--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মৃত্যু সদায়েই বেদনাদায়ক। কিন্তু কিছুমান মৃত্যু অসহনীয় এক ৰূপ লৈ ধৰা দিয়ে। মৃত্যুৰ একে নিষ্ঠুৰ ৰূপ দেখাটো যিকোনো লোকৰ বাবেই হৈ পৰে দুৰ্ভাগ্যৰ এক নামান্তৰ। এনে এক অসহনীয় মৃত্যুৰ দৃশ্যৰ সাক্ষী হ’বলগীয়া হ’ল বেংগালুৰুৰ বাসিন্দা। চকুৰ সন্মুখতে অবৰ্ণনীয় দহনত ছটফটাই জ্বলি নিঃশেষ হ’ল দুই মাতৃ-কন্যা। তেওঁলোকৰ অসহায় ছটফটনি দেখিও কোনেও একো সহায় কৰিব নোৱাৰিলে আৰু চকুৰ সন্মুখতে তেওঁলোক অগ্নিদগ্ধ হৈ পৰিল।

মঙলবাৰে সংঘটিত হোৱা এই ঘটনাৰ দৃশ্য পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙলবাৰে বেংগালুৰুৰ দেবাৰাচিক্কানাহাল্লিৰ বানেৰগাট্টা ৰোডত থকা এটা আবাসিক ভৱনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ভৱনটোৰ তিনিটাকৈ ফ্লেটত জুয়ে আগুৰি ধৰে। তাৰে এটা ফ্লেটত আবদ্ধ হৈ পৰে এগৰাকী ৬০বছৰীয়া মহিলা আৰু তেওঁৰ ৮২বছৰীয়া মাতৃ। মহিলাগৰাকীয়ে বেলকনিলৈ ওলাই আহি সহায় বিচাৰি চিঞৰ-বাখৰ কৰি থকাৰ মাজতে তেওঁক জুয়ে আগুৰি ধৰে।

তেওঁৰ লগতে তেওঁৰ মাতৃৰো জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। কোনো লোকে শ্বুট কৰা ভাইৰেল হৈ পৰা এই ৯০ ছেকেণ্ডৰ ভিডিঅ’টোত মহিলাগৰাকীৰ ভীত-সন্ত্ৰস্ত আৰু অসহায় ৰূপটোৱে সকলোৰে বাকৰুদ্ধ কৰি তুলিছে। জানিবপৰা মতে বিয়লি ৪.৪০ মিনিটত অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়া হৈছিল যদিও মহিলাগৰাকীৰ এই মৰ্মান্তিক ভিডিঅ’টোত তেওঁৰ কাষত সহায়ৰ বাবে কাকো দেখা পোৱা হোৱা নাই। এই ঘটনাত আ ৫জন লোক আহত হৈছে আৰু তাৰে একাধিকৰ অৱ্স্থা সংকটজনক বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ