--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ শেহতীয়া স্থিতিৰ পাছতে ৰাজ্যৰ ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে৷ দুলীয়াজানত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হৈ নৈশ ভোজন কৰাৰ পাছতে জ্যেষ্ঠ কংগ্ৰেছী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰিব বুলি খবৰ ওলাইছে৷ বিজেপিৰ নেতা-মন্ত্ৰী-বিধায়কৰ উপস্থিতিত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা ঘাটোৱাৰ বিজেপিলৈ গমন কৰাতো প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক মহল আৰু সামাজিক মাধ্যমত চৰ্চা চলিছে৷

পৱন সিং ঘাটোৱাৰে মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাছতে মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰামেশ্বৰ তেলীয়ে মুখ খুলিছে৷ তেলীয়ে দুলীয়াজানত ঘাটোৱাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ সম্পৰ্কত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও পৱন সিং ঘাটোৱাৰে কেৱল বন্ধ হৈ থকা মদাৰখাট চাহ বাগিচাখন পুনৰ আৰম্ভ কৰাৰ বাবেবে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা বুলি সদৰি কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী তথা চাহ জনগোষ্ঠীৰ অন্যতম প্ৰতিনিধি নেতা ৰামেশ্বৰ তেলীয়ে স্পষ্টকৈ নক’লেও ৰাজনীতিৰ ভূ ৰখাসকলে ইতিমধ্যে বুজি উঠিছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা চাহ জনগোষ্ঠীয় নেতা পৱন সিং ঘাটোৱাৰ পূৰ্বৰ দৰে শক্তিশালী কংগ্ৰেছ নেতা হৈ থকা নাই৷

মুখ্যমন্ত্ৰীৰ সৈতে ঘাটোৱাৰৰ এয়াই প্ৰথম বৈঠক নহয়৷ ইয়াৰ পূৰ্বেও নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে গোপনে বৈঠকত মিলিত হোৱাৰ খবৰ ওলাইছিল৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পাঁচবাৰকৈ সংসদলৈ নিৰ্বাচিত হোৱা নেতাগৰাকীয়ে শেহতীয়াকৈ অসমৰ ৰাজ্যসভাৰ খালী হ’বলগীয়া আসনৰ পৰা নিৰ্বাচিত হ’বলৈ মন মেলি বিজেপিত যোগদানৰ প্ৰস্তুতি চলোৱা বুলি খবৰ ওলাইছে৷ ২০১১ চনৰ পৰা ২০১৪ চনলৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), উত্তৰ-পূব অঞ্চলৰ উন্নয়ন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পৱন সিং ঘাটোৱাৰক শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয়ৰূপত দেখিবলৈ পোৱা নগৈছিল৷ আনকি, অসম প্ৰদেশ কংগ্ৰেছৰ বিপৰ্যয়ৰ মুহূৰ্তবোৰতো নিৰাপদ দুৰত্বত অৱস্থান কৰিছিল এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছীয়ে৷


উইকিলিক্সে ২০১১ চনত ভাৰতীয় চুইছ বেংক একাউণ্ট ধাৰকসকলৰ এখন তালিকা প্ৰকাশ কৰিছিল, য’ত নাম সাঙোৰ খাইছিল এইগৰাকী পৱন সিং ঘাটোৱাৰৰ৷ দীৰ্ঘদিনে ৰাজনৈতিক ক্ষমতাৰ পৰা আঁতৰি থাকিবলগা হোৱাত এইগৰাকী নেতাই এতিয়া ক্ষমতাৰ স্বাৰ্থতে বিজেপিলৈ মন মেলা বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মন্তব্য প্ৰকাশ কৰিছে৷ আজীৱন চাহ জনগোষ্ঠীৰ কল্যাণ সাধনকে জীৱনৰ সেৱা বুলি কৈ অহা নেতাগৰাকীয়ে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে বিশেষ উল্লেখনীয় কোনো কামেই কৰা পৰিলক্ষিত নহ’ল৷ এতিয়া পুনৰ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ মন মেলা জ্যেষ্ঠ কংগ্ৰেছীগৰাকীৰ পৰৱৰ্তী ৰাজনৈতিক পৰিক্ৰমা কেনেধৰণৰ হয় সেয়া লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু