--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ পোহনীয়া প্ৰিয় কুকুৰটোৰ মৃত্যু সহ্য কৰিব নোৱাৰিলে এজনী সৰু ছোৱালীয়ে। পোহনীয়া জীৱ-জন্তু  পৰিয়াল এটাৰ  প্ৰিয়জনতকৈ কম নহয়।সেয়ে  পোহনীয়া জন্তুৰ মৃত্যু অত্যন্ত দুখজনক। কিন্তু সেই বুলি পোহনীয়া জন্তুৰ মৃত্যু সহ্য কৰিব নোৱাৰি  আত্মহত্যা কৰাৰ ঘটনা সাধাৰণতে নঘটে। হাৰিয়ানাত পিছে তেনে এক ঘটনাই  ঘটিছে। এগৰাকী ১২ বছৰীয়া কিশোৰীয়ে তেওঁৰ  মৰমৰ কুকুৰটোৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি এক ভয়ংকৰ সিদ্ধান্ত ল’লে।

আৰক্ষীয়ে জনোৱা অনুসৰি,ঘৰৰ পোহনীয়া কুকুৰটোৰ  কেইদিনমান আগতে মৃত্যু হৈছিল। ১২ বছৰীয়া কিশোৰীগৰাকীয়ে ঘটনাটোত অত্যন্ত শোক পাইছিল। দুখ সহিব নোৱাৰি তেওঁ চিপলৈ আত্মহত্যা কৰে। ছোৱালীজনীৰ পৰিয়ালৰ মতে, কুকুৰৰ মৃত্যুত ছোৱালীজনী দুখত ভাগি পৰিছিল।  কিন্তু ছোৱালীজনীয়ে যে এনে সিদ্ধান্ত ল’ব পাৰে সেয়া কোনেও ভবা নাছিল।

 পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে   ছোৱালীজনীয়ে  তিনি মাহ পূৰ্বে এটা কুকুৰৰ  পোৱালি ঘৰলৈ আনিছিল। কিন্তু পাঁচ দিন আগতে কুকুৰটোৰ  মৃত্যু ঘটিল।কুকুৰটোৰ মৃত্যুৰ পিছত ছোৱালীজীয়ে  আনকি খোৱা-বোৱা বন্ধ কৰি দিছিল। পৰিয়ালৰ লোকে বহু বুজায়ো ছোৱালীজনীক সৈমান কৰাব পৰা নাছিল।  পৰিয়ালৰ মতে, ছোৱালীজনীৰ মাক আৰু ভনীয়েকে  অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ বজাৰলৈ গৈছিল। নাবালিকা ছোৱালীজনীয়ে তেতিয়াই  আত্মহত্যা কৰে। ছোৱালীজনীৰ মাকে কয়, "মোৰ ছোৱালীজনীয়ে কুকুৰটোক বহুত ভালপাইছিল। যেতিয়া মই পাচলি কিনিবলৈ বজাৰলৈ গৈছিলো, মোৰ চুবুৰীয়াই মোক ফোন কৰিছিল আৰু মোক সোনকালে ঘৰলৈ আহিবলৈ কৈছিল। যেতিয়া মই ঘৰলৈ উভতি আহিছিলো, মোৰ ছোৱালীয়ে আত্মহত্যা কৰা দেখিছিলো।’’ ইফালে, আৰক্ষীয়ে কেৱল পোহনীয়া জন্তুৰ মৃত্যুৰ বাবে নে ঘটনাটোৰ আঁৰত আন কোনো ৰহস্য আছে সেই বিষয়ত অনুসন্ধান কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে