--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ পোহনীয়া প্ৰিয় কুকুৰটোৰ মৃত্যু সহ্য কৰিব নোৱাৰিলে এজনী সৰু ছোৱালীয়ে। পোহনীয়া জীৱ-জন্তু  পৰিয়াল এটাৰ  প্ৰিয়জনতকৈ কম নহয়।সেয়ে  পোহনীয়া জন্তুৰ মৃত্যু অত্যন্ত দুখজনক। কিন্তু সেই বুলি পোহনীয়া জন্তুৰ মৃত্যু সহ্য কৰিব নোৱাৰি  আত্মহত্যা কৰাৰ ঘটনা সাধাৰণতে নঘটে। হাৰিয়ানাত পিছে তেনে এক ঘটনাই  ঘটিছে। এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে তেওঁৰ  মৰমৰ কুকুৰটোৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি এক ভয়ংকৰ সিদ্ধান্ত ল’লে।

আৰক্ষীয়ে জনোৱা অনুসৰি,ঘৰৰ পোহনীয়া কুকুৰটোৰ  কেইদিনমান আগতে মৃত্যু হৈছিল। ১২ বছৰীয়া কিশোৰীগৰাকীয়ে ঘটনাটোত অত্যন্ত শোক পাইছিল। দুখ সহিব নোৱাৰি তেওঁ চিপলৈ আত্মহত্যা কৰে। ছোৱালীজনীৰ পৰিয়ালৰ মতে, কুকুৰৰ মৃত্যুত ছোৱালীজনী দুখত ভাগি পৰিছিল।  কিন্তু ছোৱালীজনীয়ে যে এনে সিদ্ধান্ত ল’ব পাৰে সেয়া কোনেও ভবা নাছিল।

 পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে   ছোৱালীজনীয়ে  তিনি মাহ পূৰ্বে এটা কুকুৰৰ  পোৱালি ঘৰলৈ আনিছিল। কিন্তু পাঁচ দিন আগতে কুকুৰটোৰ  মৃত্যু ঘটিল।কুকুৰটোৰ মৃত্যুৰ পিছত ছোৱালীজীয়ে  আনকি খোৱা-বোৱা বন্ধ কৰি দিছিল। পৰিয়ালৰ লোকে বহু বুজায়ো ছোৱালীজনীক সৈমান কৰাব পৰা নাছিল।  পৰিয়ালৰ মতে, ছোৱালীজনীৰ মাক আৰু ভনীয়েকে  অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ বজাৰলৈ গৈছিল। নাবালিকা ছোৱালীজনীয়ে তেতিয়াই  আত্মহত্যা কৰে। ছোৱালীজনীৰ মাকে কয়, "মোৰ ছোৱালীজনীয়ে কুকুৰটোক বহুত ভালপাইছিল। যেতিয়া মই পাচলি কিনিবলৈ বজাৰলৈ গৈছিলো, মোৰ চুবুৰীয়াই মোক ফোন কৰিছিল আৰু মোক সোনকালে ঘৰলৈ আহিবলৈ কৈছিল। যেতিয়া মই ঘৰলৈ উভতি আহিছিলো, মোৰ ছোৱালীয়ে আত্মহত্যা কৰা দেখিছিলো।’’ ইফালে, আৰক্ষীয়ে কেৱল পোহনীয়া জন্তুৰ মৃত্যুৰ বাবে নে ঘটনাটোৰ আঁৰত আন কোনো ৰহস্য আছে সেই বিষয়ত অনুসন্ধান কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ