--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে নিজৰ শক্তিশালী অভিনয়েৰে সদায় নিজৰ দক্ষতা প্ৰমাণ কৰি আহিছে। বৰ্তমানলৈকে নিজৰ কেৰিয়াৰত বলীউডৰ শ্বাহেনশ্বাহে বহু ব্লকবাষ্টাৰ ছবি দি দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছে আৰু আজিও এই ধাৰা অব্যাহত আছে। অমিতাভ বচ্চন কেৱল এজন দক্ষ অভিনেতা নহয়, তেওঁ এজন ভাল পাৰিবাৰিক ব্যক্তিও। বিগ বিয়ে নিজৰ সন্তান অভিষেক বচ্চন আৰু শ্বেতা বচ্চনক বহুত ভাল পায়। অমিতাভে এতিয়া তেওঁৰ মৰমৰ কন্যা শ্বেতা বচ্চনক অতি মূল্যৱান উপহাৰ দিছে।

পত্নী জয়া বচ্চনৰ সন্মতিৰ পাছত অমিতাভ বচ্চনে ২০২৩ চনৰ ৮ নৱেম্বৰত তেওঁৰ কন্যা শ্বেতা বচ্চনক উপহাৰ দিলে তেওঁলোকৰ জুহুস্থিত বাংলো ‘প্ৰতীক্ষা’।

অমিতাভ-জয়াই শ্বেতা বচ্চনক দিয়া ঘৰৰ ডীডত স্বাক্ষৰিত হৈছে য’ত পঞ্জীয়ন আৰু ষ্টাম্প ড্যুটিৰ মাচুল ৫০.৬৫ লাখ টকা দিয়া হৈছিল।বাংলোটোৰ বজাৰ মূল্যৰ কথা ক’বলৈ গ’লে ইয়াৰ মূল্য ৫০.৬৩ কোটি টকা বুলি কোৱা হৈছে। যদিও এই মূল্য নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই বচ্চন পৰিয়ালে।

উল্লেখ্য যে অমিতাভ বচ্চনৰ মুম্বাইত তিনিটা বাংলো আছে, প্ৰতীক্ষা, জলসা আৰু জনক। অমিতাভ বচ্চনে পত্নীৰ সৈতে জলসাত বাস কৰে। দেওবাৰে এই বাংলোৰ বাহিৰতে অমিতাভ বচ্চনে নিজৰ অনুৰাগীক লগ কৰে। লগতে তেওঁৰ বাংলোতে পৰিয়ালৰ সৈতে সকলো উৎসৱ উদযাপন কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক