--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ’জয় বা পৰাজয়, সময় অসময়, কপালত জিলিকাই প্ৰেম নাহে, প্ৰে সময় নামেনে , বয়স যে আৰু নুবুজে’...৷ সঁচাকৈয়ে প্ৰেমে বয়স নুবুজে৷ সেইবাবেই  এগৰাকী ৭৪ বছৰীয়া বৃদ্ধাৰ সৈতে প্ৰেমত মগ্ন হৈ পৰিছে এজন ২৪ বছৰীয়া চফল ডেকা৷ টেক্সাছৰ ৭৪ বছৰীয়া কেথি নামৰ বৃদ্ধা গৰাকীৰ সৈতে প্ৰেমৰ সাগৰত হাব-ডুবু খাইছে  আৰু ২৭ বছৰীয়া ডেভন অব্ৰে নামৰ যুৱক জনে৷

এটা ডেটিং চাইটত দুয়ো দুয়োকে  লগ পাইছিল। ইয়াৰ পিছতে আৰম্ভ হৈছিল দুয়োৰে মাজকত প্ৰেমৰ সম্পৰ্ক৷দুয়োৰে প্ৰেমে প্ৰমাণ কৰি দিছে যে প্ৰেমত সকলো সম্ভৱ! কাথি জেঙ্কিছ নামৰ বৃদ্ধা গৰাকীয়ে তেওঁৰ নাতিৰ বয়সতকৈও সৰু এজন যুৱকৰ প্ৰেমত পৰাৰ কথাই আনকি ’প্ৰেমৰ বিশেষজ্ঞ’ সকলোকো কথাবোৰ নতুনকৈ ভাবি চাবলৈ বাধ্য কৰিছে৷  তেওঁলোকে প্ৰেমক  কেৱল শাৰীৰিক সম্পৰ্কৰ মাজতে সীমাবদ্ধ ৰাখিব বিচৰা নাই৷  

তেওঁলোকে ইজনে সিজনৰ সৈতে ইমান একাত্ম হৈ পৰিছে  যে এবছৰৰ ভিতৰতে তেওঁলোকে সেই সম্পৰ্কক বিবাহৰ ৰূপ দিবলৈ  সিদ্ধান্ত লয়। তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছে।ডেভনে কৈছে, "আমি অনলাইন ডেটিং ছাইটত কথা পাতিছিলো। কিন্তু আমি প্ৰেমত পৰিম বুলি ভবা নাছিলো। ডেটিং চাইটত কেথিৰ ছবিখনে মোক আকৰ্ষণ  কৰিছিল। মই তেওঁক মেছেজ এটা পঠিয়াই মনৰ কথা কৈছিলো৷ মই ভবা নাছিলো যে উত্তৰ আহিব। কিন্তু উত্তৰ আহিল। কেথিয়েও মোৰ প্ৰতি আগ্ৰহী আছিল। আমি ফোন নম্বৰ বিনিময় কৰিলোঁ। প্ৰায় চাৰি মাহৰ পিছত মই ঘৰত প্ৰথমবাৰৰ বাবে কেথিক লগ পাইছিলো। যেতিয়া মই তেওঁক দেখিছিলো মই তেওঁৰ প্ৰেমত পৰিছিলো। । মই তেওঁক  বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিলো। ''

উল্লেখ্য কেথিৰ পূৰ্বে  বহু লোকৰ সৈতে সম্পৰ্কৰ আছিল। কিন্তু তেওঁ কেতিয়াও কাৰো সৈতে আনুষ্ঠানিকভাবে বিয়াত বহা নাছিল । কেথিয়ে এতিয়া কামৰ পৰা অৱসৰ লৈছে। আনুষ্ঠানিকভাবে  কাৰো সৈতেবিয়া নহ’লেও  কেথিৰ  চাৰিটা সন্তান আৰু ১৩ গৰাকী নাতি-নাতি আছে। নাতি-নাতিনীৰো বহুতো সন্তান আছে।

ডেভনে কৈছে, "কেথি মোৰ বাবে আদৰ্শ জীৱন সংগী হ’ব। আমি কেতিয়াও কাজিয়া নকৰোঁ। তেওঁৰ পৰা বহুত শিকিবলৈ আছে। আমি ইজনে সিজনক বিশ্বাস কৰোঁ। মই সদায় বয়সস্থ মহিলাৰ প্ৰতি আকৰ্ষিত হৈ আহিছো। কেথিৰ সৈতে ক’ৰৱাত মই মোৰ আইতাৰ সৈতে সাদৃশ্য বিচাৰি পাওঁ। ''

দুয়োজনৰ মাজত বয়সৰ পাৰ্থক্য প্ৰায় ৪৭ বছৰ। আৰু সেইকাৰণে কোনেও এই সম্পৰ্কটো ভাল দৃষ্টিৰে চোৱা নাই। দুয়োজনৰ পৰিয়ালেও এই বিষয়ে আপত্তি কৰিছে। তথাপিও কেথি-ডেভনে কাৰো কথালৈ কাণ দিয়া নাই৷ কাৰণ প্ৰেম যে অন্ধ....৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ