--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডুবন্ত চহৰ যোশীমঠত নতুন আতংকই বিৰাজ কৰিছে। কেইমাহমান পূৰ্বে যোশীমঠৰ বহু ঘৰত ফাট মেলাৰ পিছত এইবাৰ নতুনকৈ পুনৰ  কেইবাটাও ঘৰত ফাট মেলা দেখা গৈছিল। উদ্বেগজনক ভাৱে নতুনকৈ ফাট মেলা  এই ঘৰবোৰ সুৰক্ষিত অঞ্চলত অৱস্থিত।

গংগানগৰ 'হালধীয়া অঞ্চল'ৰ অন্তৰ্গত। যাক সুৰক্ষিত এলেকা  বুলি গণ্য কৰা হৈছিল। এইবাৰ সেই এলেকাতো বহু ঘৰত  ফাট মেলিছে। ইয়াৰ পূৰ্বে, সুনীল, মনোহৰ বাগ, ৰবিগ্ৰাম আৰু সিংধৰৰ দৰে অঞ্চলত বহু ঘৰত  ফাট মেলা  দেখা গৈছিল। স্থানীয় বাসিন্দা বীৰেন্দ্ৰলাল তামতাই কৈছিল যে তেওঁৰ ঘৰত আগতে কোনো ফাট মেলা নাছিল। কিন্তু এতিয়া মেলিছে।

 চলিত বৰ্ষৰ জানুৱাৰী মাহত যোশীমঠৰ ঘৰত ফাট মেলা বিষয়টোকলৈ  সমগ্ৰ দেশতে উদ্বেগ বৃদ্ধি পাইছিল। পদ্মভূষণ-বিজয়ী পৰিৱেশবিদ অনিল যোশীয়ে কয়, "প্ৰশাসনে এই ক্ষেত্ৰত কোনো মনোযোগ দিয়া নাই। অন্ততঃ মই যোশীমঠৰ অৱস্থাত একেবাৰে আচৰিত নহয়। ১৯৭৬ চনৰ পৰা এই বিষয়টোৱে  সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। কিন্তু কোনেও ইয়াক গুৰুত্বসহকাৰে লোৱা নাই। এতিয়া উপযুক্ত পদক্ষেপ লোৱা প্ৰয়োজন যাতে অনাগত দিনবোৰত এই সমস্যা বৃদ্ধি নহয়। "

মন কৰিবলগীয়া যে কেৱল যোশীমঠতে নহয়, কৰ্ণপ্ৰয়াগ, উত্তৰকাশী, গুপ্তকাশী, ঋষিকেশ, নয়নিতাল, মুচুৰীকে ধৰি বহু ঠাইতো বহু ঘৰত  ফাট মেলিছে। হৈছে। এক কথাত ক’বলৈ গ’লে মাটিৰ তললৈ ক্ৰমাৎ সোমাই গৈছে যোশীমঠ চহৰ। আৰু হয়তোকিছুদিনৰ পিছতেচহৰ খনৰ কোনো চিনেই নাথাকিব। উত্তৰাখণ্ডৰ এইচহৰ খনৰ এনে বিপৰ্যয় হ'ল কিয়? শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি যোশীমঠৰ দুৰ্যোগৰ বাবে দায়ী  জলবিদ্যুৎ প্ৰকল্পৰ বাবে খনন কৰা এটা সুৰংগ। 

 ২০০৯ চনত খনন আৰম্ভ কৰা এইসুৰংগটোৱে প্ৰকৃতিৰ দ্বাৰা সৃষ্ট  বিশাল জলাশয়ত স্পৰ্শ কৰিছিল। ফলত  হাজাৰ গেলন পানী সেই জলাধাৰৰ পৰা ওলাই আহিছিল। লাহে লাহে জলাধাৰটো শুকাই যোৱাৰ ফলত পানীৰ অন্যান্য উৎসও শুকাই যায় আৰু সমগ্ৰ এলেকাটো ফোপোলা হৈ পৰে।  বিশেষজ্ঞসকলে দাবী কৰিছে  যে বিশাল জলাশয়টো শুকাই যোৱাৰ বাবেই   অঞ্চলটোৰ মাটি শুকাই গৈছে আৰু ফোঁপোলা হৈ পৰিছে।

 ফলস্বৰূপে ওপৰৰ সকলো বস্তু ক্ৰমাৎ তললৈ বহি গৈছে। যোশীমঠ চহৰ মুখ্যতঃ ভূমিস্খলন প্ৰৱণ এলেকাত অৱস্থিত এখন চহৰ। গতিকে তাত মাটি ঢিলা হৈয়েই থাকে । ইয়াৰ লগতে  মুক্তভাৱে পাহাৰ কাটি চহৰখনৰ সম্প্ৰসাৰণ কৰা, জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকৰা, ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মাটি কটাৰ ফলত পৰিস্থিতি অধিক বেয়াৰ পিনে গতি কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ