--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকা, টকা, কেৱল টকা... যিফালেই চাই সেইফালেই টকা। আয়কৰ বিভাগে  আগ্ৰাত তিনিজন জোতা ব্যৱসায়ীৰ ঘৰত তালাচী চলাই উদ্ধাৰ কৰিছে টকাৰ পাহাৰ।  এতিয়ালৈকে গণনা কৰা পৰিমাণ টকাৰ পৰিমাণ ৪০ কোটি টকা বুলি জানিব পৰা গৈছে। ইয়াৰ  বেছিভাগেই ৫০০ টকীয়া নোট। টকাৰ গণনা এতিয়াও চলি আছে। আগ্ৰাৰ তিনিজন জোতা ব্যৱসায়ীৰ বিৰুদ্ধে কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

 আয়কৰ বিভাগে শনিবাৰে আবেলি ব্যৱসায়ীকেইজনৰ  ঘৰত অভিযান চলোৱা আৰম্ভ কৰিছিল। শনিবাৰে আবেলি প্ৰায় ৩ বজাত আয়কৰ বিভাগৰ বিষয়াসকলে কেইবাটাও দলত বিভক্ত হৈ  আগ্ৰাৰ তিনিজন  জোতা ব্যৱসায়ীৰ ঘৰ, শ্ব'ৰুম আৰু কাৰ্যালয়ত তালাচী চলায়। তিনিওজন জোতা ব্যৱসায়ীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধনৰ লগতে বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰা হৈছে। 

আয়কৰ বিভাগৰ বিষয়াসকলে এজন ব্যৱসায়ীৰ ঘৰত ধনৰ পাহাৰ বিচাৰি পায়।  ব্যৱসায়ীজনৰ ঘৰৰ য’তে-ত’তে  লুকুৱাই ৰখা হৈছিল কেৱল টকা। লগে লগে টকা গণনা কৰিবলৈ যন্ত্ৰ  অনা হয়। যন্ত্ৰৰ দ্বাৰা গণিও এতিয়ালৈকে সম্পূৰ্ণ হিচাব উলিয়াব পৰা হোৱা নাই উদ্ধাৰ হোৱা টকাৰ।  গণনাৰ কামো চলিয়েই  আছে। ধনৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। কেৱল কোটি কোটি টকাই নহয়, এই ব্যৱসায়ীসকলৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ নথি-পত্ৰও জব্দ কৰা হৈছে।

আয়কৰ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তিনিওজন আগ্ৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী। তেওঁলোকৰ বিৰুদ্ধে  উপাৰ্জনতকৈ অধিক সম্পত্তি থকাৰ  এটা গোচৰ  বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে। তিনিওজম ব্যৱসায়ীয়ে কৰ ফাঁকি দিয়াৰ অভিযোগ বহু দিনৰে পৰাই উঠি আহিছিল। ব্যৱসায়ীসকলৰ ম'বাইল, লেপটপ আৰু কম্পিউটাৰ জব্দ কৰা হৈছে বুলি এজন তদন্তকাৰী বিষয়াই  জানিবলৈ দিছে। লোকসভা  নিৰ্বাচনৰ সময়তে  এনেদৰে  বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ কথাই বিশেষ  গুৰুত্ব বহন কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু