--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকা, টকা, কেৱল টকা... যিফালেই চাই সেইফালেই টকা। আয়কৰ বিভাগে  আগ্ৰাত তিনিজন জোতা ব্যৱসায়ীৰ ঘৰত তালাচী চলাই উদ্ধাৰ কৰিছে টকাৰ পাহাৰ।  এতিয়ালৈকে গণনা কৰা পৰিমাণ টকাৰ পৰিমাণ ৪০ কোটি টকা বুলি জানিব পৰা গৈছে। ইয়াৰ  বেছিভাগেই ৫০০ টকীয়া নোট। টকাৰ গণনা এতিয়াও চলি আছে। আগ্ৰাৰ তিনিজন জোতা ব্যৱসায়ীৰ বিৰুদ্ধে কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

 আয়কৰ বিভাগে শনিবাৰে আবেলি ব্যৱসায়ীকেইজনৰ  ঘৰত অভিযান চলোৱা আৰম্ভ কৰিছিল। শনিবাৰে আবেলি প্ৰায় ৩ বজাত আয়কৰ বিভাগৰ বিষয়াসকলে কেইবাটাও দলত বিভক্ত হৈ  আগ্ৰাৰ তিনিজন  জোতা ব্যৱসায়ীৰ ঘৰ, শ্ব'ৰুম আৰু কাৰ্যালয়ত তালাচী চলায়। তিনিওজন জোতা ব্যৱসায়ীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধনৰ লগতে বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰা হৈছে। 

আয়কৰ বিভাগৰ বিষয়াসকলে এজন ব্যৱসায়ীৰ ঘৰত ধনৰ পাহাৰ বিচাৰি পায়।  ব্যৱসায়ীজনৰ ঘৰৰ য’তে-ত’তে  লুকুৱাই ৰখা হৈছিল কেৱল টকা। লগে লগে টকা গণনা কৰিবলৈ যন্ত্ৰ  অনা হয়। যন্ত্ৰৰ দ্বাৰা গণিও এতিয়ালৈকে সম্পূৰ্ণ হিচাব উলিয়াব পৰা হোৱা নাই উদ্ধাৰ হোৱা টকাৰ।  গণনাৰ কামো চলিয়েই  আছে। ধনৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। কেৱল কোটি কোটি টকাই নহয়, এই ব্যৱসায়ীসকলৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ নথি-পত্ৰও জব্দ কৰা হৈছে।

আয়কৰ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তিনিওজন আগ্ৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী। তেওঁলোকৰ বিৰুদ্ধে  উপাৰ্জনতকৈ অধিক সম্পত্তি থকাৰ  এটা গোচৰ  বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে। তিনিওজম ব্যৱসায়ীয়ে কৰ ফাঁকি দিয়াৰ অভিযোগ বহু দিনৰে পৰাই উঠি আহিছিল। ব্যৱসায়ীসকলৰ ম'বাইল, লেপটপ আৰু কম্পিউটাৰ জব্দ কৰা হৈছে বুলি এজন তদন্তকাৰী বিষয়াই  জানিবলৈ দিছে। লোকসভা  নিৰ্বাচনৰ সময়তে  এনেদৰে  বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাৰ কথাই বিশেষ  গুৰুত্ব বহন কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ