--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে ভাৰত বায়’টেকত নিৰ্মিত Covid ভেকচিন Covaxin ৰ দীৰ্ঘম্যাদী পাৰ্শ্বক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰি আছিল। শেহতীয়াকৈ গৱেষণা প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য ওলাইছে। Covaxin ৰ যথেষ্ট ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়াও আছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

শেহতীয়াকৈ অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু ব্ৰিটিছ-ছুইডেনৰ ফাৰ্মাচিউটিকেল কোম্পানী AstraZeneca ৰ দ্বাৰা প্ৰস্তুত কৰা AZD1222 (ভাৰতত CoviShield নামেৰে জনাজাত) ভেকচিনটোৱে এই ভেকচিনৰ দ্বাৰা বহু লোকক ক্ষতি কৰাৰ লগতে আনকি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে এষ্ট্ৰাজেনেকাই এই ঔষধ বজাৰৰ পৰা উলিয়াই আনে। এইবাৰ Covaxin ৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছিল।

বি এইচ ইউৰ গৱেষকসকলে দাখিল কৰা প্ৰতিবেদন অনুসৰি ক’ভাক্সিন গ্ৰহণ কৰা এনে ৯২৬ জন লোকক এবছৰ ধৰি পৰ্যবেক্ষণ কৰা হৈছিল। বিজ্ঞানীসকলে দাবী কৰিছে যে ইয়াৰে ৩০ শতাংশৰ পাৰ্শ্বক্ৰিয়া যেনে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, ছালৰ ৰোগ, ষ্ট্ৰোক, গুইলেইন-বাৰে চিনড্ৰম আৰু তেজ জমা হোৱা আদি। এই অৱস্থাক চিকিৎসাৰ ক্ষেত্ৰত ‘বিশেষ আগ্ৰহৰ বিৰূপ পৰিঘটনা’ বা ‘ASI’ বুলি কোৱা হয়। ইয়াৰ উপৰিও মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ লগত জড়িত বিভিন্ন জটিলতা দেখা গৈছে।

শেহতীয়াকৈ এষ্ট্ৰাজেনেকাৰ Covid-19 ভেকচিনৰ মাৰাত্মক পাৰ্শ্বক্ৰিয়াক লৈ দেশত হুলস্থুলৰ সৃষ্টি হৈছিল। ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই যৌথভাৱে এষ্ট্ৰাজেনেকাৰ সৈতে কভিশ্বিল্ড ভেকচিন প্ৰস্তুত কৰিছিল। ইয়াৰ পাৰ্শ্বক্ৰিয়া ব্ৰিটিছ আদালতত স্বীকাৰ কৰে কোম্পানীটোৱে। এষ্ট্ৰাজেনেকাই আদালতত কয় যে কভিশ্বিল্ডৰ ফলত মানুহ তেজ জমা হোৱা বা প্লেটলেটৰ সংখ্যা কম হোৱাৰ দৰে সমস্যাত ভুগিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু