--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডুবন্ত চহৰ যোশীমঠত নতুন আতংকই বিৰাজ কৰিছে। কেইমাহমান পূৰ্বে যোশীমঠৰ বহু ঘৰত ফাট মেলাৰ পিছত এইবাৰ নতুনকৈ পুনৰ  কেইবাটাও ঘৰত ফাট মেলা দেখা গৈছিল। উদ্বেগজনক ভাৱে নতুনকৈ ফাট মেলা  এই ঘৰবোৰ সুৰক্ষিত অঞ্চলত অৱস্থিত।

গংগানগৰ 'হালধীয়া অঞ্চল'ৰ অন্তৰ্গত। যাক সুৰক্ষিত এলেকা  বুলি গণ্য কৰা হৈছিল। এইবাৰ সেই এলেকাতো বহু ঘৰত  ফাট মেলিছে। ইয়াৰ পূৰ্বে, সুনীল, মনোহৰ বাগ, ৰবিগ্ৰাম আৰু সিংধৰৰ দৰে অঞ্চলত বহু ঘৰত  ফাট মেলা  দেখা গৈছিল। স্থানীয় বাসিন্দা বীৰেন্দ্ৰলাল তামতাই কৈছিল যে তেওঁৰ ঘৰত আগতে কোনো ফাট মেলা নাছিল। কিন্তু এতিয়া মেলিছে।

 চলিত বৰ্ষৰ জানুৱাৰী মাহত যোশীমঠৰ ঘৰত ফাট মেলা বিষয়টোকলৈ  সমগ্ৰ দেশতে উদ্বেগ বৃদ্ধি পাইছিল। পদ্মভূষণ-বিজয়ী পৰিৱেশবিদ অনিল যোশীয়ে কয়, "প্ৰশাসনে এই ক্ষেত্ৰত কোনো মনোযোগ দিয়া নাই। অন্ততঃ মই যোশীমঠৰ অৱস্থাত একেবাৰে আচৰিত নহয়। ১৯৭৬ চনৰ পৰা এই বিষয়টোৱে  সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। কিন্তু কোনেও ইয়াক গুৰুত্বসহকাৰে লোৱা নাই। এতিয়া উপযুক্ত পদক্ষেপ লোৱা প্ৰয়োজন যাতে অনাগত দিনবোৰত এই সমস্যা বৃদ্ধি নহয়। "

মন কৰিবলগীয়া যে কেৱল যোশীমঠতে নহয়, কৰ্ণপ্ৰয়াগ, উত্তৰকাশী, গুপ্তকাশী, ঋষিকেশ, নয়নিতাল, মুচুৰীকে ধৰি বহু ঠাইতো বহু ঘৰত  ফাট মেলিছে। হৈছে। এক কথাত ক’বলৈ গ’লে মাটিৰ তললৈ ক্ৰমাৎ সোমাই গৈছে যোশীমঠ চহৰ। আৰু হয়তোকিছুদিনৰ পিছতেচহৰ খনৰ কোনো চিনেই নাথাকিব। উত্তৰাখণ্ডৰ এইচহৰ খনৰ এনে বিপৰ্যয় হ'ল কিয়? শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি যোশীমঠৰ দুৰ্যোগৰ বাবে দায়ী  জলবিদ্যুৎ প্ৰকল্পৰ বাবে খনন কৰা এটা সুৰংগ। 

 ২০০৯ চনত খনন আৰম্ভ কৰা এইসুৰংগটোৱে প্ৰকৃতিৰ দ্বাৰা সৃষ্ট  বিশাল জলাশয়ত স্পৰ্শ কৰিছিল। ফলত  হাজাৰ গেলন পানী সেই জলাধাৰৰ পৰা ওলাই আহিছিল। লাহে লাহে জলাধাৰটো শুকাই যোৱাৰ ফলত পানীৰ অন্যান্য উৎসও শুকাই যায় আৰু সমগ্ৰ এলেকাটো ফোপোলা হৈ পৰে।  বিশেষজ্ঞসকলে দাবী কৰিছে  যে বিশাল জলাশয়টো শুকাই যোৱাৰ বাবেই   অঞ্চলটোৰ মাটি শুকাই গৈছে আৰু ফোঁপোলা হৈ পৰিছে।

 ফলস্বৰূপে ওপৰৰ সকলো বস্তু ক্ৰমাৎ তললৈ বহি গৈছে। যোশীমঠ চহৰ মুখ্যতঃ ভূমিস্খলন প্ৰৱণ এলেকাত অৱস্থিত এখন চহৰ। গতিকে তাত মাটি ঢিলা হৈয়েই থাকে । ইয়াৰ লগতে  মুক্তভাৱে পাহাৰ কাটি চহৰখনৰ সম্প্ৰসাৰণ কৰা, জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকৰা, ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মাটি কটাৰ ফলত পৰিস্থিতি অধিক বেয়াৰ পিনে গতি কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে