বিআৰএছে ৩৮৪ কোটি টকা আৰু ৱাইএছআৰচিপিয়ে ৩৩০ কোটি টকা ।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনে দেখুৱাইছে যে ২০২১-২২ বৰ্ষত আঠটা ৰাষ্ট্ৰীয় দলৰ মুঠ উপাৰ্জন আছিল ৩,২৮৯ কোটি টকা, যাৰ ভিতৰত ৭৮১ কোটি টকা জ্ঞাত দাতাৰ আৰু ৩৩৬ কোটি টকা অন্যান্য জ্ঞাত উৎসৰ পৰা আছিল (সম্পত্তি বিক্ৰী, সদস্যতা মাচুল, বেংকৰ সূত, প্ৰকাশন  ইত্যাদি)। অজ্ঞাত উৎসৰ পৰা উপাৰ্জন আছিল ২,১৭২  কোটি টকা দল বোৰৰ  মুঠ উপাৰ্জনৰ ৬৬ শতাংশ।
২০২১-২২ বৰ্ষত বিজেপিৰ মুঠ উপাৰ্জন আছিল ১,৯১৭ কোটি টকা, যাৰ ভিতৰত ১,১৬১ কোটি টকা বা ৬১%, অজ্ঞাত উৎসৰ (বেছিভাগ নিৰ্বাচনী বণ্ড)। টিএমচিৰ মুঠ উপাৰ্জন আছিল ৫৪৬  কোটি টকা, যাৰ ভিতৰত ৫২৮  কোটি টকা বা ৯৭ শতাংশ  অজ্ঞাত উৎসৰ আছিল। কংগ্ৰেছৰ মুঠ উপাৰ্জন আছিল ৫৪১  কোটি টকা, যাৰ ভিতৰত ৩৮৯  কোটি টকা বা ৭২ শতাংশ  অজ্ঞাত উৎসৰ পৰা আহিছিল। 

নিৰ্বাচনী বণ্ড গোচৰৰ শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছিল যে চিপিএমে নিৰ্বাচনী বণ্ড গ্ৰহণ নকৰা স্বত্বেও ২০১৭-১৮  বৰ্ষৰ পৰা অজ্ঞাত উৎসৰ পৰা ইয়াৰ উপাৰ্জনৰ ৫০ শতাংশতকৈও  অধিক ধন আহিছিল।

বাতৰি কাকতখনে এডিআৰ তথ্যৰ উদ্ধৃতি দি দেখুৱাইছে যে ২০০৪-০৫ আৰু ২০১৪-১৫ বৰ্ষৰ ভিতৰত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ মুঠ উপাৰ্জন আছিল ১১,৩৬৭ কোটি টকা, যাৰ ভিতৰত ১,৮৩৬ কোটি টকা (১৬%) জ্ঞাত উৎসৰ পৰা আহিছিল। অন্যান্য জ্ঞাত উৎসৰ পৰা হোৱা  উপাৰ্জন আছিল ১,৬৯৯ কোটি টকা বা ১৫ শতাংশ। আনহাতে অজ্ঞাত উৎসৰ পৰা উপাৰ্জন আছিল ৭,৮৩৩ কোটি টকা, যি আছিল দলবোৰৰ মুঠ উপাৰ্জনৰ ৬৯ শতাংশ।

ছয়টা ৰাষ্ট্ৰীয় দলে ঘোষণা কৰা ২০,০০০ টকাৰ ওপৰত মুঠ অনুদানৰ পৰিমাণ আছিল ১,৪০৫ কোটি টকা। বিজেপিয়ে এনে অনুদানৰ পৰা ৯১৮  কোটি টকা লাভ  কৰাৰ কথা ঘোষণা কৰিছিল। 

প্ৰতিবেদন অনুসৰি, ২০০৪-০৫ বৰ্ষৰ পৰা ২০১৪-১৫ বৰ্ষৰ ভিতৰত, কংগ্ৰেছৰ মুঠ উপাৰ্জনৰ ৮৩% ৩,৩২৩ কোটি টকা আৰু বিজেপিৰ মুঠ উপাৰ্জনৰ ৬৫% অজ্ঞাত উৎসৰ পৰা আহিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়