--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ শেহতীয়া স্থিতিৰ পাছতে ৰাজ্যৰ ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে৷ দুলীয়াজানত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হৈ নৈশ ভোজন কৰাৰ পাছতে জ্যেষ্ঠ কংগ্ৰেছী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰিব বুলি খবৰ ওলাইছে৷ বিজেপিৰ নেতা-মন্ত্ৰী-বিধায়কৰ উপস্থিতিত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা ঘাটোৱাৰ বিজেপিলৈ গমন কৰাতো প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক মহল আৰু সামাজিক মাধ্যমত চৰ্চা চলিছে৷

পৱন সিং ঘাটোৱাৰে মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাছতে মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰামেশ্বৰ তেলীয়ে মুখ খুলিছে৷ তেলীয়ে দুলীয়াজানত ঘাটোৱাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ সম্পৰ্কত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও পৱন সিং ঘাটোৱাৰে কেৱল বন্ধ হৈ থকা মদাৰখাট চাহ বাগিচাখন পুনৰ আৰম্ভ কৰাৰ বাবেবে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা বুলি সদৰি কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী তথা চাহ জনগোষ্ঠীৰ অন্যতম প্ৰতিনিধি নেতা ৰামেশ্বৰ তেলীয়ে স্পষ্টকৈ নক’লেও ৰাজনীতিৰ ভূ ৰখাসকলে ইতিমধ্যে বুজি উঠিছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা চাহ জনগোষ্ঠীয় নেতা পৱন সিং ঘাটোৱাৰ পূৰ্বৰ দৰে শক্তিশালী কংগ্ৰেছ নেতা হৈ থকা নাই৷

মুখ্যমন্ত্ৰীৰ সৈতে ঘাটোৱাৰৰ এয়াই প্ৰথম বৈঠক নহয়৷ ইয়াৰ পূৰ্বেও নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে গোপনে বৈঠকত মিলিত হোৱাৰ খবৰ ওলাইছিল৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পাঁচবাৰকৈ সংসদলৈ নিৰ্বাচিত হোৱা নেতাগৰাকীয়ে শেহতীয়াকৈ অসমৰ ৰাজ্যসভাৰ খালী হ’বলগীয়া আসনৰ পৰা নিৰ্বাচিত হ’বলৈ মন মেলি বিজেপিত যোগদানৰ প্ৰস্তুতি চলোৱা বুলি খবৰ ওলাইছে৷ ২০১১ চনৰ পৰা ২০১৪ চনলৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), উত্তৰ-পূব অঞ্চলৰ উন্নয়ন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পৱন সিং ঘাটোৱাৰক শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয়ৰূপত দেখিবলৈ পোৱা নগৈছিল৷ আনকি, অসম প্ৰদেশ কংগ্ৰেছৰ বিপৰ্যয়ৰ মুহূৰ্তবোৰতো নিৰাপদ দুৰত্বত অৱস্থান কৰিছিল এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছীয়ে৷


উইকিলিক্সে ২০১১ চনত ভাৰতীয় চুইছ বেংক একাউণ্ট ধাৰকসকলৰ এখন তালিকা প্ৰকাশ কৰিছিল, য’ত নাম সাঙোৰ খাইছিল এইগৰাকী পৱন সিং ঘাটোৱাৰৰ৷ দীৰ্ঘদিনে ৰাজনৈতিক ক্ষমতাৰ পৰা আঁতৰি থাকিবলগা হোৱাত এইগৰাকী নেতাই এতিয়া ক্ষমতাৰ স্বাৰ্থতে বিজেপিলৈ মন মেলা বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মন্তব্য প্ৰকাশ কৰিছে৷ আজীৱন চাহ জনগোষ্ঠীৰ কল্যাণ সাধনকে জীৱনৰ সেৱা বুলি কৈ অহা নেতাগৰাকীয়ে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে বিশেষ উল্লেখনীয় কোনো কামেই কৰা পৰিলক্ষিত নহ’ল৷ এতিয়া পুনৰ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ মন মেলা জ্যেষ্ঠ কংগ্ৰেছীগৰাকীৰ পৰৱৰ্তী ৰাজনৈতিক পৰিক্ৰমা কেনেধৰণৰ হয় সেয়া লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ