--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কেৰালাত পুনৰ নিপাহ ভাইৰাছৰ সমক্ৰমণৰ ঘটনা ধৰা পৰিছে৷ ইতিমধ্যে ৰাজ্য খনৰ  কোজিকোড জিলাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ  দুজন লোকৰ মৃত্যু ঘটিছে  বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই মঙলবাৰে নিশ্চিত কৰে। ব্যক্তিগত চিকিৎসালয়ৰ পৰা দুটা "অপ্ৰাকৃতিক" মৃত্যুৰ খবৰ পোৱাৰ পিছত কালি জিলা খনত স্বাস্থ্য সতৰ্কতা জাৰি কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ পৰিস্থিতিৰ বুজ ল'বলৈ আৰু নিপাহ ভাইৰাছ সম্পৰ্কীয়  ব্যৱস্থাপনাৰ ক্ষেত্ৰত   ৰাজ্য চৰকাৰক সহায় কৰিবলৈ কেৰালালৈ প্ৰেৰণ কৰা এটা কেন্দ্ৰীয় দলে প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়৷ 

তেওঁ লগতে কয় যে নিপাহ ভাইৰাছত আক্ৰান্ত  হৈ কেৰালাত প্ৰথম মৃত্যুৰ ঘটনাটো  ৩০ আগষ্টত আৰু দ্বিতীয় মৃত্যুৰ ঘটনা সোমবাৰে হোৱা বুলিও তেওঁ মন্তব্য কৰে৷  কেৰালা চৰকাৰে কোজিকোডত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে আৰু লোকসকলক সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুখা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে৷ মঙলবাৰে  কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে আৰু কয় যে যিসকলে ৰোগীৰ  সৈতে ঘনিষ্ঠ সম্পৰ্কত আছে তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণ নাই।"ৰোগীৰ সংস্পৰ্শলৈ অহাসকলক বিচাৰি উলিওৱা হৈছে আৰু চিকিৎসা কৰি থকা  হৈছে।

 উল্লেখ্য ২০১৮ চনত কোজিকোড আৰু মালাপ্পুৰম জিলাত নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছিল আৰু পিছত ২০২১ চনত কোজিকোডত নিপাহ ভাইৰাছ সংক্ৰমণৰ  এটা ঘটনা ধৰা পৰিছিল। নিপাহ ভাইৰাছ মূলতঃ বাদুলিৰ দ্বাৰা বিয়পে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে  এই ভাইৰাছ মানুহৰ লগতে আন জীৱ-জন্তুৰ বাবেও সমানে মাৰাত্মক। নিপাহ ভাইৰাছত আক্ৰান্ত হ’লে ৰোগীয়ে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ,  মূৰ ঘূৰোৱা আৰু ওকালি অহা আদি লক্ষণত ভোগে ৷


 


উল্লেখ্য কিছুদিন পূৰ্বে  কেৰেলাত নতুন আতংকৰ ৰূপত আৱিৰ্ভাৱ হৈছিল আন এক ভাইৰাছ  নোৰোভাইৰাছ।বমি আৰু/বা ডায়েৰিয়া, মূৰৰ বিষ আদি এই ভাইৰাছত আক্ৰান্ত হোৱা জনৰ দেহত দেখা দিয়ে৷সাধাৰণতে দূষিত খাদ্য, পানী আদিৰ  জৰিয়তে নোৰোভাইৰাছ সংক্ৰমিত হ'ব পাৰে৷আক্ৰান্ত জনৰ দেহত পানীৰ পৰিমাণ কমি যায়, ফলত ডিহাইড্ৰেচন হ'ব পাৰে৷ 



ন’ৰ’ ভাইৰাছ হৈছে মানুহৰ পাচনতন্ত্ৰত আক্ৰমণ কৰা এক প্ৰকাৰৰ ভাইৰাছ। এই ভাইৰাছে আক্ৰমণ কৰাৰ পিছতে মানুহ এজনৰ বমি আৰু ডায়েৰিয়া হ’বলৈ ধৰে।

খাদ্য আৰু পানীৰ জৰিয়তেও এই ভাইৰাছ বিয়পি পৰিব পাৰে। তদুপৰি ৰোগীৰ বমি, শৌচ আদিৰ দ্বাৰাও এই ভাইৰাছ বিয়পি পৰে।


উল্লেখ্য যোৱা বছৰৰ ৩ ছেপ্টেম্বৰত  কোজিকোডৰ বাসিন্দা এজন  কিশোৰজনৰ নিপাহ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল৷
ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা