--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ আগষ্ট শনিবাৰে ভাৰতৰ মটৰস্পৰ্ট কৰাসকল আৰু ইয়াৰ অনুৰাগীসকলৰ বাবে এক বৃহৎ দুঃখবৰ আহি পৰে। চেন্নাইত এখন ৰেচৰ সময়ত ভাৰতৰ ১৩ বছৰীয়া বাইক আৰোহীৰ মৃত্যু হয়। বাংগালুৰুৰ উদীয়মান ৰেচাৰ শ্ৰেয়ছ হৰিশে মাদ্ৰাজ ইণ্টাৰনেশ্যনেল চাৰ্কিটত সংঘটিত দুৰ্ঘটনাত পতিত হয়, য’ত যুৱ ৰেচাৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।ততাতৈয়াকৈ ৰেচিং ট্ৰেকৰ সমীপত অৱস্থিত এম্বুলেন্সত উঠি তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেতিয়ালৈকে হৰিশৰ মৃত্যু হয়। উল্লেখযোগ্য যে এই যুৱ ৰেচাৰজনে কম সময়ৰ ভিতৰতে বহু ৰেচত জয়ী হৈ নিজৰ বাবে এক বিশেষ পৰিচয় গঢ়ি তুলিছিল।

৯ বছৰ বয়সৰ পৰা বাইক ৰেচিং কৰি অহা শ্ৰেয়াছ হৰিছে এম আৰ এফ এম এম এছ চি এফ এম এছ চি আই ইণ্ডিয়ান নেশ্যনেল মটৰ চাইকেল ৰেচিং চেম্পিয়নশ্বিপ ২০২৩ত অংশগ্ৰহণ কৰিছিল। মাদ্ৰাজ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত অনুষ্ঠিত হৈ থকা এই চেম্পিয়নশ্বিপত তৃতীয় ৰাউণ্ডৰ ৰেচ ৫ আগষ্ট শনিবাৰে অনুষ্ঠিত হৈছিল, তেতিয়া এই দুৰ্ঘটনা সংঘটিত হৈছিল।

ৰেচৰ একেবাৰে আৰম্ভণিতে যেতিয়া সকলো দৌৰবিদে প্ৰথম টাৰ্ণ পাৰ হৈ আছিল, তেতিয়া এটা দুৰ্ঘটনা ঘটিছিল, য’ত শ্ৰেয়াছ বাইকৰ পৰা পৰি যায়। এই দুৰ্ঘটনাৰ বাবেই ১৩ বছৰীয়া ৰেচাৰগৰাকী মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ দুৰ্ঘটনাটোৰ লগে লগে ষ্টেণ্ডাৰ্ড প্ৰট’কলৰ অধীনত ৰঙা পতাকা দেখুৱাই ৰেচ বন্ধ কৰা হয় আৰু তাতেই ৰেচ শেষ হয়।

ছ’চিয়েল মিডিয়াত জনপ্ৰিয়ভাৱে ‘দ্য বেংগালুৰু কিড’ নামেৰে পৰিচিত শ্ৰেয়াছে ২০১০ চনত জন্মগ্ৰহণ কৰা শ্ৰেয়াছে যোৱা চাৰি বছৰ ধৰি ৰেচিং কৰি আহিছে। ১০ দিন পূৰ্বে ২৬ জুলাইত ১৩ সংখ্যক জন্মদিন উদযাপন কৰা শ্ৰেয়াছে নিজকে আৰু দেশক গৌৰান্বিত কৰাৰ প্ৰয়াসত পেছাদাৰী মটৰ ৰেচিঙত শক্তিশালী অভিষেক ঘটাই ৰাষ্ট্ৰীয় পৰ্যায়ত কেইখনমান ৰেচত জয়লাভ কৰে। স্প’ৰ্টষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি চলিত ছিজনটোতেই শ্ৰেয়াছে টিভিএছ ৱান মেক চেম্পিয়নশ্বিপৰ ৰুকী শাখাত একেৰাহে ৪খন ৰেচত জয়লাভ কৰিছিল।

এইবাৰ মাদ্ৰাজ চাৰ্কিটত এনে দ্বিতীয়টো দুৰ্ঘটনা, য’ত এজন ৰেচাৰে প্ৰাণ হেৰুৱাইছে। বছৰৰ আৰম্ভণিতে এনে এটা বেদনাদায়ক দুৰ্ঘটনা সংঘটিত হৈছিল। তাৰ পাছত গাড়ী ৰেচৰ সময়ত ৫৯ বছৰীয়া ৰেচাৰ কে ই কুমাৰৰ গাড়ীখন ট্ৰেকৰ পৰা পিছলি গৈ চাইড ৰেলিঙত খুন্দা মাৰে, য’ত কুমাৰৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়