--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ’জয় বা পৰাজয়, সময় অসময়, কপালত জিলিকাই প্ৰেম নাহে, প্ৰে সময় নামেনে , বয়স যে আৰু নুবুজে’...৷ সঁচাকৈয়ে প্ৰেমে বয়স নুবুজে৷ সেইবাবেই  এগৰাকী ৭৪ বছৰীয়া বৃদ্ধাৰ সৈতে প্ৰেমত মগ্ন হৈ পৰিছে এজন ২৪ বছৰীয়া চফল ডেকা৷ টেক্সাছৰ ৭৪ বছৰীয়া কেথি নামৰ বৃদ্ধা গৰাকীৰ সৈতে প্ৰেমৰ সাগৰত হাব-ডুবু খাইছে  আৰু ২৭ বছৰীয়া ডেভন অব্ৰে নামৰ যুৱক জনে৷

এটা ডেটিং চাইটত দুয়ো দুয়োকে  লগ পাইছিল। ইয়াৰ পিছতে আৰম্ভ হৈছিল দুয়োৰে মাজকত প্ৰেমৰ সম্পৰ্ক৷দুয়োৰে প্ৰেমে প্ৰমাণ কৰি দিছে যে প্ৰেমত সকলো সম্ভৱ! কাথি জেঙ্কিছ নামৰ বৃদ্ধা গৰাকীয়ে তেওঁৰ নাতিৰ বয়সতকৈও সৰু এজন যুৱকৰ প্ৰেমত পৰাৰ কথাই আনকি ’প্ৰেমৰ বিশেষজ্ঞ’ সকলোকো কথাবোৰ নতুনকৈ ভাবি চাবলৈ বাধ্য কৰিছে৷  তেওঁলোকে প্ৰেমক  কেৱল শাৰীৰিক সম্পৰ্কৰ মাজতে সীমাবদ্ধ ৰাখিব বিচৰা নাই৷  

তেওঁলোকে ইজনে সিজনৰ সৈতে ইমান একাত্ম হৈ পৰিছে  যে এবছৰৰ ভিতৰতে তেওঁলোকে সেই সম্পৰ্কক বিবাহৰ ৰূপ দিবলৈ  সিদ্ধান্ত লয়। তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছে।ডেভনে কৈছে, "আমি অনলাইন ডেটিং ছাইটত কথা পাতিছিলো। কিন্তু আমি প্ৰেমত পৰিম বুলি ভবা নাছিলো। ডেটিং চাইটত কেথিৰ ছবিখনে মোক আকৰ্ষণ  কৰিছিল। মই তেওঁক মেছেজ এটা পঠিয়াই মনৰ কথা কৈছিলো৷ মই ভবা নাছিলো যে উত্তৰ আহিব। কিন্তু উত্তৰ আহিল। কেথিয়েও মোৰ প্ৰতি আগ্ৰহী আছিল। আমি ফোন নম্বৰ বিনিময় কৰিলোঁ। প্ৰায় চাৰি মাহৰ পিছত মই ঘৰত প্ৰথমবাৰৰ বাবে কেথিক লগ পাইছিলো। যেতিয়া মই তেওঁক দেখিছিলো মই তেওঁৰ প্ৰেমত পৰিছিলো। । মই তেওঁক  বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিলো। ''

উল্লেখ্য কেথিৰ পূৰ্বে  বহু লোকৰ সৈতে সম্পৰ্কৰ আছিল। কিন্তু তেওঁ কেতিয়াও কাৰো সৈতে আনুষ্ঠানিকভাবে বিয়াত বহা নাছিল । কেথিয়ে এতিয়া কামৰ পৰা অৱসৰ লৈছে। আনুষ্ঠানিকভাবে  কাৰো সৈতেবিয়া নহ’লেও  কেথিৰ  চাৰিটা সন্তান আৰু ১৩ গৰাকী নাতি-নাতি আছে। নাতি-নাতিনীৰো বহুতো সন্তান আছে।

ডেভনে কৈছে, "কেথি মোৰ বাবে আদৰ্শ জীৱন সংগী হ’ব। আমি কেতিয়াও কাজিয়া নকৰোঁ। তেওঁৰ পৰা বহুত শিকিবলৈ আছে। আমি ইজনে সিজনক বিশ্বাস কৰোঁ। মই সদায় বয়সস্থ মহিলাৰ প্ৰতি আকৰ্ষিত হৈ আহিছো। কেথিৰ সৈতে ক’ৰৱাত মই মোৰ আইতাৰ সৈতে সাদৃশ্য বিচাৰি পাওঁ। ''

দুয়োজনৰ মাজত বয়সৰ পাৰ্থক্য প্ৰায় ৪৭ বছৰ। আৰু সেইকাৰণে কোনেও এই সম্পৰ্কটো ভাল দৃষ্টিৰে চোৱা নাই। দুয়োজনৰ পৰিয়ালেও এই বিষয়ে আপত্তি কৰিছে। তথাপিও কেথি-ডেভনে কাৰো কথালৈ কাণ দিয়া নাই৷ কাৰণ প্ৰেম যে অন্ধ....৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু