--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় তিনি মাহ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুঁজ খনৰ সমাপ্তিৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি আমেৰিকা অথবা আন কোনো দেশেই পদক্ষেপ গ্ৰহণ কৰা নাই৷ ২০ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকলৈ এতিয়া যেন আমেৰিকা আৰু ৰাছিয়াই নিজ নিজ দেশৰ সামৰ্থ তথা শক্তিহে প্ৰদৰ্শনৰ প্ৰতিযোগিতাত নামিছে৷ যুদ্ধ বন্ধ কৰাৰ সলনি যুদ্ধবাজ আমেৰিকাই এতিয়া ইউক্ৰেইনক অধিক অস্ত্ৰহে দিবলৈ ওলাইছে৷

যদি ইউক্ৰেইনক অস্ত্ৰ প্ৰদান কৰা হয় তেন্তে  ইয়াক প্ৰতিহত কৰা  হ'ব বুলি  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰক ভাবুকি দি থকাৰ মাজতে আমেৰিকাই ইউক্ৰেইনক অস্ত্ৰ দিবলৈ ওলাইছে৷  

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে কৈছে যে দেশ খনে ইউক্ৰেইনক ৭৭৫ নিযুত ডলাৰ মূল্যৰ অস্ত্ৰ প্ৰদান কৰিব। জেলেনস্কি বাহিনীক অত্যাধুনিক হিমাৰ্ছ ৰকেট প্ৰণালী, কামান আৰু মাইন অনুসন্ধান যন্ত্ৰ প্ৰদান কৰা হ'ব। কেৱল সেয়াই নহয়, এই পেকেজটোত ১৫ টা স্কেন ঈগল ড্ৰোন, ৪০ খন  সুৰক্ষিত গাড়ী, ১,৫০০ টা গাইডেড মিছাইলো অন্তৰ্ভুক্ত আছে। এজন শীৰ্ষ আমোলাই কয়  যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বিশেষ ক্ষমতাৰ অধীনত এই পেকেজটো দিয়া হৈছে। 

আমেৰিকাই ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পৰা ১০ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ সামৰিক সঁজুলি প্ৰদান কৰিছে। ফলস্বৰূপে, মস্কোৰ সৈতে ৱাশ্বিংটনৰ দূৰত্ব আৰু অধিক বৃদ্ধি পাইছে। অৱশ্যে কোনো দেশেই পোনপটীয়াকৈ ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ কৰা নাই। কেইবাখনো দেশে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা সহায় কৰিছে। তাৰে এখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে কৈছে যে ইউক্ৰেইনলৈ  এটা ৰাছিয়ান টেংকৰ অনুপাতত ১০ টা এণ্টি-আৰ্মৰ প্ৰণালী প্ৰেৰণ কৰা হৈছে।

ইউক্ৰেইনলৈ বৃহৎ সংখ্যক মিছাইল, গ্ৰেনেড লঞ্চাৰ, হেলিকপ্টাৰ, ড্ৰোন, মেচিনগান, ৰাডাৰ প্ৰণালী আদিও প্ৰেৰণ কৰা হৈছে। ৰাছিয়ান আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ ব্ৰিটেইন, চেক গণৰাজ্য, জাৰ্মানী আৰু আন কেইবাখনো ইউৰোপীয় দেশে ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰিছে।

২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত এক "বিশেষ সামৰিক অভিযান" আৰম্ভ কৰিছিল। যুদ্ধৰ আৰম্ভণিতে ৰাছিয়াৰ সেনাই কৃষ্ণ সাগৰৰ বন্দৰ চহৰ খেৰচন দখল কৰিছিল। জেলেনস্কি বাহিনীয়ে  চহৰখন পুনৰ দখল কৰিবলৈ যুঁজ আৰম্ভ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ পৰা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্নেক দ্বীপটো উদ্ধাৰ কৰে। জেলেনস্কিৰ বাহিনীয়ে যুদ্ধক্ষেত্ৰত ৰাছিয়াৰ সেনাক পশ্চিমৰ অস্ত্ৰৰে ভয় খুৱাই থাকিবলৈ সক্ষম হৈছে৷ৰাছিয়াই সেই কথা জানে বাবেই যুদ্ধ বন্ধ কৰা নাই বুলি বহুতে কৈ আহিছে৷   








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ