--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যেন বাঘৰ নেগুৰেৰে কাণ খজুৱাবলৈহে গৈছিল সমীৰ ৱাংখেৰেৰ। শ্বাহৰুখ তনয় আৰিয়ান খানক ড্ৰাগছৰ ‘ভুৱা’ গোচৰত গ্ৰেপ্তাৰ কৰি দেশত তোলপাৰ লগাইছিল সমীৰ ৱাংখেৰেই। পিছে চিকাৰী এইবাৰ নিজেই বন্দী হ’ল জালত। আৰিয়ানক পিঞ্জৰাবদ্ধ কৰিবলৈ গৈ এইবাৰ নিজেই নানা অভিযোগত বান্ধ খালে সমীৰ ৱাংখেৰে। তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলি থকাৰ লগতে তেওঁক এই গোচৰৰ পৰা অপসাৰণ কৰাও হ’ল।

কিন্তু ইমানতে শেষ হোৱা নাই সমীৰ ৱাংখেৰেৰ বিপদ। এইবাৰ এনচিবিৰপৰা বিদায় দিবলৈ লোৱা হৈছে সমীৰ ৱাংখেৰেক। ৩১ ডিচেম্বৰত ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচৰ বিষয়া সমীৰ ৱাংখেৰেৰ এনচিবিৰ সৈতে সম্পৰ্কৰ অৱসান হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ২০০৮ চনৰ আইআৰএছ বিষয়া সমীৰ ৱাংখেৰেই ২০২০চনৰ ছেপ্টেম্বৰৰপৰা নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰোত ডেপুটেচনত আছিল। শেহতীয়াকৈ তেওঁ মুম্বাইৰ জ’নেল ডাইৰেক্টৰ হিচাপে কাম কৰি আছিল। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছত তেওঁ বলীউডৰ ড্ৰাগছ ছিণ্ডিকেটৰ বিৰুদ্ধে উঠি-পৰি লগা দেখিবলৈ পোৱা গৈছিল। এই কাৰ্যৰ জৰিয়তে নানা বিতৰ্কৰ সূত্ৰপাত ঘটোৱা সমীৰ ৱাংখেৰেই আৰিয়ান খান কাণ্ড সংঘটিত কৰাৰ পাছতে নিজেই জালত পৰে আৰু এতিয়া তেওঁৰ স্থান-মান সকলো হেৰুওৱাৰ দিশে অগ্ৰসৰ হৈছে।


উল্লেখ্য যে, প্ৰায় এমাহকাল বন্দী জীৱন কটোৱাৰ পাছত অক্টোবৰ মাহৰ শেষভাগত মুক্ত হৈছিল আৰয়ান। কিন্তু এইবাৰ দুৰ্যোগে খেদিছে এই বহুচৰ্চিত ঘটনাৰ মূল কাণ্ডাৰী সমীৰ ৱাংখেৰেক। আৰিয়ানক গ্ৰেপ্তাৰৰ পাছতেই ইটোৰ পাছত সিটো গুৰুতৰ অভিযোগ উঠিছিল সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে। মুম্বাইৰ প্ৰমোদ তৰীত অভিযান চলাই আৰিয়ানসহ আন কেইবাজনকো গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছতে পোহৰলৈ আহিছিল সেই অভিযানত এগৰাকী বিজেপি নেতা আৰু নিজকে প্ৰাইভেট ডিটেকটিভ বুলি দাবী কৰা এজন পতালক অপৰাধীৰ নাম। যাৰ নামত মহাৰাষ্ট্ৰ আৰক্ষীয়ে জাৰি কৰি ৰাখিছিল লুকআউট নটিচ।

কে পি গোছাৱী নামৰ এই পলাতক অপৰাধীজনৰ জৰিয়তেই এই কাণ্ডৰ ভালেমান বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল। কে পি গোছাৱীয়ে আৰিয়ান সৈতে উঠা এখন ছেলফী ভাইৰেল হৈ পৰাৰ পাছতে এই ঘটনা সন্দেহৰ আৱৰ্তলৈ গুচি গৈছিল। তাৰ পাছত মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপি নেতা নৱাম মালিকে ঘটনাটোৰ আঁৰৰ ভালেমান বিস্ফোৰক তথ্য সদৰি কৰি প্ৰৱল বিতৰ্কৰ সূচনা কৰে। কে পি গোছাৱীৰ ব্যক্তিগত দেহৰক্ষীজনে আৰক্ষীক শপতনামা দাখিল কৰি আৰিয়ান খানক গ্ৰেপ্তাৰৰ সৈতে ১৮কোটিৰ ডীল কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাছতে অধিক তীব্ৰ ৰূপ লয় বিতৰ্কই। ইফালে, কে পি গোছাৱীও জালত পৰে পুনে আৰক্ষীৰ।

সমীৰ ৱাংখেৰেৰ জাতিগত আৰু ধৰ্মীয় পৰিচয় সন্দৰ্ভতো বিভিন্ন বিস্ফোৰক অভিযোগ আনিছিল নৱাব মালিকে। তেওঁ পূৰ্বে মুছলমান আছিল আৰু প্ৰথম পত্নীক ইছলামধৰ্মীয় ৰীতি অনুসৰি বিয়া কৰাইছিল বুলি অভিযোগ আনি তোলপাৰ লগাইছিল নৱাব মালিকে। তাৰ পাছতে পশ্চাৎগমন আৰম্ভ হৈছিল সমীৰ ৱাংখেৰেৰ। এতিয়া এনচিবিৰ পৰাই তেওঁক বিদায় দিয়াৰ এই প্ৰস্তুতিয়ে যেন স্পষ্ট কৰি দিছে যে, এইবাৰ ভুল ঠাইত হাত দিলে সমীৰ ৱাংখেৰেই। নৱাব মালিকে কৰা অভিযোগ অনুসৰি বিভিন্নজন তাৰকাক ভুৱা গোচৰত অভিযুক্ত কৰি এইজন বিষয়াই ধন আদায় কৰিছিল। পিছে এইবাৰ খেল খটম হ’ল ৱাংখেৰেৰ। বলীউডৰ বাদশ্বাহৰ দুৰ্গত হাত দি নিজেই যেন বিনাশৰ বাট মুকলি কৰিলে সমীৰ ৱাংখেৰেই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?