--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জীৱন মানেই সংগ্ৰাম…সংগ্ৰাম মানেই জীৱন। জীৱন যুদ্ধত প্ৰত্যেক মানুহেই যুঁজ দিবলগীয়া হয়। জীৱন যুঁজৰ এজন অক্নান্ত যোদ্ধাই সমাজলৈ প্ৰেৰণ কৰিছে প্ৰেৰণামূলক বাৰ্তা। নাগপুৰৰ এজন ৭০ বছৰীয়া বৃদ্ধ। নাম জয়ন্তী ভাই। জয়ন্তী ভাইয়ে মাত্ৰ ২০ টকাত পোহা অৰ্থাৎ চিৰাৰে বনোৱা জলপান বিক্ৰী কৰি থকা এটা ভিডিঅ' ভাইৰেল হৈছে। তেওঁ নাগপুৰৰ গান্ধীবাগ আৰু ইতৱাৰীৰ ৰাস্তাত সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ পোহা বিক্ৰী কৰে। ভিডিঅ'টো ব্লগাৰ অভিনৱ জেচৱানীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল।

শ্বেয়াৰ কৰা লগে লগে ভিডিঅ'টো ভাইৰেল হৈ পৰে। ভিডিঅ'টোত দেখা গৈছিল জয়ন্তীয়ে এখন চাইকেল ঠেলি ঠেলি ৰাস্তাৰে আহি আছে। পোহা প্ৰস্তুত কৰিব পৰা সকলো সামগ্ৰী এটা টুকুৰীত ভৰাই তেওঁ চাইকেলখনৰ পিছফালে বান্ধি আনিছিল। সকলো গ্ৰাহককে তেওঁ বৰ সুন্দৰকৈ পোহা প্ৰস্তুত কৰি আগবঢ়াই দিছিল। আজিৰ সময়ত মাত্ৰ ২০ টকাতে এয়া বিক্ৰী কৰাটো নিশ্চয়কৈ উল্লেখনীয় কথা। জয়ন্তী ভাইৰ হাতৰ পোহা বৰ সোৱাদযুক্ত।

ভিডিঅ'টোত দেখা জয়ন্তী ভাইৰ হাঁহিটোৱে সকলোৰে হৃদয় গলাইছিল। মিঠাকৈ মৰা তেওঁৰ হাঁহিত যেন হাজাৰ বাধাও পৰাজিত হৈ উঠে। পোহা বিক্ৰী কৰাৰ পাছত তেওঁ মহাজনবাৰীলৈ যায় তাত তেওঁ এজন গাৰ্ড হিচাপে কাম কৰে। এই মানুহজনে তেওঁৰ দৈনন্দিন খৰচ আৰু চিকিৎসা ব্যয় পূৰণ কৰিবলৈ এনেদৰে জীৱন যুদ্ধত নামি পৰিছে। জীয়াই থকালৈকে তেওঁ কাৰো ওচৰত হাত নপতাকৈ এনেদৰই জীৱনৰ জয়গান গাই যাব বিচাৰে। জয়ন্তী ভাইৰ কঠোৰ পৰিশ্ৰম দেখি হাজাৰ হাজাৰ মানুহ অনুপ্ৰাণিত হৈছে। জয়ন্তী ভাইৰ জীৱনৰ জয়গান অবিৰত হওক সেয়াই কামনা কৰিছে অনেক লোকে।

আৰু পঢ়কঃ ১৮ বছৰত যদি প্ৰধানমন্ত্ৰী বাচনি কৰিব পাৰে,স্বামী কিয় নোৱাৰিবঃ আছাদুদ্দিন ওৱেইছি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক