--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জীৱন মানেই সংগ্ৰাম…সংগ্ৰাম মানেই জীৱন। জীৱন যুদ্ধত প্ৰত্যেক মানুহেই যুঁজ দিবলগীয়া হয়। জীৱন যুঁজৰ এজন অক্নান্ত যোদ্ধাই সমাজলৈ প্ৰেৰণ কৰিছে প্ৰেৰণামূলক বাৰ্তা। নাগপুৰৰ এজন ৭০ বছৰীয়া বৃদ্ধ। নাম জয়ন্তী ভাই। জয়ন্তী ভাইয়ে মাত্ৰ ২০ টকাত পোহা অৰ্থাৎ চিৰাৰে বনোৱা জলপান বিক্ৰী কৰি থকা এটা ভিডিঅ' ভাইৰেল হৈছে। তেওঁ নাগপুৰৰ গান্ধীবাগ আৰু ইতৱাৰীৰ ৰাস্তাত সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ পোহা বিক্ৰী কৰে। ভিডিঅ'টো ব্লগাৰ অভিনৱ জেচৱানীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল।

শ্বেয়াৰ কৰা লগে লগে ভিডিঅ'টো ভাইৰেল হৈ পৰে। ভিডিঅ'টোত দেখা গৈছিল জয়ন্তীয়ে এখন চাইকেল ঠেলি ঠেলি ৰাস্তাৰে আহি আছে। পোহা প্ৰস্তুত কৰিব পৰা সকলো সামগ্ৰী এটা টুকুৰীত ভৰাই তেওঁ চাইকেলখনৰ পিছফালে বান্ধি আনিছিল। সকলো গ্ৰাহককে তেওঁ বৰ সুন্দৰকৈ পোহা প্ৰস্তুত কৰি আগবঢ়াই দিছিল। আজিৰ সময়ত মাত্ৰ ২০ টকাতে এয়া বিক্ৰী কৰাটো নিশ্চয়কৈ উল্লেখনীয় কথা। জয়ন্তী ভাইৰ হাতৰ পোহা বৰ সোৱাদযুক্ত।

ভিডিঅ'টোত দেখা জয়ন্তী ভাইৰ হাঁহিটোৱে সকলোৰে হৃদয় গলাইছিল। মিঠাকৈ মৰা তেওঁৰ হাঁহিত যেন হাজাৰ বাধাও পৰাজিত হৈ উঠে। পোহা বিক্ৰী কৰাৰ পাছত তেওঁ মহাজনবাৰীলৈ যায় তাত তেওঁ এজন গাৰ্ড হিচাপে কাম কৰে। এই মানুহজনে তেওঁৰ দৈনন্দিন খৰচ আৰু চিকিৎসা ব্যয় পূৰণ কৰিবলৈ এনেদৰে জীৱন যুদ্ধত নামি পৰিছে। জীয়াই থকালৈকে তেওঁ কাৰো ওচৰত হাত নপতাকৈ এনেদৰই জীৱনৰ জয়গান গাই যাব বিচাৰে। জয়ন্তী ভাইৰ কঠোৰ পৰিশ্ৰম দেখি হাজাৰ হাজাৰ মানুহ অনুপ্ৰাণিত হৈছে। জয়ন্তী ভাইৰ জীৱনৰ জয়গান অবিৰত হওক সেয়াই কামনা কৰিছে অনেক লোকে।

আৰু পঢ়কঃ ১৮ বছৰত যদি প্ৰধানমন্ত্ৰী বাচনি কৰিব পাৰে,স্বামী কিয় নোৱাৰিবঃ আছাদুদ্দিন ওৱেইছি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র