--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে ভাৰত বায়’টেকত নিৰ্মিত Covid ভেকচিন Covaxin ৰ দীৰ্ঘম্যাদী পাৰ্শ্বক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰি আছিল। শেহতীয়াকৈ গৱেষণা প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য ওলাইছে। Covaxin ৰ যথেষ্ট ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়াও আছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

শেহতীয়াকৈ অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু ব্ৰিটিছ-ছুইডেনৰ ফাৰ্মাচিউটিকেল কোম্পানী AstraZeneca ৰ দ্বাৰা প্ৰস্তুত কৰা AZD1222 (ভাৰতত CoviShield নামেৰে জনাজাত) ভেকচিনটোৱে এই ভেকচিনৰ দ্বাৰা বহু লোকক ক্ষতি কৰাৰ লগতে আনকি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে এষ্ট্ৰাজেনেকাই এই ঔষধ বজাৰৰ পৰা উলিয়াই আনে। এইবাৰ Covaxin ৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছিল।

বি এইচ ইউৰ গৱেষকসকলে দাখিল কৰা প্ৰতিবেদন অনুসৰি ক’ভাক্সিন গ্ৰহণ কৰা এনে ৯২৬ জন লোকক এবছৰ ধৰি পৰ্যবেক্ষণ কৰা হৈছিল। বিজ্ঞানীসকলে দাবী কৰিছে যে ইয়াৰে ৩০ শতাংশৰ পাৰ্শ্বক্ৰিয়া যেনে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, ছালৰ ৰোগ, ষ্ট্ৰোক, গুইলেইন-বাৰে চিনড্ৰম আৰু তেজ জমা হোৱা আদি। এই অৱস্থাক চিকিৎসাৰ ক্ষেত্ৰত ‘বিশেষ আগ্ৰহৰ বিৰূপ পৰিঘটনা’ বা ‘ASI’ বুলি কোৱা হয়। ইয়াৰ উপৰিও মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ লগত জড়িত বিভিন্ন জটিলতা দেখা গৈছে।

শেহতীয়াকৈ এষ্ট্ৰাজেনেকাৰ Covid-19 ভেকচিনৰ মাৰাত্মক পাৰ্শ্বক্ৰিয়াক লৈ দেশত হুলস্থুলৰ সৃষ্টি হৈছিল। ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই যৌথভাৱে এষ্ট্ৰাজেনেকাৰ সৈতে কভিশ্বিল্ড ভেকচিন প্ৰস্তুত কৰিছিল। ইয়াৰ পাৰ্শ্বক্ৰিয়া ব্ৰিটিছ আদালতত স্বীকাৰ কৰে কোম্পানীটোৱে। এষ্ট্ৰাজেনেকাই আদালতত কয় যে কভিশ্বিল্ডৰ ফলত মানুহ তেজ জমা হোৱা বা প্লেটলেটৰ সংখ্যা কম হোৱাৰ দৰে সমস্যাত ভুগিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ