--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জ্যেষ্ঠ পুত্ৰ ট্ৰাম্প জুনিয়ৰ আৰু তেওঁৰ জীয়ৰী ইভাঙ্কা ট্ৰাম্পক নিউয়ৰ্কৰ এখন আদালতে তলব কৰিছে। নিউয়ৰ্ক আদালতৰ এটৰ্নী জেনেৰেল লেটিটিয়া জেমছে ট্ৰাম্পৰ দুই সন্তানক ব্যৱসায়িক নথি-পত্ৰৰ অনুসন্ধানৰ বাবে তলব কৰা বুলি জানিবলৈ পোৱা গৈছে। সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ দুই সন্তানক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰিছিল।

ইয়াৰপূৰ্বেও, আদালতে ট্ৰাম্পৰ সন্তানৰ সম্পত্তিৰ তথ্য বিচাৰি তেওঁলোকক একাধিকবাৰ তলব কৰিছিল। কিন্তু নিৰ্দেশ অনুসৰি আদালতত হাজিৰ হোৱা নাছিল ট্ৰাম্প জুনিয়ৰ আৰু ইভাঙ্কা। এইবাৰো ট্ৰাম্প জুনিয়ৰ আৰু ইভাঙ্কা ট্ৰাম্পে আদালতত হাজিৰ নোহোৱাৰে সম্ভাৱনা অধিক ঘণীভূত হৈ পৰিছে। লক্ষণীয়ভাৱে, কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে সম্পত্তিৰ ভুল তথ্য প্ৰেৰণ কৰা বুলি ট্ৰাম্প সন্তানৰ বিৰুদ্ধে আছে দীৰ্ঘদিনীয়া অভিযোগ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু