--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিডনীৰ পাথৰৰ ৰোগত ভুগিছে নেকি? অতি সোনকালে পৰামৰ্শ লওক চিকিৎসকৰ৷ হায়দৰাবাদৰ এজন ৰোগীৰ দেহৰ পৰা চিকিৎসকে ডেৰশো অধিক পাথৰ উলিওৱাৰ পাছতে এই বাতৰিয়ে দখল কৰিছে সংবাদ শিৰোনাম৷ বহু দিন ধৰি কিডনীৰ সমস্যাত ভুগি থকা হায়দৰাবাদৰ এজন ৰোগীৰ দেহৰ পৰা উলিওৱা হৈছে শতাধিক পাথৰ৷ হায়দৰাবাদৰ এখন চিকিৎসালয়ৰ চিকিৎসকে ঘোষণা কৰিছে যে এজন ৫০ বছৰীয়া ৰোগীৰ পৰা ১৫৬ টা কিডনী পাথৰ আঁতৰ কৰিছে।

চিকিৎসকসকলে এক ডাঙৰ অস্ত্ৰোপচাৰ কৰাৰ পৰিৱৰ্তে লেপাৰোস্কোপী আৰু এণ্ডোস্কোপী ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা গৈছে৷ এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰি এজন ৰোগীৰ শৰীৰৰ পৰা আঁতৰ কৰা পাথৰৰ এয়াই সৰ্বাধিক সংখ্যা। প্ৰায় তিনি ঘণ্টা ধৰি চলা এই চিকিৎসাৰ পাছতে এয়া অভিলেখ বুলি কয় চিকিৎসকসকলে। জানিব পৰা মতে ৰোগীজন হুবলিৰ পৰা আহিছিল আৰু প্ৰীতি ইউৰোলজি এণ্ড কিডনী হাস্পতালত ভৰ্তি হৈছিল। চিকিৎসাৰ পাছত তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ হৈ আছে।


বাসবৰাজ মাদিৱালাৰ নামৰ ৰোগীজন পেছাত বিদ্যালয়ৰ শিক্ষক৷ বহু দিন ধৰি হৈ থকা পেটৰ বিষৰ পৰীক্ষা কৰোঁৱাবলৈ আহোঁতে স্ক্ৰীণিঙত কিডনী ষ্ট’নৰ এটা ডাঙৰ গোটৰ উপস্থিতি দেখা গৈছিল। চিকিৎসকে কৈছিল যে ৰোগীজনৰ এক্টোপিক বৃক্কৰ ৰোগ আছিল, কিয়নো ই মূত্ৰনলীত ইয়াৰ স্বাভাৱিক স্থিতিৰ পৰিৱৰ্তে তেওঁৰ পেটৰ ওচৰত অৱস্থিত আছিল। ‘যদিও অস্বাভাৱিক স্থানত বৃক্কৰ উপস্থিতি সমস্যাটোৰ কাৰণ নহয়, অস্বাভাৱিকভাৱে অৱস্থিত বৃক্কৰ পৰা পাথৰ আঁতৰ কৰাটো নিশ্চিতভাৱে এক প্ৰত্যাহ্বানমূলক কাম আছিল।’ চিকিৎসকে এইকথা প্ৰকাশ কৰে। চিকিৎসকসকলে সন্দেহ কৰিছে যে ৰোগীজনে দুবছৰতকৈ অধিক সময় ধৰি এই পাথৰৰ সমস্যাত ভুগি আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ