--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ আগষ্ট শনিবাৰে ভাৰতৰ মটৰস্পৰ্ট কৰাসকল আৰু ইয়াৰ অনুৰাগীসকলৰ বাবে এক বৃহৎ দুঃখবৰ আহি পৰে। চেন্নাইত এখন ৰেচৰ সময়ত ভাৰতৰ ১৩ বছৰীয়া বাইক আৰোহীৰ মৃত্যু হয়। বাংগালুৰুৰ উদীয়মান ৰেচাৰ শ্ৰেয়ছ হৰিশে মাদ্ৰাজ ইণ্টাৰনেশ্যনেল চাৰ্কিটত সংঘটিত দুৰ্ঘটনাত পতিত হয়, য’ত যুৱ ৰেচাৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।ততাতৈয়াকৈ ৰেচিং ট্ৰেকৰ সমীপত অৱস্থিত এম্বুলেন্সত উঠি তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেতিয়ালৈকে হৰিশৰ মৃত্যু হয়। উল্লেখযোগ্য যে এই যুৱ ৰেচাৰজনে কম সময়ৰ ভিতৰতে বহু ৰেচত জয়ী হৈ নিজৰ বাবে এক বিশেষ পৰিচয় গঢ়ি তুলিছিল।

৯ বছৰ বয়সৰ পৰা বাইক ৰেচিং কৰি অহা শ্ৰেয়াছ হৰিছে এম আৰ এফ এম এম এছ চি এফ এম এছ চি আই ইণ্ডিয়ান নেশ্যনেল মটৰ চাইকেল ৰেচিং চেম্পিয়নশ্বিপ ২০২৩ত অংশগ্ৰহণ কৰিছিল। মাদ্ৰাজ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত অনুষ্ঠিত হৈ থকা এই চেম্পিয়নশ্বিপত তৃতীয় ৰাউণ্ডৰ ৰেচ ৫ আগষ্ট শনিবাৰে অনুষ্ঠিত হৈছিল, তেতিয়া এই দুৰ্ঘটনা সংঘটিত হৈছিল।

ৰেচৰ একেবাৰে আৰম্ভণিতে যেতিয়া সকলো দৌৰবিদে প্ৰথম টাৰ্ণ পাৰ হৈ আছিল, তেতিয়া এটা দুৰ্ঘটনা ঘটিছিল, য’ত শ্ৰেয়াছ বাইকৰ পৰা পৰি যায়। এই দুৰ্ঘটনাৰ বাবেই ১৩ বছৰীয়া ৰেচাৰগৰাকী মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ দুৰ্ঘটনাটোৰ লগে লগে ষ্টেণ্ডাৰ্ড প্ৰট’কলৰ অধীনত ৰঙা পতাকা দেখুৱাই ৰেচ বন্ধ কৰা হয় আৰু তাতেই ৰেচ শেষ হয়।

ছ’চিয়েল মিডিয়াত জনপ্ৰিয়ভাৱে ‘দ্য বেংগালুৰু কিড’ নামেৰে পৰিচিত শ্ৰেয়াছে ২০১০ চনত জন্মগ্ৰহণ কৰা শ্ৰেয়াছে যোৱা চাৰি বছৰ ধৰি ৰেচিং কৰি আহিছে। ১০ দিন পূৰ্বে ২৬ জুলাইত ১৩ সংখ্যক জন্মদিন উদযাপন কৰা শ্ৰেয়াছে নিজকে আৰু দেশক গৌৰান্বিত কৰাৰ প্ৰয়াসত পেছাদাৰী মটৰ ৰেচিঙত শক্তিশালী অভিষেক ঘটাই ৰাষ্ট্ৰীয় পৰ্যায়ত কেইখনমান ৰেচত জয়লাভ কৰে। স্প’ৰ্টষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি চলিত ছিজনটোতেই শ্ৰেয়াছে টিভিএছ ৱান মেক চেম্পিয়নশ্বিপৰ ৰুকী শাখাত একেৰাহে ৪খন ৰেচত জয়লাভ কৰিছিল।

এইবাৰ মাদ্ৰাজ চাৰ্কিটত এনে দ্বিতীয়টো দুৰ্ঘটনা, য’ত এজন ৰেচাৰে প্ৰাণ হেৰুৱাইছে। বছৰৰ আৰম্ভণিতে এনে এটা বেদনাদায়ক দুৰ্ঘটনা সংঘটিত হৈছিল। তাৰ পাছত গাড়ী ৰেচৰ সময়ত ৫৯ বছৰীয়া ৰেচাৰ কে ই কুমাৰৰ গাড়ীখন ট্ৰেকৰ পৰা পিছলি গৈ চাইড ৰেলিঙত খুন্দা মাৰে, য’ত কুমাৰৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস