--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে নিজৰ শক্তিশালী অভিনয়েৰে সদায় নিজৰ দক্ষতা প্ৰমাণ কৰি আহিছে। বৰ্তমানলৈকে নিজৰ কেৰিয়াৰত বলীউডৰ শ্বাহেনশ্বাহে বহু ব্লকবাষ্টাৰ ছবি দি দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছে আৰু আজিও এই ধাৰা অব্যাহত আছে। অমিতাভ বচ্চন কেৱল এজন দক্ষ অভিনেতা নহয়, তেওঁ এজন ভাল পাৰিবাৰিক ব্যক্তিও। বিগ বিয়ে নিজৰ সন্তান অভিষেক বচ্চন আৰু শ্বেতা বচ্চনক বহুত ভাল পায়। অমিতাভে এতিয়া তেওঁৰ মৰমৰ কন্যা শ্বেতা বচ্চনক অতি মূল্যৱান উপহাৰ দিছে।

পত্নী জয়া বচ্চনৰ সন্মতিৰ পাছত অমিতাভ বচ্চনে ২০২৩ চনৰ ৮ নৱেম্বৰত তেওঁৰ কন্যা শ্বেতা বচ্চনক উপহাৰ দিলে তেওঁলোকৰ জুহুস্থিত বাংলো ‘প্ৰতীক্ষা’।

অমিতাভ-জয়াই শ্বেতা বচ্চনক দিয়া ঘৰৰ ডীডত স্বাক্ষৰিত হৈছে য’ত পঞ্জীয়ন আৰু ষ্টাম্প ড্যুটিৰ মাচুল ৫০.৬৫ লাখ টকা দিয়া হৈছিল।বাংলোটোৰ বজাৰ মূল্যৰ কথা ক’বলৈ গ’লে ইয়াৰ মূল্য ৫০.৬৩ কোটি টকা বুলি কোৱা হৈছে। যদিও এই মূল্য নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই বচ্চন পৰিয়ালে।

উল্লেখ্য যে অমিতাভ বচ্চনৰ মুম্বাইত তিনিটা বাংলো আছে, প্ৰতীক্ষা, জলসা আৰু জনক। অমিতাভ বচ্চনে পত্নীৰ সৈতে জলসাত বাস কৰে। দেওবাৰে এই বাংলোৰ বাহিৰতে অমিতাভ বচ্চনে নিজৰ অনুৰাগীক লগ কৰে। লগতে তেওঁৰ বাংলোতে পৰিয়ালৰ সৈতে সকলো উৎসৱ উদযাপন কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান