--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিডনীৰ পাথৰৰ ৰোগত ভুগিছে নেকি? অতি সোনকালে পৰামৰ্শ লওক চিকিৎসকৰ৷ হায়দৰাবাদৰ এজন ৰোগীৰ দেহৰ পৰা চিকিৎসকে ডেৰশো অধিক পাথৰ উলিওৱাৰ পাছতে এই বাতৰিয়ে দখল কৰিছে সংবাদ শিৰোনাম৷ বহু দিন ধৰি কিডনীৰ সমস্যাত ভুগি থকা হায়দৰাবাদৰ এজন ৰোগীৰ দেহৰ পৰা উলিওৱা হৈছে শতাধিক পাথৰ৷ হায়দৰাবাদৰ এখন চিকিৎসালয়ৰ চিকিৎসকে ঘোষণা কৰিছে যে এজন ৫০ বছৰীয়া ৰোগীৰ পৰা ১৫৬ টা কিডনী পাথৰ আঁতৰ কৰিছে।

চিকিৎসকসকলে এক ডাঙৰ অস্ত্ৰোপচাৰ কৰাৰ পৰিৱৰ্তে লেপাৰোস্কোপী আৰু এণ্ডোস্কোপী ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা গৈছে৷ এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰি এজন ৰোগীৰ শৰীৰৰ পৰা আঁতৰ কৰা পাথৰৰ এয়াই সৰ্বাধিক সংখ্যা। প্ৰায় তিনি ঘণ্টা ধৰি চলা এই চিকিৎসাৰ পাছতে এয়া অভিলেখ বুলি কয় চিকিৎসকসকলে। জানিব পৰা মতে ৰোগীজন হুবলিৰ পৰা আহিছিল আৰু প্ৰীতি ইউৰোলজি এণ্ড কিডনী হাস্পতালত ভৰ্তি হৈছিল। চিকিৎসাৰ পাছত তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ হৈ আছে।


বাসবৰাজ মাদিৱালাৰ নামৰ ৰোগীজন পেছাত বিদ্যালয়ৰ শিক্ষক৷ বহু দিন ধৰি হৈ থকা পেটৰ বিষৰ পৰীক্ষা কৰোঁৱাবলৈ আহোঁতে স্ক্ৰীণিঙত কিডনী ষ্ট’নৰ এটা ডাঙৰ গোটৰ উপস্থিতি দেখা গৈছিল। চিকিৎসকে কৈছিল যে ৰোগীজনৰ এক্টোপিক বৃক্কৰ ৰোগ আছিল, কিয়নো ই মূত্ৰনলীত ইয়াৰ স্বাভাৱিক স্থিতিৰ পৰিৱৰ্তে তেওঁৰ পেটৰ ওচৰত অৱস্থিত আছিল। ‘যদিও অস্বাভাৱিক স্থানত বৃক্কৰ উপস্থিতি সমস্যাটোৰ কাৰণ নহয়, অস্বাভাৱিকভাৱে অৱস্থিত বৃক্কৰ পৰা পাথৰ আঁতৰ কৰাটো নিশ্চিতভাৱে এক প্ৰত্যাহ্বানমূলক কাম আছিল।’ চিকিৎসকে এইকথা প্ৰকাশ কৰে। চিকিৎসকসকলে সন্দেহ কৰিছে যে ৰোগীজনে দুবছৰতকৈ অধিক সময় ধৰি এই পাথৰৰ সমস্যাত ভুগি আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?