--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় তিনি মাহ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুঁজ খনৰ সমাপ্তিৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি আমেৰিকা অথবা আন কোনো দেশেই পদক্ষেপ গ্ৰহণ কৰা নাই৷ ২০ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকলৈ এতিয়া যেন আমেৰিকা আৰু ৰাছিয়াই নিজ নিজ দেশৰ সামৰ্থ তথা শক্তিহে প্ৰদৰ্শনৰ প্ৰতিযোগিতাত নামিছে৷ যুদ্ধ বন্ধ কৰাৰ সলনি যুদ্ধবাজ আমেৰিকাই এতিয়া ইউক্ৰেইনক অধিক অস্ত্ৰহে দিবলৈ ওলাইছে৷

যদি ইউক্ৰেইনক অস্ত্ৰ প্ৰদান কৰা হয় তেন্তে  ইয়াক প্ৰতিহত কৰা  হ'ব বুলি  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰক ভাবুকি দি থকাৰ মাজতে আমেৰিকাই ইউক্ৰেইনক অস্ত্ৰ দিবলৈ ওলাইছে৷  

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে কৈছে যে দেশ খনে ইউক্ৰেইনক ৭৭৫ নিযুত ডলাৰ মূল্যৰ অস্ত্ৰ প্ৰদান কৰিব। জেলেনস্কি বাহিনীক অত্যাধুনিক হিমাৰ্ছ ৰকেট প্ৰণালী, কামান আৰু মাইন অনুসন্ধান যন্ত্ৰ প্ৰদান কৰা হ'ব। কেৱল সেয়াই নহয়, এই পেকেজটোত ১৫ টা স্কেন ঈগল ড্ৰোন, ৪০ খন  সুৰক্ষিত গাড়ী, ১,৫০০ টা গাইডেড মিছাইলো অন্তৰ্ভুক্ত আছে। এজন শীৰ্ষ আমোলাই কয়  যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বিশেষ ক্ষমতাৰ অধীনত এই পেকেজটো দিয়া হৈছে। 

আমেৰিকাই ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পৰা ১০ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ সামৰিক সঁজুলি প্ৰদান কৰিছে। ফলস্বৰূপে, মস্কোৰ সৈতে ৱাশ্বিংটনৰ দূৰত্ব আৰু অধিক বৃদ্ধি পাইছে। অৱশ্যে কোনো দেশেই পোনপটীয়াকৈ ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ কৰা নাই। কেইবাখনো দেশে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা সহায় কৰিছে। তাৰে এখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে কৈছে যে ইউক্ৰেইনলৈ  এটা ৰাছিয়ান টেংকৰ অনুপাতত ১০ টা এণ্টি-আৰ্মৰ প্ৰণালী প্ৰেৰণ কৰা হৈছে।

ইউক্ৰেইনলৈ বৃহৎ সংখ্যক মিছাইল, গ্ৰেনেড লঞ্চাৰ, হেলিকপ্টাৰ, ড্ৰোন, মেচিনগান, ৰাডাৰ প্ৰণালী আদিও প্ৰেৰণ কৰা হৈছে। ৰাছিয়ান আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ ব্ৰিটেইন, চেক গণৰাজ্য, জাৰ্মানী আৰু আন কেইবাখনো ইউৰোপীয় দেশে ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰিছে।

২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত এক "বিশেষ সামৰিক অভিযান" আৰম্ভ কৰিছিল। যুদ্ধৰ আৰম্ভণিতে ৰাছিয়াৰ সেনাই কৃষ্ণ সাগৰৰ বন্দৰ চহৰ খেৰচন দখল কৰিছিল। জেলেনস্কি বাহিনীয়ে  চহৰখন পুনৰ দখল কৰিবলৈ যুঁজ আৰম্ভ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ পৰা কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্নেক দ্বীপটো উদ্ধাৰ কৰে। জেলেনস্কিৰ বাহিনীয়ে যুদ্ধক্ষেত্ৰত ৰাছিয়াৰ সেনাক পশ্চিমৰ অস্ত্ৰৰে ভয় খুৱাই থাকিবলৈ সক্ষম হৈছে৷ৰাছিয়াই সেই কথা জানে বাবেই যুদ্ধ বন্ধ কৰা নাই বুলি বহুতে কৈ আহিছে৷   








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু