--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মৃত্যু সদায়েই বেদনাদায়ক। কিন্তু কিছুমান মৃত্যু অসহনীয় এক ৰূপ লৈ ধৰা দিয়ে। মৃত্যুৰ একে নিষ্ঠুৰ ৰূপ দেখাটো যিকোনো লোকৰ বাবেই হৈ পৰে দুৰ্ভাগ্যৰ এক নামান্তৰ। এনে এক অসহনীয় মৃত্যুৰ দৃশ্যৰ সাক্ষী হ’বলগীয়া হ’ল বেংগালুৰুৰ বাসিন্দা। চকুৰ সন্মুখতে অবৰ্ণনীয় দহনত ছটফটাই জ্বলি নিঃশেষ হ’ল দুই মাতৃ-কন্যা। তেওঁলোকৰ অসহায় ছটফটনি দেখিও কোনেও একো সহায় কৰিব নোৱাৰিলে আৰু চকুৰ সন্মুখতে তেওঁলোক অগ্নিদগ্ধ হৈ পৰিল।

মঙলবাৰে সংঘটিত হোৱা এই ঘটনাৰ দৃশ্য পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মঙলবাৰে বেংগালুৰুৰ দেবাৰাচিক্কানাহাল্লিৰ বানেৰগাট্টা ৰোডত থকা এটা আবাসিক ভৱনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ভৱনটোৰ তিনিটাকৈ ফ্লেটত জুয়ে আগুৰি ধৰে। তাৰে এটা ফ্লেটত আবদ্ধ হৈ পৰে এগৰাকী ৬০বছৰীয়া মহিলা আৰু তেওঁৰ ৮২বছৰীয়া মাতৃ। মহিলাগৰাকীয়ে বেলকনিলৈ ওলাই আহি সহায় বিচাৰি চিঞৰ-বাখৰ কৰি থকাৰ মাজতে তেওঁক জুয়ে আগুৰি ধৰে।

তেওঁৰ লগতে তেওঁৰ মাতৃৰো জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। কোনো লোকে শ্বুট কৰা ভাইৰেল হৈ পৰা এই ৯০ ছেকেণ্ডৰ ভিডিঅ’টোত মহিলাগৰাকীৰ ভীত-সন্ত্ৰস্ত আৰু অসহায় ৰূপটোৱে সকলোৰে বাকৰুদ্ধ কৰি তুলিছে। জানিবপৰা মতে বিয়লি ৪.৪০ মিনিটত অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়া হৈছিল যদিও মহিলাগৰাকীৰ এই মৰ্মান্তিক ভিডিঅ’টোত তেওঁৰ কাষত সহায়ৰ বাবে কাকো দেখা পোৱা হোৱা নাই। এই ঘটনাত আ ৫জন লোক আহত হৈছে আৰু তাৰে একাধিকৰ অৱ্স্থা সংকটজনক বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু